কিউনেট ইণ্ডিয়াৰ বিলাসী আৰু মননশীল উপহাৰ প্ৰদানেৰে উজলাই তোলক আপোনাৰ দীপাৱলী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 28 October 2024

কিউনেট ইণ্ডিয়াৰ বিলাসী আৰু মননশীল উপহাৰ প্ৰদানেৰে উজলাই তোলক আপোনাৰ দীপাৱলী


 

W7s news,,,গুৱাহাটী:  দীপাৱলীত আপোনজনৰ সৈতে উপহাৰ আদান-প্ৰদানেৰে মৰম-চেনেহৰ বান্ধোন সুদৃঢ় কৰিবলৈ কিউনেটে আগবঢ়াইছে বিশেষ উপহাৰৰ টোপোলা। ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ  আগবঢ়োৱা দুটা বিশেষ উপহাৰৰ বিকল্পৰ ভিতৰত আছে -স্পাৰ্কল ডিভাইন ছেট আৰু ফেষ্টিভ ডিনাৰ কালেকচন। কিউনেটৰ এই মননশীলভাৱে তৈয়াৰ কৰা উপহাৰৰ টোপোলাই উৎসৱৰ উদ্যম জগাই উজলাই তুলিব এইবাৰৰ দীপাৱলী। স্পাৰ্কল ডিভাইন ছেটত আগবঢ়োৱা কিন্নাৰি মীৰা ছেটত থাকিব যিকোনো অনুষ্ঠানত পৰিধান কৰিব পৰা কাণফুলি আৰু ১৪ কেৰেট ৰ’জ গ’ল্ড আৰু GH/SI1 গ্ৰেডৰ হীৰাৰে তৈয়াৰ কৰা এটা লকেট। কাণফুলিত ছটা আৰু লকেটত তিনিটা জিলিকি থকা হীৰা থকাৰ এই অলংকাৰ কাৰ্যালয় আৰু পাৰ্টি দুয়োটাৰ বাবে উপযোগী।

১৪ কেৰেটৰ হালধীয়া সোণেৰে তৈয়াৰ কৰা কিন্নাৰি ডেইজী ছেটৰ কাণফুলিত ছটা আৰু লকেটত পাঁচটা হীৰা থাকিব। বিশুদ্ধ প্ৰেমৰ প্ৰতীক স্বৰূপ এই ছেটটোৱে প্ৰতিগৰাকী আধুনিক মহিলাৰ আকাংক্ষাক সতেজ  ৰূপত মূৰ্ত কৰি তুলিব।

ফেষ্টিভ ডিনাৰ কালেকচনত আগবঢ়োৱা অ’ৰিটছু এৰিষ্টোত থাকিব ছখন ডিনাৰ প্লেট, ছখন ব্ৰেড  আৰু বাটাৰ প্লেট, ছটা সৰু বাতি, দুটা চালাড বাতি আৰু এখন প্লেটাৰ। ইউৰোপীয় ডিজাইনাৰৰ  দ্বাৰা শ্ৰীলংকাত প্ৰস্তুত কৰা হৈছে এই সীমিত সংস্কৰণৰ প্ৰিমিয়াম ছেট। একেদৰে অ’ৰিটছু  জিনিয়া টি ছেটত থাকিব ছটা কাপ, ছখন  প্লেট, ঢাকনিৰ সৈতে দুটা টি-পট, দুটা ছুগাৰ পট আৰু এটা ক্ৰীমাৰ। এই সকলোবোৰ সামগ্ৰী কিউনেট ইণ্ডিয়া ই-ষ্টোৰ www.qnetindia.co ত উপলব্ধ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here