বৰুৱা মহাবিদ্যালয়ৰ এন. এছ. এছ. গোটৰ "মাই ভাৰত" পৰ্টেলৰ বাৰ্ষিকী উপলক্ষে তিনিদিনীয়া সমাজ সেৱা কাৰ্যসূচী আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 30 October 2024

বৰুৱা মহাবিদ্যালয়ৰ এন. এছ. এছ. গোটৰ "মাই ভাৰত" পৰ্টেলৰ বাৰ্ষিকী উপলক্ষে তিনিদিনীয়া সমাজ সেৱা কাৰ্যসূচী আয়োজন


 

W7s news গুৱাহাটী, , – "মাই ভাৰত" পৰ্টেলৰ প্ৰথম বাৰ্ষিকী উদযাপন উপলক্ষ্যে বি বৰুৱা মহাবিদ্যালয়ৰ এন. এছ. এছ. গোটে ২৮ৰ পৰা ৩০ অক্টোবৰলৈ এক বিশেষ সমাজ সেৱা কাৰ্যসূচীৰ আয়োজন কৰে ।যাৰ অংশ হিচাপে নেহৰু যুৱ কেন্দ্ৰ কামৰূপ মেট্ৰোৰ সৈতে একত্ৰিত হৈ বৃহৎ পৰিসৰত পৰিস্কাৰ অভিযান, যানবাহন স্বেচ্ছাসেৱা, আৰু চিকিৎসালয় সেৱা প্ৰদান কৰা হয়। এই কাৰ্যসূচীত সমগ্র ছাত্ৰসমাজক সমাজসেৱাত জড়িত কৰি জনসেৱামূলক কাম-কাজৰ এক উৎকৃষ্ট দৃষ্টান্ত স্থাপন কৰা হয়।


২৮ অক্টোবৰত এই কাৰ্যসূচীৰ আৰম্ভণি হিচাপে ডা. ভুবনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত (BBCI) এন. এছ. এছ.ৰ স্বেচ্ছাসেৱকসকলে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক আৱশ্যকীয় সহায় আগবঢ়াই নৈতিক সমৰ্থন আৰু সঁহাৰি জনায়।


২৯ অক্টোবৰত এন. এছ. এছ. গোটে যানবাহন ব্যৱস্থাপনাৰ দ্বাৰা সামাজিক সেৱা অব্যাহত ৰাখে, য’ত স্বেচ্ছাসেৱকসকলে লতাশিল আৰু উজনবজাৰত স্থানীয় যান-বাহন কৰ্তৃপক্ষক সহায় কৰি যান-যটৰ সময়ছোৱাত ইয়াৰ বাবে স্থানীয় ৰাইজৰ প্ৰশংসা লাভ কৰে।


৩০ অক্টোবৰত এই কাৰ্যসূচীৰ সামৰণি  অনুস্হান হিচাপে উলুবাৰী বজাৰ, পল্টনবজাৰ, ৰেহাবাৰী, আৰু ছলাপাৰা ৰোডত এক বৃহৎ পৰিসৰৰ চাফাই অভিযানৰ কায্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী লোকসভা সমষ্টিৰ  প্ৰাক্তন সাংসদ কুইন ওজা এই অনুষ্ঠানত উপস্থিত থাকে আৰু নিজেও এই পৰিস্কাৰ অভিযানত অংশগ্ৰহণ কৰি নতুন প্ৰজন্মৰ ইচ্ছাশক্তি আৰু পৰিশ্ৰমৰ স্বীকৃতি আগবঢ়াই।


বি. বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড: সতেন্দ্ৰ নাথ বর্মনে এন. এছ. এছ. গোটৰ সমাজসেৱাৰ প্ৰতি থকা দায়িত্বশীল মনোভাৱৰ প্ৰশংসা কৰে আৰু পৰিৱেশ সুস্থিৰ কৰাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদানৰ স্বীকৃতি প্ৰদান কৰে। এই অনুষ্ঠানৰ পৰিকল্পক  এন এছ এছৰ গোটৰ কায্যকৰী বিষয়া ড: সত্যব্ৰত বৰুৱাই  সকলো কামৰ তদাৰক কৰে । ড: বৰুৱাই এন. এছ. এছ. গোটৰ সকলো কায্যসূচী সফল সমাপ্তিৰ বাবে স্বেচ্ছাসেৱকসকলক অভিনন্দন জনায় আৰু যুৱ সম্প্ৰদায়ৰ সক্রিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here