অসম কন্যা পুনম লহকৰক ওৱৰ্ল্ড পিচ অৱ ইউনাইটেড নেশ্যন ইউনিভাৰ্চিটিৰ বঁটা প্ৰদান অনুষ্ঠানত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 5 October 2024

অসম কন্যা পুনম লহকৰক ওৱৰ্ল্ড পিচ অৱ ইউনাইটেড নেশ্যন ইউনিভাৰ্চিটিৰ বঁটা প্ৰদান অনুষ্ঠানত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

 


 


W7s গুৱাহাটী : অভিনয় আৰু মডেলিঙৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে সন্মানীয় ডক্টৰেট ডিগ্ৰীৰে সন্মানিত কৰা হৈছে অসমৰ উদীয়মান তাৰকা পুনম লহকৰক। দিল্লীত অনুষ্ঠিত ওৱৰ্ল্ড পিচ অৱ ইউনাইটেড নেশ্যন ইউনিভাৰ্চিটিৰ বঁটা প্ৰদান অনুষ্ঠানত তেওঁক এই সন্মান প্ৰদান কৰা হয় ।

অনুষ্ঠানত বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টী, ভাৰতীয় মল্লযুঁজাৰু নেহা ৰাঠী আৰু নৰসিং পঞ্চম, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, সাংসদ মনোজ তিৱাৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চৈয়দ শ্বাহনৱাজ হুছেইন আৰু প্ৰবীণ ৰাজনীতিবিদ সঞ্জয় ময়ূখৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিয়ে সমগ্ৰ সন্ধিয়াটো অসমৰ বাবে স্মৰণীয় আৰু গৌৰৱপূৰ্ণ কৰি তোলে।মনোৰঞ্জন আৰু ফেশ্বনৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত পুনম লহকৰৰ বহুমুখী প্ৰতিভা, দৃঢ়তা আৰু সফলতাৰ ভূয়সী প্ৰশংসা কৰি অসম কন্যাগৰাকীক অনুষ্ঠানত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে। ভাৰত চৰকাৰৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দিল্লীত অনুষ্ঠিত হোৱা এইচ ডি এ চিৰ আলোচনাচক্ৰত প্ৰদান কৰা এই সন্মান অসমৰ বাবে মডেলিং আৰু অভিনয়ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। পুনম লহকৰে লাভ কৰা এই সন্মানৰ জৰিয়তে অসমৰ মহিলাসকলে ৰাষ্ট্ৰীয় মঞ্চত পালন কৰা অগ্ৰণী ভূমিকা প্ৰতিফলিত হৈছে।

উল্লেখ্য যে, নিজৰ ক্ষেত্ৰখনত প্ৰভাৱশালী শক্তি হিচাপে আত্মপ্ৰকাশ কৰা পুনম লহকৰ এতিয়া সমগ্ৰ অসমৰ যুৱ প্ৰজন্মৰ বাবে গৌৰৱ আৰু প্ৰেৰণাৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। এই সন্মান তেওঁৰ সমগ্ৰ কেৰিয়াৰৰ অন্য এক সাফল্যৰ চানেকি। ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত গুৱাহাটীৰ হোটেল নভোটেলত অনুষ্ঠিত এক অনুষ্ঠানত ড° লহকৰে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি উপস্থিত লোকসকলৰ সৈতে তেওঁৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে, ‘এয়া কেৱল মোৰ প্ৰচেষ্টাক প্ৰদান কৰা স্বীকৃতি নহয়, বৰঞ্চ অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰতিভাৰ বাবে এক বৃহৎ মঞ্চ গঢ়ি তোলাৰ সুযোগো। এই স্বীকৃতিৰ জৰিয়তে মই আমাৰ অঞ্চলৰ অনন্য শিল্প, সৌন্দৰ্য্য আৰু সৃষ্টিশীলতাক অধিক উজ্বলাই তুলিব বিচাৰোঁ।’’

প্ৰণিধানযোগ্য যে, অসমীয়া প্ৰতিভাক অভিনয় আৰু মডেলিঙৰ দৰে অগতানুগতিক ক্ষেত্ৰসমূহৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে ড° পুনম লহকৰে ইতিমধ্যে বিশিষ্ট উদ্যোগপতি আৰু কৰ্পৰেট সংস্থাৰ সৈতে কাম আৰম্ভ কৰিছে। তেওঁৰ এই পদক্ষেপে অসমৰ সৃষ্টিশীল লোকসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাত সহায় কৰিব।

এই গুৰুত্বপূৰ্ণ সন্মানে ড° লহকৰক অসমৰ শিল্প-ঐতিহ্যৰ পথ-প্ৰদৰ্শক হিচাপে এক উচ্চ স্থানত প্ৰতিষ্ঠিত কৰাৰ সমান্তৰালকৈ ৰাজ্যখনৰ ফেশ্বন আৰু চিনেমা জগতত এক নতুন অধ্যায়ৰ সূচনা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here