ডিয়েজিঅ’ ইণ্ডিয়াৰ ‘লাৰ্নিং ফৰ লাইফ’ কাৰ্যসূচীৰ অধীনত হস্পিটেলিটি স্কিলছত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিব অসমৰ ১০০ গৰাকী শিক্ষাৰ্থীয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 8 October 2024

ডিয়েজিঅ’ ইণ্ডিয়াৰ ‘লাৰ্নিং ফৰ লাইফ’ কাৰ্যসূচীৰ অধীনত হস্পিটেলিটি স্কিলছত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিব অসমৰ ১০০ গৰাকী শিক্ষাৰ্থীয়ে


 


W7s news,,গুৱাহাটী, অক্টোবৰ, ২০২৪: অৰিঅ’ন এডুকেচনেল ছ’চাইটিৰ (OES) সহযোগত ‘লাৰ্নিং ফৰ লাইফ’ প্ৰগ্ৰেমৰ জৰিয়তে অসমৰ তৃতীয়টো বেটচৰ শিক্ষাৰ্থীসকলে আতিথ্যৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিছে ডিয়েজিঅ’ ইণ্ডিয়াই। এই উপলক্ষে আয়োজিত সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকে বিধায়ক (নগাঁও সদৰ)  ৰূপক শৰ্মা, নগাঁও পৌৰসভা ব'ৰ্ডৰ উপাধ্যক্ষ  সীমান্ত বৰা, নগাঁও কলেজ অটোনমাছৰ প্ৰাক্তন অধ্যক্ষ ড° শৰৎ বৰকটকী, তৰুণ যাদৱ, ক্লাষ্টাৰ মুৰব্বী, অসম আৰু ডিয়েজিঅৰ পৰা উত্তৰ-পূবৰ ৰাজহুৱা নীতিৰ নেতৃত্ব দিয়া  সুৰজিৎ দত্ত ।


আতিথ্য, পৰ্যটন, আৰু এনেধৰণৰ উদ্যোগত নিযুক্তি লাভৰ বাবে এই কাৰ্যসূচীত শৈক্ষিক আৰু উদ্যোগৰ পেছাদাৰীসকলৰ দ্বাৰা আগবঢ়োৱা ৩০০ ঘণ্টাৰো অধিক দক্ষতাভিত্তিক প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা হৈছে। এই বিস্তৃত পাঠ্যক্ৰমত শিক্ষাৰ্থীসকলক আন্তঃব্যক্তিগত দক্ষতা আৰু ডিজিটেল সাক্ষৰতাৰ লগতে ফ্ৰন্ট অফিচ এডমিনিষ্ট্ৰেচন, ফুড এণ্ড বেভাৰেজেছ সেৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। তদুপৰি এই কাৰ্যসূচীৰ জৰিয়তে প্ৰদান কৰা উদ্যোগ/চৰকাৰী অনুমোদিত প্ৰমাণপত্ৰই স্নাতকসকলক চাকৰিৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰাৰ লগতে আতিথ্য খণ্ডৰ বাবে অতি মূল্যৱান বিশেষজ্ঞতাৰে সজ্জিত হোৱাটো নিশ্চিত কৰে। এই কাৰ্যসূচীৰ অধীনত পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলক বিভিন্ন আগশাৰীৰ  প্ৰতিষ্ঠানত নিযুক্তি দিয়া হয়।


ডিয়েজিঅ’ ইণ্ডিয়াৰ চি এছ আৰ এণ্ড ছাষ্টেইনিবিলিটিৰ মুৰব্বী নৱদীপ সিং মেহৰামে কয়, “আমাৰ লাৰ্নিং ফৰ লাইফ কাৰ্যসূচীৰ অংশ হিচাপে অৰিয়ন এডুকেচনেল ছ’চাইটিৰ সৈতে সহযোগিতা স্থাপন কৰি আমি অতিশয় আনন্দিত হৈছো আৰু অসমত তৃতীয় বেটচৰ ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰে স্নাতক ডিগ্ৰী লাভ কৰাত আমি সুখী হৈছো। আমাৰ ‘স্পিৰিট অব প্ৰগ্ৰেছ’ লক্ষ্যৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু আমি আমাৰ দক্ষতামূলক পদক্ষেপৰ জৰিয়তে সমাজত ইতিবাচক প্ৰভাৱ পেলোৱা, নিয়োগযোগ্যতা বৃদ্ধি আৰু জীৱিকা উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।”অৰিয়ন এডুকেচনেল ছ’চাইটিৰ সচিব শ্ৰী নীলাদ্ৰী বেনাৰ্জীয়ে কয়, “ডিয়েজিঅ’ ইণ্ডিয়াৰে আমাৰ সহযোগিতাই আতিথ্যৰ ক্ষেত্ৰখনত যুৱক-যুৱতীসকলক কেৰিয়াৰ গঢ়াৰ দিশে খোজ দিয়াৰ পথ প্ৰশস্ত কৰাত সহায় কৰিছে।  এক শক্তিশালী, উদ্যোগ-অনুমোদিত পাঠ্যক্ৰমৰ সৈতে আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱ জগতৰ সফলতাৰ বাবে প্ৰস্তুত কৰিবলৈ আত্মবিশ্বাসী।”এইপৰ্যন্ত ডিয়েজিঅ’ ইণ্ডিয়াৰ লাৰ্নিং ফৰ লাইফ প্ৰগ্ৰেমৰ অধীনত ৫,২০০ৰো অধিক যুৱক-যুৱতীক ব্যৱসায় আৰু আতিথ্য খণ্ডৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here