গুৱাহাটী প্ৰেছ ক্লাবত খিলঞ্জীয়া সুৰক্ষা সমিতি, অসমৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 22 October 2024

গুৱাহাটী প্ৰেছ ক্লাবত খিলঞ্জীয়া সুৰক্ষা সমিতি, অসমৰ সংবাদ মেল

 



অসমৰ বাবে নাগৰিকত্ব ভিত্তি বর্ষ ১৯৭১ৰ সলনি ১৯৫১  কৰি অসমৰ খিলঞ্জীয়া লোক সকলক সুৰক্ষা প্রদান কৰাৰ আহ্বান



উচ্চতম ন্যায়লয়ে এই বিষয়টোৰ ওপৰত কোনো ধৰণৰ বিবেচনা নকৰিলে  পুনৰ ন্যায়লৰ কাষ চাপিব সমিতিয়ে




W7s news গুৱাহাটী:  অসমৰ বাবে নাগৰিকত্ব ভিত্তি বর্ষ ১৯৭১ৰ সলনি ১৯৫১  কৰি অসমৰ খিলঞ্জীয়া লোক সকলক সুৰক্ষা প্রদান কৰিবলৈ উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছে খিলঞ্জীয়া সুৰক্ষা সমিতি, অসমে।  মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত খিলঞ্জীয়া সুৰক্ষা সমিতি, অসমৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত সমিতিৰ সম্পাদক ৰাজবাবা অসমে কয়-


অসমৰ ৰাইজৰ বাবে ১৯৭১চন ভিত্তিবৰ্ষ  গ্ৰহণযোগ্য হৈ উঠা নাই আমি সংবিধান অনুসৰি ১৯৫১ চন ভীতিবৰ্ষ পাব লাগে। ১৯৭১ চব আমাৰ বাবে গ্ৰহণযোগ্য নহয়। সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদ সকলৰ ভেঁটিত চাকি দিয়া কাৰ্যক আমি ধিক্কাৰ দিছোঁ। সমগ্ৰ ভাৰতবৰ্ষত যদি ১৯৫১ চন ভিত্তিবৰ্ষ হয় আমাক বিদেশীয়ে ঘেৰি ধৰাৰ পাছত কিয় ১৯৭১ চন নিৰ্ধাৰণ কৰিলে? ১৯৭১ চন ভিত্তি বৰ্ষই বাংলাদেশীৰ বাবে

সুৰক্ষা আইন সৃষ্টি কৰিছে। সদৌ অসম ছাত্র সন্থাৰ মিঠাই খাই, আনন্দ কৰাত আমি দুখ পাইছোঁ।  তেওঁলোকে ১৯৭১ চনৰ পাছত অহা বিদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ পাছত মিঠাই খোৱা হলে ভালপালোহেতেন।আমি ভাৰতীয় সংবিধানক আমি সন্মান কৰোঁ। । আমি অসম সন্মিলিত মহাসংঘৰ লগত জড়িত হৈ আছোঁ।  ১৯৭১ চনলৈ আমি দুখ পাইছোঁ।  এয়া দুৰ্ভাগ্যজনক। দিছপুৰ পূৰ্বে জনগোষ্ঠীৰ হাতত আছিল। অসমৰ জাতি, জনগোষ্ঠীক সুৰক্ষা দিব লাগে। বাংলাদেশৰ সুৰক্ষা দিয়া ভিত্তিবৰ্ষ আমাক নালাগে।  ১৭ অক্টোবৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে অসমৰ কাৰণে নাগৰিকত্ব ভিত্তি বর্ষ ১৯৭১ চন বুলি যি ৰায় দান কৰিলে সেই সন্দৰ্ভত আমি ক'ব বিচাৰিছো যে আমি উচ্চতম ন্যায়ালয়ৰ ৰায়ক সন্মান কৰো। নাগৰিকত্ব ভিত্তি বৰ্ষ ১৯৫১ কৰিলে অসমৰ জনসাধাৰণ বহু উপকাৰ হ'ল হেতেন। কিয়নো ১৯৭১ বর্ষ হলে অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হয়। অসমত ১৯৭১ ভিত্তি বর্ষ কৰাৰ লগে লগে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ জাতি-মাটিৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হ'ব। যিহেতু ভাৰতীয় সংবিধানত গোটেই ভাৰত বৰ্ষৰ বাবে নাগৰিকত্ব ভিত্তি বর্ষ ১৯৫১ৰ ব্যৱস্থা আছে, তেনে ক্ষেত্রত অকল অসমে কিয় ১৯৭১ বর্ষটো গাত পাতি ল'ব। সেয়েহে আমি  উচ্চতম ন্যায়ালক পুনৰ বাৰ অনুৰোধ জনাওঁ যে উক্ত বিষয়টি পুনৰ বিবেচনা কৰি ১৯৭১ৰ সলনি ১৯৫১ ভিত্তিবর্ষ কৰি অসমৰ খিলঞ্জীয়া লোক সকলক সুৰক্ষা প্রদান কৰে যেন।যদি  উচ্চতম ন্যায়লয়ে এই বিষয়টোৰ ওপৰত কোনো ধৰণৰ বিবেচনা নকৰে তেনেহলে আমি  পুনৰ ন্যায়লৰ কাষ চাপিমবলৈ বাধ্য হ'ম।' সংবাদ মেলত খিলঞ্জীয়া সুৰক্ষা সমিতি, অসমৰ ভাৰপ্ৰাপ্ত সভাপতি উত্তম দাস, মুখ্য উপদেষ্টা ভাস্কৰ দাস, সহ: সম্পাদক ৰাজকুমাৰ নাথৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here