শাৰদীয় দুৰ্গোৎসৱৰ বতৰত নেষ্ট এছিয়াত উপভোগ কৰক বিশেষ থাই সোৱাদ: - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 3 October 2024

শাৰদীয় দুৰ্গোৎসৱৰ বতৰত নেষ্ট এছিয়াত উপভোগ কৰক বিশেষ থাই সোৱাদ:


: চেফ ৰাজা দাসৰ সৈতে লাভ কৰক অনন্য ৰন্ধন অভিজ্ঞতা


W7s news গুৱাহাটী: শাৰদীয় দুৰ্গোৎসৱৰ সৈতে সংগতি ৰাখি অহা ৪ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ ৰেডিছন ব্লু গুৱাহাটীৰ বিশেষ সমগ্ৰ এছিয়ান ৰেষ্টুৰেণ্ট নেষ্ট এছিয়াত অনুষ্ঠিত হ’ব থাই খাদ্য উৎসৱ ‘ছেভ’ৰ থাই ফ্লেভাৰ্ছ’। উল্লেখ্য যে, এই ৰন্ধনযাত্ৰাই অতিথিসকলক এক প্ৰামাণিক আৰু পৰম্পৰাগত খাদ্যমূলক অভিজ্ঞতাৰ সৈতে থাইলেণ্ডৰ বহুল জনপ্ৰিয় তথা সুস্বাদু খাদ্যৰ সোৱাদ প্ৰদান কৰিব। 


৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই উৎসৱত স্থানীয় সংবাদ মাধ্যম আৰু খাদ্যপ্ৰেমীসকলে দিল্লীৰ ৰেডিছন ব্লু প্লাজা বিমানবন্দৰৰ চেফ তথা খাদ্য উৎসৱৰ মেন্যু প্ৰস্তুত কৰা প্ৰখ্যাত চেফ ৰাজা দাসক সাক্ষাতৰ সুযোগ লাভ কৰে। খাদ্য উৎসৱৰ এই সময়ছোৱাত চেফ দাসে প্ৰতিদিনে বিশেষভাৱে প্ৰস্তুত কৰা মেন্যুৰ জৰিয়তে অতিথিসকলক থাই খাদ্যৰ অনন্য তৃপ্তি প্ৰদান কৰিব।  


ৰেডিচন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোত্ৰাই এই উৎসৱক লৈ উৎসাহ প্ৰকাশ কৰি কয়, “এই বিশেষ অনুষ্ঠানৰ বাবে চেফ ৰাজা দাসক আমাৰ ৰান্ধনী দললৈ আদৰণি জনাই আমি আনন্দিত হৈছো। আমাৰ লক্ষ্য হৈছে অতিথিসকলক এনে এক স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰা, যিয়ে কেৱল থাই খাদ্যৰ চহকী সোৱাদৰ সংমিশ্ৰণেই নহয়, বৰঞ্চ এক আকৰ্ষণীয় আৰু হৃদয়স্পৰ্শী পৰিৱেশৰো সৃষ্টি কৰে।”


উল্লেখ্য যে, অতিথিসকলে কেৱল ১,৯৯৯ টকা + কৰৰ মূল্যত উপভোগ কৰিব পাৰিব নিৰ্দিষ্ট ডিনাৰ মেন্যু। এই মেন্যুত খাদ্যৰসিকসকলক অনন্য অভিজ্ঞতা প্ৰদান কৰিবলৈ প্ৰস্তুত কৰা প্ৰামাণিক থাই খাদ্যৰ পৰিসৰ থাকিব। অন্যহাতে, অভিজ্ঞতাৰ পৰিপূৰক হিচাপে থাকিব বিনামূলীয়া থাই আইচড টি। ইয়াৰোপৰিও অতিথিসকলে বিশেষ অফাৰৰ সৈতে বিভিন্ন থাই ককটেইল আৰু মকটেইল ক্ৰয় কৰাৰ সুযোগ লাভ কৰিব। 


এই অনুষ্ঠানৰ লক্ষ্য হৈছে স্থানীয় অতিথিসকলৰ সৈতে সংযোগ স্থাপন কৰা আৰু চেফ ৰাজা দাসৰ নেতৃত্বত ভাৱ বিনিময়মূলক ৰন্ধন প্ৰদৰ্শনৰ জৰিয়তে তেওঁলোকক থাইলেণ্ডৰ চহকী সোৱাদ আগবঢ়োৱা। প্ৰতিবিধ খাদ্যসম্ভাৰ পৰিবেশনৰ সমান্তৰালভাৱে উন্মুক্ত হ’ব এটা কাহিনী, যিয়ে থাই খাদ্যৰ পৰম্পৰাৰ অন্তৰ্দৃষ্টিৰে খাদ্যৰ অভিজ্ঞতাক সমৃদ্ধ কৰিব।


এই খাদ্য উৎসৱক লৈ উৎসাহ প্ৰকাশ কৰি ৰেডিচন ব্লু গুৱাহাটীৰ কাৰ্যবাহী চেফ, চেফ কাৰ্তিকেয়ানে কয়, ‘থাইলেণ্ডৰ সজীৱ আৰু বৈচিত্ৰময় সোৱাদক নেষ্ট এছিয়াত প্ৰদৰ্শন কৰিবলৈ পাই মই ৰোমাঞ্চিত হৈছো। প্ৰতিবিধ খাদ্যৰ মাজেৰে বৰ্ণিত হয় একো একোটা জীপাল কাহিনী, আৰু মই মোৰ ৰন্ধনযাত্ৰাৰ জৰিয়তে সেই কাহিনী অতিথিসকলৰ সৈতে ভাগ-বতৰা কৰিবলৈ অধীৰ হৈ পৰিছো। আশাকৰোঁ অতিথিসকলে নেষ্ট এছিয়াৰ পৰা উভতি যোৱাৰ সময়ত কেৱল উদৰ পূৰ কৰিয়েই নহয়, থাই সংস্কৃতি আৰু খাদ্যৰ প্ৰতিও গভীৰ প্ৰেম লৈ উভতি যাব।’’


প্ৰণিধানযোগ্য যে, এই উৎসৱৰ বতৰত পৰম্পৰাগত সজ্জা, আকৰ্ষণীয় আচবাব আৰু মৃদু আলোকৰ সৈতে এক আমন্ত্ৰণমূলক পৰিৱেশৰ সৃষ্টি কৰি মনোমহা থাই-প্ৰেৰিত স্থানলৈ ৰূপান্তৰিত হ’ব নেষ্ট এছিয়া। বিষয়বস্তুৰ সৈতে সংগতি থকা মধুৰ সংগীতৰ ধ্বনিয়ে অতিথিসকলৰ বাবে সৃষ্টি কৰিব এক অবিস্মৰণীয় অভিজ্ঞতা। 


অনন্য থাই সোৱাদ আৰু সংস্কৃতিৰ এক অবিস্মৰণীয় অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দি সকলো খাদ্যপ্ৰেমীক এই ৰোমাঞ্চকৰ ৰন্ধন যাত্ৰাৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ জনাইছে বিশেষ এছিয়ান ৰেষ্টুৰেণ্টখনে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here