W7s news,,,গুৱাহাটী; ২২ অক্টোবৰ, ২০২৪: পোহৰৰ উৎসৱ দীপাৱলীৰ এই আনন্দমুখৰ পৰিৱেশৰ মাজতে খাদ্যৰসিক গ্ৰাহকসকলৰ বাবে বিশেষ প্ৰিমিয়াম উপহাৰৰ টোপোলা আগবঢ়াইছে মহানগৰীৰ অভিজাত খাদ্যৰ অভিকেন্দ্ৰ নভোটেল গুৱাহাটীয়ে। উল্লেখ্য যে, হোটেলখনৰ এই বিশেষ প্ৰিমিয়াম উপহাৰৰ টোপোলাত অন্তৰ্ভুক্ত কৰা হৈছে নভোটেল গুৱাহাটীয়ে প্ৰস্তুত কৰা পৰম্পৰাগত মিঠাই, চকলেট আৰু আধুনিক খাদ্য-সম্ভাৰৰ অনন্য সমাহাৰ। দীপাৱলীৰ এই উপহাৰৰ টোপোলা লাক্স দীপাৱলী হেম্পাৰ, স্প্লেণ্ডাৰ দীপাৱলী বক্স আৰু ছুইট ইনডালজেন্সৰ দৰে বিভিন্ন বিকল্পত গ্ৰাহকসকলৰ বাবে উপলব্ধ কৰিছে নভোটেল গুৱাহাটীয়ে। ইফালে প্ৰতিটো উপহাৰৰ টোপোলাত আছে ভাৰতীয় মিঠাইৰ লগতে বাকলাৱা, স্বাস্থ্যকৰ যোগ বাৰ, বাদাম আৰু ওটছ কুকিজ, প্ৰিমিয়াম টি বেগ, কাঁচৰ জাৰত মিক্সড বাদাম আৰু চকলেট বাদাম, চেভৰী ৱেফাৰ, তিল তেল, চাকি, কাজু ৰোল, খেজুৰৰ লাড়ু, হোৱাইট ৰক চকলেট, চকলেট বন-বন আদিৰ দৰে সুস্বাদু মিষ্টান্ন আৰু পূজাৰ সামগ্ৰী।
এই সন্দৰ্ভত নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ মনমীত সিঙে কয়, ‘আমি তিনিটা ভিন্ন শিতানত দীপাৱলীৰ উপহাৰৰ টোপোলা লৈ আহিছো। এই প্ৰিমিয়াম সংকলনটো হাতেৰে প্ৰস্তুত কৰা ভাৰতীয় মিঠাই আৰু চকলেটেৰে সজোৱা হৈছে, যিয়ে দীপাৱলীৰ এই আনন্দমুখৰ পৰিৱেশত গ্ৰাহকসকলক অধিক সুখানুভূতি প্ৰদান কৰিব আৰু সকলোৰে বাবে এইবাৰৰ দীপাৱলী বিশেষ কৰি তুলিব।”
নভোটেল গুৱাহাটীৰ এই বিশেষ উপহাৰৰ টোপোলা অৰ্ডাৰ কৰিবলৈ গ্ৰাহকে +৯১ ৭৫৭৭৮৮৪০০২ / +৯১ ৭৫৭৭৮৮৪০২৫ নম্বৰত যোগাযোগ কৰিব পাৰে অথবা আজিয়েই নভোটেল গুৱাহাটীলৈ আহিব পাৰে।
No comments:
Post a Comment