বিকাজী ফুডছ-এ "বিকাজী খাও, লণ্ডন যাও" অভিযানৰ বিজয়ীসকলক লগত লৈ আনন্দ আৰু উপহাৰ প্ৰদানৰ যোগেদি উদযাপন কৰে: দীপাৱলী উৎসৱ! - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 6 November 2024

demo-image

বিকাজী ফুডছ-এ "বিকাজী খাও, লণ্ডন যাও" অভিযানৰ বিজয়ীসকলক লগত লৈ আনন্দ আৰু উপহাৰ প্ৰদানৰ যোগেদি উদযাপন কৰে: দীপাৱলী উৎসৱ!

Responsive Ads Here

IMG-20241106-WA0061

 


W7s news,,,গুৱাহাটী নৱেম্বৰ ২০২৪: দীপাৱলীৰ এই উৎসৱৰ বতৰত, "বিকাজী খাও, লণ্ডন যাও" অভিযানৰ যোগেদি বিজয়ীসকলৰ মাজত এক আনন্দৰ লহৰ চলি আছে। এতিয়ালৈকে,৮ জন সৌভাগ্যৱান বিজয়ী ব্যক্তিয়ে লণ্ডন ভ্ৰমণ, ৫০ টাতকৈ অধিক চেমচাং টিভি, ১০০ ৰো অধিক চেমচাং ট্ৰলী আৰু 20 ৰো অধিক বিজয়ী লোকে TVS জুপিটাৰ স্কুটাৰ লাভ কৰিছে।


ছেপ্টেম্বৰ মাহত আৰম্ভ হোৱা এই অভিযানে গ্ৰাহকসকলৰ হৃদয় স্পৰ্শ কৰি গৈছে। ইয়াত বিশেষভাৱে নিৰ্ধাৰণ কৰি দিয়া সামগ্ৰীসমূহ ক্ৰয় কৰাৰ পিছত, গ্ৰাহকসকলে কেৱল কিছুমান নিশ্চিত উপহাৰ লাভ কৰাই নহয়, তাৰ লগতে কেতবোৰ অধিক মূল্যৰ পুৰস্কাৰ জিকাৰো সুবিধা লাভ কৰে। শেহতীয়াকৈ বিভিন্ন ৰাজ্যত আয়োজন কৰা সমাৰোহ অনুষ্ঠানসমূহত বিজয়ীসকলক সম্বৰ্ধনা জনোৱা হয়, যাৰ ফলত এক সামাজিক চেতনা তথা উদযাপনৰ পৰিৱেশ সৃষ্টি হয়।


বিকাজী ফুডছ ইণ্টাৰনেচনেলৰ চিঅ'অ' মনোজ বাৰ্মাই কয়, "আমাৰ গ্ৰাহকসকলে দীপাৱলীৰ এই আন্দময় সময়খিনিত তেওঁলোকৰ বিজয় অনুষ্ঠান উদযাপন কৰি থকা দেখিবলৈ পাই অতি আনন্দিত হৈছোঁ।  'বিকাজী খাও, লণ্ডন যাও' অভিযান কেৱল এক প্ৰচাৰৰে মাধ্যম নহয়, ই হৈছে গ্ৰাহকসকলৰ বাবে এক স্মৰণীয় অভিজ্ঞতা সৃষ্টি কৰাৰো মাধ্যম।”বিকাজী ফুডছৰ বিপণন বিভাগৰ উপাধ্যক্ষ নেহা ৰাৱে কয়, "আমাৰ বিজয়ী ব্যক্তিসকলৰ আনন্দই হৈছে আমাৰ বাবে আটাইতকৈ ডাঙৰ পুৰস্কাৰ। আমি এই অভিযানৰ জৰিয়তে উপভোক্তাসকলৰ সহযোগিতা বৃদ্ধি কৰাত যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছোঁ।”দীপাৱলীৰ দিন যিমানেই ওচৰ চাপি আহিছে, "বিকাজী খাও, লণ্ডন যাও" অভিযানৰ যোগেদি আনন্দ আৰু উপহাৰৰ এই অনুষ্ঠান সকলোৰে বাবে এক অনন্য অভিজ্ঞতা হৈ পৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *