W7s news,,গুৱাহাটী, ২০ অক্টোবৰঃ গুৱাহাটী টাইন ক্লাবত কালি সন্ধিয়া অনুষ্ঠিত হয়'ইণ্ডিয়ান ষ্টাইল গালা নাইট'ৰ দ্বিতীয় সংস্কৰণ। বিশিষ্ট ফেশ্বন ডিজাইনাৰ,ফেশ্বন কৰিঅ'গ্ৰাফাৰ তথা ছবি পৰিচালক দীপাংকৰ কাশ্যপ আৰু মীৰাএণ্টাৰপ্ৰাইজেছ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত এই ফেশ্বন শ্ব'টোত ৩৫গৰাকী খ্যাতিসম্পন্ন মডেলে ৰেম্পত খোজ দিয়ে। কিৰণ বড়ো, দীপাংকৰ কাশ্যপ,মুনমী বৰুৱা, অঞ্জু হাজৰিকাকে ধৰি ৰাজ্যৰ ৮গৰাকী ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ডিজাইনাৰে নিজৰ নিজৰ শেহতীয়া কালেকচনসমূহ প্রদর্শন কৰে। শ্ব'টোৰ বিভিন্ন ছিকুৱেন্সসমূহৰ কৰিঅ'গ্ৰাফী কৰে মিনু পাল আৰু সঞ্জু ৰয়ে। বিশিষ্ট অভিনেতা তথা ছবি পৰিচালক বাণী দাস আৰু মাইনী মহন্তই অনুষ্ঠানত দীপাংকৰ কাশ্যপৰ পৰিচালনাত আৰু মাইনী মহন্তৰ গল্পৰ আধাৰত নির্মিত ছবি 'ৰং নাম্বাৰ' আৰু 'আনফ্রেইণ্ড'ৰ ট্ৰেইলাৰ মুকলি কৰে। অনুষ্ঠানত
দীপাংকৰ কাশ্যপৰ শেহতীয়া কালেকচন 'ব্রীজিং ব্ৰহ্মপুত্ৰ ২০২৫'ৰ বিশেষ প্ৰদৰ্শন কৰা হয়। এই কালেকচনৰ সমূহ স্প্রীংছামাৰ পোছাক বিশেষকৈ যুৱ প্ৰজন্মক আকৰ্ষণ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। কিৰণ ফাউণ্ডেচনৰ
বেনাৰত ডিজাইনাৰ কিৰণ বড়োৱে অসমৰ থলুৱা প্ৰাকৃতিক সূতাৰে নিৰ্মিত দখনা, মেখেলা-চাদৰ, দখনাৰ পৰা নিৰ্মিত পুৰুষৰ টুপী আৰু টাই এণ্ড ডাই কৰা পুৰুষৰ ছাৰ্ট প্ৰদৰ্শন কৰে। 'অঞ্জুছ মিনার্ভা ক্রিয়েচন'ৰ বেনাৰত ডিজাইনাৰ অঞ্জু হাজৰিকাই অসমীয়া পাট, এৰী, টছ আৰু নুনী কাপোৰেৰে
তৈয়াৰী স্কার্ট, লেহেংগা, শ্বৰ্টছ, অ'ভাৰকোট আদি কেতবোৰ ইণ্ডো-ফিউজন পোছাক প্ৰদৰ্শন কৰি ফেশ্বন অনুৰাগীক আকৰ্ষিত কৰিবলৈ সক্ষম হয়।
No comments:
Post a Comment