ক্ৰীড়া হৈছে শিক্ষাৰ এক অত্যাৱশ্যকীয় উপাদান যিয়ে শিক্ষাবিদসকলৰ শিক্ষণ পৰিসৰৰ উৰ্ধ্বত জীৱন সমৃদ্ধকাৰী জ্ঞান প্ৰদান কৰে। শৈক্ষিক পৰিকাঠামোত ক্ৰীড়াক অন্তৰ্ভুক্ত কৰি আমি শ্ৰেণীকোঠাৰ পৰিধি ভাঙি, দক্ষতাৰে পৰিপুষ্ট সমগ্ৰ দিশৰ পৰাই বিকশিত ব্যক্তি গঢ়ি তুলিব পাৰো।” - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 26 November 2024

ক্ৰীড়া হৈছে শিক্ষাৰ এক অত্যাৱশ্যকীয় উপাদান যিয়ে শিক্ষাবিদসকলৰ শিক্ষণ পৰিসৰৰ উৰ্ধ্বত জীৱন সমৃদ্ধকাৰী জ্ঞান প্ৰদান কৰে। শৈক্ষিক পৰিকাঠামোত ক্ৰীড়াক অন্তৰ্ভুক্ত কৰি আমি শ্ৰেণীকোঠাৰ পৰিধি ভাঙি, দক্ষতাৰে পৰিপুষ্ট সমগ্ৰ দিশৰ পৰাই বিকশিত ব্যক্তি গঢ়ি তুলিব পাৰো।”


 “

গুৱাহাটীস্থিত মডাৰ্ণ ইংলিছ একাডেমীয়ে দিপাংকৰছ্ বেডমিণ্টন একাডেমীৰ সহযোগিতাত মুকলি কৰিব এম ই এছ-দীপাংকৰছ্ বেডমিণ্টন একাডেমী (এম ই এছ –ডি বি এ) শীৰ্ষক অসমৰ প্ৰথমখন সংযুক্ত বেডমিণ্টন একাডেমী   


W7s news,,নৱেম্বৰ ২৬, গুৱাহাটী, অসম – মডাৰ্ণ ইংলিছ স্কুল (এম ই এছ), গুৱাহাটীয়ে পৰম উৎসাহেৰে ভাৰতৰ একমাত্ৰ পুৰুষ বেডমিণ্টন ডাবল অলিম্পিয়ান দীপংকৰ ভট্টাচাৰ্যৰ নেতৃত্বাধীন দীপাংকৰছ্ বেডমিণ্টন একাডেমী (ডি বি এ) নামৰ ক্ৰীড়া প্ৰতিষ্ঠানটিৰ সৈতে পোনপ্ৰথমবাৰৰ বাবে এক অংশীদাৰীত্ব ঘোষণা কৰিছে। এম ই এছ –ডি বি এৰ লক্ষ্য হৈছে উচ্চ মানদণ্ডৰ প্ৰদৰ্শনমূলক বেডমিণ্টন প্ৰশিক্ষণক শৈক্ষিক উৎকৰ্ষতাৰ সৈতে একত্ৰিত কৰি কোৰ্টৰ ভিতৰে-বাহিৰে শিক্ষাৰ্থীসকলক কিছু গুৰুত্বপূৰ্ণ দক্ষতা বিকাশ কৰাৰ এক অতুলনীয় সুযোগ প্ৰদান কৰা।  


মুখ্য আকৰ্ষণসমূহ:

১) অলিম্পিয়ান নেতৃত্বাধীন উৎকৃষ্ট প্ৰশিক্ষণ: দীপাংকৰ ভট্টাচাৰ্য আৰু তেওঁৰ দ্বাৰা নিৰ্বাচিত বিশেষজ্ঞ প্ৰশিক্ষক দলটোৰ অধীনত শিক্ষাৰ্থীসকলে উচ্চ পৰ্যায়ৰ বেডমিণ্টনৰ প্ৰশিক্ষণ লাভ কৰিব।

২) বিদেশী প্ৰশিক্ষক: দীপাংকৰ ভট্টাচাৰ্যই যুটীয়াভাৱে সাজু কৰি তোলা এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন কৰিবলৈ কেন্দ্ৰটোত বিদেশী প্ৰশিক্ষকক নিযুক্ত কৰিবলৈ আগ্ৰহী। 

৩) বৈজ্ঞানিকভাৱে পৰিকল্পিত পাঠ্যক্ৰম: যুৱ খেলুৱৈসকলৰ দক্ষতা, সুস্থতা আৰু মানসুক দৃঢ়তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মিত এক সংগঠিত, বিজ্ঞান-আধাৰিত প্ৰশিক্ষণ কাৰ্যসূচী।

৪) সময়ৰেখা-আধাৰিত পদোন্নতি: প্ৰদৰ্শনৰ ওপৰত আধাৰিত কৰি সকলো শিক্ষাৰ্থীৰ বাবে অনন্য প্ৰগতিমূলক পথৰেখা সৃষ্টি, যাতে তেওঁলোকে নিজস্ব গতিত আগবাঢ়িব পাৰে।

৫)শিক্ষাৰ সৈতে বাধাহীন একত্ৰীকৰণ: বিদ্যালয়ৰ শিথিল অনুসূচীয়ে নিশ্চিত কৰে যাতে শিক্ষাৰ্থীসকলে ক্ৰীড়া আৰু অধ্যয়নৰ মাজত যিকোনো এটা বিকল্প বাছনি কৰিবলগীয়া নহয়, ইয়াৰ ফলত তেওঁলোকে সফলতাৰে দুয়োটা ক্ষেত্ৰতেই সঠিক ভাৰসাম্য ৰক্ষা কৰিব পাৰে। 

৬) অত্যাধুনিক আন্তঃগাঁথনি: এম ই এছ- দীপাংকৰছ্ বেডমিণ্টন একাডেমীত অত্যাধুনিক খেলৰ সুবিধা আছে, যিয়ে ইয়াক অসমৰ একমাত্ৰ বিদ্যালয় হিচাপে সজ্জিত কৰি তুলিছে। ইয়াত অন্তৰ্ভুক্ত হৈ আছে: 

পেছাদাৰী মানদণ্ড পূৰণ কৰাৰ বাবে প্ৰস্তুত কৰা ছিনথেটিক ফ্লোৰিংৰ সৈতে পাঁচটা উচ্চ-মানদণ্ডৰ কাঠৰ বেডমিণ্টন কোৰ্ট।

শক্তি, ক্ষিপ্ৰতা আৰু সহনশীলতা বৃদ্ধি কৰাৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জামৰ সৈতে উপলব্ধ এক বিশেষ শক্তি আৰু অভ্যস্তকৰণ এলেকা।

গুৱাহাটীৰ বাহিৰৰ শিক্ষাৰ্থীসকলৰ সুবিধাজনক আহ-জাহ নিশ্চিত কৰিবলৈ ওচৰতে থকা সুলভ আৱাসৰ সুবিধা।

৭) প্ৰশিক্ষকসকল

ভাৰতৰ হাৰিয়ানাৰ পৰা অহা মুখ্য প্ৰশিক্ষক গৌৰৱ মালহান

ইণ্ডোনেছিয়াৰ ইষ্ট জাভাৰ পৰা অহা জ্যেষ্ঠ প্ৰশিক্ষক আন্দ্ৰি ৰামজা ৰহমদানি

গুৱাহাটীৰ জ্যেষ্ঠ প্ৰশিক্ষক অনিল কুমাৰ ৰাউট

মধ্য প্ৰদেশৰ চটৰপুৰৰ পৰা অহা সহকাৰী প্ৰশিক্ষক অঞ্জন শ্ৰীৱাছ


অলিম্পিয়ান দীপাংকৰ ভট্টাচাৰ্যই কয়, “অসমলৈ উভতি অহাটো এনে এক অনুভৱ যিটো মই সদায় মোৰ হৃদয়ত গভীৰ অনুভৱ কৰি আহিছো। মই পৃথিৱী ভ্ৰমণ কৰিছোঁ, সৰ্বোচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লৈছোঁ, কিন্তু মোৰ যাত্ৰা অসমতে আৰম্ভ হৈছিল। মই আজিপৰ্যন্ত বেডমিণ্টনত অসমৰ একমাত্ৰ অলিম্পিয়ান হোৱাৰ বাবে ধন্য আৰু মই সেই খিতাপটো গৌৰৱেৰে গ্ৰহণ কৰোঁ। কিংবদন্তী বুলি পৰিগণিত হোৱাটো এক সন্মান, কিন্তু তাতোকৈ উৰ্ধ্বত, ই হৈছে মই বহন কৰা দায়িত্বৰ স্মাৰক। এগৰাকী ব্যক্তিৰ বাবে অতীতৰ সাফল্যৰ ওপৰত নিৰ্ভৰ কৰি চলাটোৱেই যথেষ্ট নহয়; এতিয়া এই সফলতাৰ মূল্য ওভতাই দিয়াৰ সময় হৈছে, আমাৰ ক্ৰীড়া পৰিস্থিতিতন্ত্ৰৰ ওপৰত থকা প্ৰত্যাহ্বান আৰু অনিশ্চয়তাৰ পৰিধি ভাঙি এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। সেয়েহে মই ইয়াত আছোঁ – মনৰ বিকাশ সাধন আৰু চেম্পিয়নসকলক অনুপ্ৰাণিত কৰিবলৈ। এইটো কেৱল এম ই এছ-ডি বি এৰ বাবে এটা টেগলাইন নহয়; এয়া মোৰ মূলমন্ত্ৰ আৰু মোৰ জীৱনৰ উদ্দেশ্য।"


মডাৰ্ণ ইংলিছ স্কুলৰ সঞ্চালক শ্ৰী পংকজ দাসে কয়, "এম ই এছ-দীপংকৰছ্ বেডমিণ্টন একাডেমীৰ প্ৰতিটো দিশেই খেলুৱৈসকলক সৰ্বোচ্চ মানদণ্ডৰ সুবিধাৰ সৈতে শক্তিশালী কৰি তোলাৰ দৃষ্টিভংগী প্ৰদৰ্শিত কৰে। ২০৩৬ চনৰ ভিতৰত এগৰাকী অলিম্পিয়ান প্ৰস্তুত কৰাৰ উদ্দেশ্যে, যুৱ প্ৰতিভাৰ বিকাশ সাধন আৰু বেডমিণ্টনত উৎকৃষ্টতা বৃদ্ধি কৰাৰ বাবে একাডেমীৰ প্ৰতিশ্ৰুতি এই অত্যাধুনিক আন্তঃগাঁথনিত প্ৰতিফলিত হয়। এনে উন্নত প্ৰযুক্তি আৰু সুবিধাৰ সহায়ত এম ই এছ-ডি বি এয়ে অসমত পৰৱৰ্তী প্ৰজন্মৰ বেডমিণ্টন চেম্পিয়নসকলৰ বাবে এক মুখ্য প্ৰশিক্ষণ ক্ষেত্ৰ হিচাপে নিজকে গঢ়ি তুলি সমগ্ৰ অঞ্চলটোত ক্ৰীড়াৰ বিকাশৰ ক্ষেত্ৰত এক শক্তিশালী দৃষ্টান্ত স্থাপন কৰিছে। এই সহযোগিতাৰ বাবে আমি দুবাৰকৈ অলিম্পিয়ান হোৱা অসম সন্তান শ্ৰী দীপাংকৰ ভট্টাচাৰ্যলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো, যিয়ে নিজৰ অমূল্য অভিজ্ঞতা আৰু নিষ্ঠাৰে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰিবলৈ আগবাঢ়ি আহিছে।"

 

পঞ্জীয়ন সম্পৰ্কীয় তথ্যৰ বাবে, অনুগ্ৰহ কৰি এম ই এছ-ডি বি এ: +৯১ ৭০৯৯০৭৩৫৭১ত যোগাযোগ কৰক অথবা info.mesdba@gmail.com ত ইমেইল কৰক।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here