W7s news,,,গুৱাহাটী ১অক্টোবৰ
গোটানগৰত অৱস্থিত ডিভাইন কিয়াৰ শ্ব’ৰুমত কিয়া চেল্টছ, ছনেট আৰু কেৰেন্সৰ গ্ৰেভিটি ভেৰিয়েণ্ট মুকলি কৰা হয়। ডিভাইন কিয়াৰ সঞ্চালক সুৰেশ মৰ্ডানীৰ লগতে কিয়াৰ অন্যান্য জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত আজি ডিভাইন কিয়াই জনপ্ৰিয় কিয়া চেল্টছ মিড চাইজ এছ ইউ ভি, ছনেট কম্পেক্ট এছ ইউ ভি আৰু কেৰেন্স এম পি ভিৰ গ্ৰেভিটি ট্ৰিমছ মুকলি কৰে। তিনিওটা মডেলৰ নতুন ট্ৰিমৰ জৰিয়তে গাড়ী নিৰ্মাতা কোম্পানীটোৱে উৎসৱৰ বতৰত বিক্ৰী বৃদ্ধি কৰিবলৈ আশা প্ৰকাশ কৰে। এই উপলক্ষে সুৰেশ মৰ্ডানীয়ে কয় যে আগন্তুক দুৰ্গা পূজা আৰু দীপাৱলীৰ পূৰ্বে আমি আমাৰ গোটানগৰ শ্ব’ৰুমত চেল্টছ মিড চাইজ এছ ইউ ভি, ছনেট কম্পেক্ট এছ ইউ ভি আৰু কেৰেন্স এম পি ভিৰ ভেৰিয়েন্ট মুকলি কৰি আমি উৎসাহিত। কিয়া ছনেট গ্ৰেভিটি: ছনেট গ্ৰেভিটিৰ মূল্য ১০.৪৯ লাখৰ পৰা ১১.৯৯ লাখ টকাৰ ভিতৰত (এক্স শ্ব’ৰুম)। ইয়াত ১.২ লিটাৰ পেট্ৰ’ল আৰু ১.৫ লিটাৰ ডিজেল ইঞ্জিনৰ বিকল্প আছে। পেট্ৰ’ল ইউনিটত ৬ স্পীড এমটি আৰু আইএমটিৰ পছন্দ পোৱা যায়, আনহাতে ডিজেল ইউনিটত মাত্ৰ ৬ স্পীড এমটিহে আছে।
এতিয়া ছনেটৰ ২৩টা ভেৰিয়েন্ট আছে। ছনেট গ্ৰেভিটিয়ে ডেচ কেম, ৮ ইঞ্চি ডিজিটেল এলচিডি ক্লাষ্টাৰ, ৱাইৰেলছ চাৰ্জাৰ, লেদাৰ ছিট কভাৰৰ দৰে উন্নীতকৰণ লাভ কৰে।
No comments:
Post a Comment