W7s news গুৱাহাটী: অসমৰ বিভিন্ন চহৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য সাত খন ৰাজ্যৰ মুঠ ১৪ খন স্ত্রী আৰু প্ৰসূতি ৰোগ সমিতিৰ এক সামূহিক অনুষ্ঠান হিচাবে ২২,২৩ আৰু ২৪ নৱেম্বৰত গুৱাহাটীত ৩৩ সংখ্যক সম্মিলনখনি অনুষ্ঠিত হ'ব।মাতৃ স্বাস্থ্যম্ জন স্বাস্থ্যম" উক্তিক সাৰোগত কৰি গুৱাহাটী স্ত্রী আৰু প্ৰসূতি ৰোগ সমিতিৰ দ্বাৰা আয়োজিত সম্মিলনীত ৩৫০ ওপৰৰ চৰকাৰী আৰু বেচৰকাৰী বিশেষজ্ঞ উপস্থিতি থাকিব-বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত
গুৱাহাটী স্ত্রী আৰু প্ৰসূতি ৰোগ সমিতিৰ উদ্যোগত
অনুষ্ঠিত এখন সংনাদ মেলত এইকথা সদৰী কৰে
নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ স্ত্রী ৰোগ বিভাগৰ মুৰব্বী অধ্যাপক তথা এই অনুষ্ঠানটোৰ মূল কাৰ্যকৰ্তা
ডাঃ অপূর্ব কুমাৰ ভট্টাচাৰ্যই। তেওঁ লগতে কয়-উত্তৰ- পূৰ্বাঞ্চলৰ স্বকীয় জনগাঠনি আৰু সাংস্কৃতিক পৰিবেশত মহিলাৰ স্বাস্থ্য আৰু জীৱনশৈলীৰ উন্নতিৰ এক সামূহিক পদক্ষেপ হিচাবে এই কাৰ্যসূচীৰ প্ৰথম দিনত প্ৰসৱ কালীন চিকিৎসা তথা পৰিচালনা, জৰায়ু মুখৰ কৰ্কট ৰোগৰ সহজ চিনাক্তকৰণৰ কাৰিকৰী কৌশল আৰু এওস্কোপিক প্ৰদ্ধতিৰে জৰায়ু টিউমাৰ বা অন্য কিছুমান স্ত্রী ৰোগৰ অপাৰেশ্যনৰ কাৰিকৰী কৌশলৰ কৰ্মশালা অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ভালে সংখ্যক আন্তর্জাতিক খ্যাতিসম্পন্ন বিশেষজ্ঞৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইখন চিকিৎসা শিক্ষা তথা স্বাস্থ্য প্ৰতিষ্ঠানৰ অভিজ্ঞ চিকিৎসক আৰু চিকিৎসা শিক্ষাবিদে সমল ব্যক্তি হিচাবে যোগদান কৰিব। গুৱাহাটীৰ বিখ্যাত স্ত্রী ৰোগ বিশাৰদ ডাঃ অলকা গোস্বামীয়ে উদ্বোধন কৰিব লগীয়া প্রথম কর্মশালাখন ভিভান্তা হোটেলত, দ্বিতীয় আৰু তৃতীয়খন কর্মশালা ক্রমানয়ে বি বৰুৱা কৰ্কট প্রতিষ্ঠান আৰু হেলথ চিটি হাস্পাতালত অনুস্থিত হ'ব।
পৰৱৰ্তী দুদিনত এই বিষয়ৰ লগত জড়িত বিভিন্ন জটিল সমস্যাৰ লগতে নতুন বৈজ্ঞানিক চিন্তাধাৰা, নতুন সজুলি আদিৰ প্ৰদৰ্শন আৰু মাতৃৰ মৃত্যু হাৰ কমাবৰ কাৰণে লবলগীয়া সামাজিক ব্যবস্থাৱলী আদিৰ ওপৰতো মনোজ্ঞ আলোচনা চক্র, পদ্মশ্রী স্বর্গীয় মুক্তি গগৈ সোৱৰণী অবিৰত চিকিৎসা শিক্ষা (চি এম ই), প্ৰয়াত প্ৰফেছৰ ৰাজ কুমাৰ দাস সোঁৱৰণী ভাষণ আৰু ডাঃ গোপাল শৰ্মা আৰু ডাঃ ভাৰতী বৰুৱা স্মৃতিত উৎসর্গিত কর্মশালাত এফ অ' জি এছ আই অনুষ্ঠানৰ সন্মানীয় সভাপতি আৰু সম্পাদিকা ডাঃ জয়দীপ টেংক আৰু ডাঃ মাধুৰী পেটেলে অংশ গ্রহণ কৰিব। ২২ নৱেম্বৰৰ সন্ধিয়া ৫ বজাত হ'বলগীয়া মূল অধিবেশনখন মুকলি কৰিবলৈ আন্তর্জাতিক খ্যাতি সম্পন্ন হস্তি বিশাৰদ পদ্মশ্রী পাৰ্ব্বতী বৰুৱাক আমন্ত্রণ কৰা হৈছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্রকাশিত হব লগীয়া স্মৃতি গ্রন্থত নতুন প্ৰজন্মৰ চিকিৎসক সকলৰ গৱেষণা ধর্মী লিখনি প্রকাশিত হ'ব।' সংবাদ মেলত অভিজ্ঞ চিকিৎসক
ডাঃ হেমাংগ বৈশ্য, ডাঃ কল্পনা চৌধাৰীয়ে আৰু ডাঃ এছ আই বৰা উপস্থিত থাকে।
No comments:
Post a Comment