উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্য আৰু সংস্কৃতিক উদ্ভাসিত কৰা এখন ধাৰাবাহিক চলচ্চিত্ৰ ষ্ট’ৰিজ ফ্ৰম দ্য গ্ৰাউণ্ড: নৰ্থ-ইষ্ট ইণ্ডিয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 13 November 2024

উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্য আৰু সংস্কৃতিক উদ্ভাসিত কৰা এখন ধাৰাবাহিক চলচ্চিত্ৰ ষ্ট’ৰিজ ফ্ৰম দ্য গ্ৰাউণ্ড: নৰ্থ-ইষ্ট ইণ্ডিয়া


 


W7s news গুৱাহাটী:: সৰ্বভাৰতীয় পৰ্যায়ত বন্যপ্ৰাণী আৰু পৰিৱেশ সম্পৰ্কীয় চলচ্চিত্ৰ, শিক্ষা আৰু যোগাযোগৰ ওপৰত গুৰুত্ব প্ৰদানকাৰী সংগঠন ডাষ্টি ফুট প্ৰডাকচনছ (ডিএফপি)ৰ সহযোগত মানৱ কল্যাণৰ পথ হিচাপে পৰিৱেশ কাৰ্যক্ষমতা সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ হকে কাম কৰা অনা-লাভ অৰ্জনকাৰী সংস্থা দ্য হেবিটেটছ ট্ৰাষ্ট (টি এইচ টি)য়ে আজি গুৱাহাটীত অনুষ্ঠিত এক বিশেষ প্ৰদৰ্শনীৰ জৰিয়তে ‘ষ্ট’ৰিজ ফ্ৰম দ্য গ্ৰাউণ্ড: নৰ্থ-ইষ্ট ইণ্ডিয়া শীৰ্ষক এক আকৰ্ষণীয় তথ্যচিত্ৰ শৃংখলা মুকলি কৰে। গ্ৰীণ হাব প্ৰকল্পৰ অধীনত কৰ্মৰত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ দ্বাৰা নিৰ্মিত তথা টিএইচটি আৰু ডিএফপিৰ দ্বাৰা প্ৰযোজিত ৫০ খন চুটি চলচ্চিত্ৰৰ এই শৃংখলাটোত প্ৰায়ে অৱহেলিত হৈ ৰোৱা উত্তৰ-পূব ভাৰতৰ অতুলনীয় জৈৱ-বৈচিত্ৰ্য আৰু সাংস্কৃতিক সমৃদ্ধিৰ ওপৰত আলোকপাত কৰা হৈছে। 


ষ্ট’ৰিজ ফ্ৰম দ্য গ্ৰাউণ্ডৰ জৰিয়তে, দ্য হেবিটেটছ ট্ৰাষ্টে অঞ্চলটোৰ গৰ্ভত সোমাই থকা নিবিড় প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ আৰু মানৱ সমাজৰ আন্তঃসংযোগ বহনকাৰী আকৰ্ষণীয় কাহিনীসমূহ আগবঢ়াই দিয়াৰ পৰিকল্পনা কৰিছে। স্থানীয় গল্পকাৰসকলৰ সহযোগিতাৰে, চলচ্চিত্ৰসমূহে ফলপ্ৰসূ, অঞ্চল-নিৰ্দিষ্ট সংৰক্ষণ কৌশল তৈয়াৰ কৰাৰ বাবে অপৰিহাৰ্য অন্তৰ্দৃষ্টি আগবঢ়াই মানুহ আৰু পৰিৱেশৰ মাজত থকা গভীৰ সম্পৰ্কক প্ৰমাণিকভাৱে চিত্ৰিত কৰে। 


এই সম্পৰ্কে মন্তব্য প্ৰকাশ কৰি দ্য হেবিটেটছ ট্ৰাষ্টৰ মুৰব্বী ৰুশিকেশ চৱনে কয়, " দ্য হেবিটেটছ ট্ৰাষ্টত, আমি বিশ্বাস কৰোঁ যে বুজাবুজি আৰু সহযোগিতাৰ মাজেৰেহে ফলপ্ৰসূ সমস্যা সমাধান প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটে। অন্যান্য বিষয়ৰ উপৰিও, আমি স্থানীয় সম্প্ৰদায়সমূহৰ সৈতে জড়িত হৈ, তেওঁলোকে আয়ত্ব কৰা জ্ঞানৰ এক বহল ভিত্তিত প্ৰসাৰ ঘটোৱাৰ লগতে প্ৰতিটো অঞ্চলৰ সৈতে জড়িত অনন্য প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ সৃষ্টি কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। এই শৃংখলাটোৱে অৰ্থপূৰ্ণ অংশীদাৰীত্ব আৰু কাহিনী ব্যাখ্যাৰ জৰিয়তে জৈৱ-বৈচিত্ৰ্য, সংস্কৃতি আৰু স্থিতিস্থাপকতাৰ মাজত মধ্যস্থতা প্ৰদৰ্শনৰ ক্ষেত্ৰত আমি প্ৰদান কৰা বৃহত্তৰ প্ৰতিশ্ৰুতিৰ উদাহৰণ দাঙি ধৰে। উত্তৰ-পূব ভাৰতক এক উজ্জ্বল নক্ষত্ৰ হিচাপে তুলি ধৰি, আমি এক সমৃদ্ধ বিশ্ব গঢ়ি তুলিবলৈ প্ৰয়োজনীয় সামূহিক পদক্ষেপ আৰু পুনৰ্গঠনমূলক সমাধানৰ বাবে সকলোকে অনুপ্ৰাণিত কৰাৰ লক্ষ্য ৰাখিছোঁ।"


উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্যৰ ২৮খন জিলাক সামৰি লোৱা এই ধাৰাবাহিকখন ইংৰাজী উপশিৰোনামৰ সৈতে ২২টা উপভাষা আৰু স্থানীয় ভাষাত প্ৰস্তুত কৰা হৈছে। অনন্য বাসস্থান, বিপন্ন প্ৰজাতি, পৰম্পৰাগত পাৰিপাৰ্শ্বিক জ্ঞান, কৃষি-জৈৱ বৈচিত্ৰ্য, বৈজ্ঞানিক গৱেষণা তথা বহনক্ষমতাৰ বাবে উদ্ভাৱনীমূলক সমাধানকে ধৰি বিভিন্ন বিষয়বস্তু সামৰি লোৱা ছবিসমূহে অঞ্চলটোৰ ভিতৰৰ আন্তঃসংলগ্ন প্ৰত্যাহ্বান আৰু সুযোগসমূহ প্ৰদৰ্শন কৰে।


দ্য হেবিটেটছ ট্ৰাষ্টে নিজৰ বৃহত্তৰ অভিযানৰ অংশ হিচাপে, চলচ্চিত্ৰৰ জৰিয়তে প্ৰাকৃতিক পৃথিৱীখনৰ প্ৰতি সহানুভূতি গঢ়ি তুলিবলৈ, সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ আৰু আকৰ্ষণীয় কাহিনী ব্যাখ্যাৰ জৰিয়তে বৃহত্তৰ জনতাৰ সৈতে সংযোজিত হ’বলৈ প্ৰয়াস কৰে। হিন্দী আৰু মাৰাঠীকে ধৰি একাধিক ভাৰতীয় ভাষাৰ ১০০ খনতকৈও অধিক চলচ্চিত্ৰৰ লগতে ষ্ট’ৰিজ ফ্ৰম দ্য গ্ৰাউণ্ডৰ অন্যান্য সকলো চলচ্চিত্ৰ টিএইচটিৰ ইউটিউব চেনেল (www.youtube.com/@thehabitatstrust) ত বিনামূলীয়াকৈ উপলব্ধ। এই বিস্তৃত সংগ্ৰহটোৱে আমাৰ গ্ৰহটোত বাস কৰি থকা সমূহ প্ৰজাতি আৰু বাসস্থানৰ সুৰক্ষাৰ বাবে সমৰ্পিত বিজ্ঞানী, গৱেষক, সম্প্ৰদায় তথা তৃণমূল সংৰক্ষণবিদসকলৰ অক্লান্ত প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে।  


কাহিনী ব্যাখ্যাৰ উপৰি আন বহু প্ৰকাৰে আঞ্চলিক দক্ষতা আৰু সহযোগিতাৰ প্ৰতি দ্য হেবিটেট ট্ৰাষ্টে প্ৰতিশ্ৰুতি প্ৰদান কৰে। মানুহ আৰু বন্যপ্ৰাণী উভয়ৰে বাবে গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰ হিচাপে পৰিগণিত উত্তৰ-পূবৰ উপ-হিমালয় অঞ্চলৰ ঘাঁহনি আৰু নিম্নভূমি বৰ্ষাৰণ্যসমূহে মানুহৰ চাপৰ বাবে অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। সাতখন ৰাজ্যৰ মূল প্ৰজাতি যেনে হুলক গিবন, পিগমি হগ, বেংগল ফ্ল'ৰিকান আৰু ঘাঁহৰ ওপৰত বিশেষ গুৰুত্ব দি টিএইচটিয়ে কনজাৰ্ভেচন ইনিচিয়েটিভছ, আৰণ্যক আৰু ডাৰেল ৱাইল্ডলাইফ কনজাৰ্ভেচন ট্ৰাষ্টৰ দৰে একাধিক অংশীদাৰৰ সৈতে এই বাসস্থানসমূহৰ ওপৰত বিভিন্ন বিকাশমূলক কাম কৰি অঞ্চলটোৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি আৰু বিশেষজ্ঞতামূলক ব্যৱধানসমূহ পূৰণ কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here