# বিশ্বত বছৰি ২০.০৫ মিলিয়ন লোকৰ মৃত্যু হয় হৃদৰোগত#
# ধপাত-সুৰাৰ অবাধ প্ৰচলন-আসক্তিয়ে ক্ষতি সাধন কৰিছে মানুহৰ হৃদযন্ত্ৰৰঃ ডাঃ চন্দন মোদক#
W7s news গুৱাহাটী :সমগ্ৰ পৃথিৱীজুৰি আজি উদ্যাপিত হৈছে “বিশ্ব হৃদ দিৱস” ৷ ইয়াৰে সংগতি ৰাখি ৰাজ্যখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী” আৰু দিছপুৰ হাস্পতালৰ উদ্যোগত গুৱাহাটী মহানগৰীত এটি স্বাস্থ্য সজাগতা শোভাযাত্ৰা উলিয়ায় ৷ পুৱা ৫ঃ৩০ বজাত দিছপুৰ হাস্পতালৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীত সহযোগ কৰে “কাৰ্ডিঅ’লজীকেল ছ’চাইটি অৱ ইণ্ডিয়া”ৰ এন ই চেপ্টাৰ আৰু কাৰ্ডিঅ’লজীকেল ছ’চাইটি অৱ আছাম”-এ ৷ দুই শতাধিক লোকে অংশগ্ৰহণ কৰা সমদলটিৰ ফ্লেগ অফ কৰে বিশিষ্ট ফেশ্বন ডিজাইনিং শিল্পী গৰিমা শইকীয়া গাৰ্গে ৷ ইয়াত অংশগ্ৰহণ কৰি “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সভাপতি তথা বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ চন্দন মোদকে কয় যে বিশ্বত বছৰি ২০.০৫ মিলিয়ন লোকৰ মৃত্যু হয় হৃদৰোগত ৷ ইয়াৰ ভিতৰত ৮০% ই প্ৰতিৰোধ কৰিব পাৰি যদিও সজাগতাৰ অভাৱত অতি কৰুণভাৱে অকাল মৃত্যুৰ কৱলত পৰে সেইসকল লোক ৷ সেয়ে এইবেলি বিশ্ব হৃদ দিৱসৰ আহ্বান হৈছে “use heart for action”, অৰ্থাৎ হৃদযন্ত্ৰৰ বিষয়ে সকলোৱে বুজিব লাগে আৰু ইয়াক সুস্থ শৰীৰৰ বাবে কাৰ্যক্ষম কৰিব লাগে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মানুহৰ মাজত পূৰ্ণ সজাগতা সৃষ্টিৰ বাবে কৰ্মসূচী প্ৰস্তুত কৰিছে “দ্য হাৰ্ট”-এ ৷ তেওঁ লগতে কয় যে বৰ্তমানৰ বিভিন্ন চাপযুক্ত জীৱনশৈলী, ধপাত-সুৰা সেৱনৰ লগতে অন্যান্য ক্ষতিকাৰক মাদক দ্ৰব্যৰ অবাধ প্ৰচলন আৰু ইয়াৰ প্ৰতি মানুহৰ আসক্তি , উচ্চৰক্তচাপ, মধুমেহ ৰোগ, প্ৰয়োজনীয় শাৰীৰিক শ্ৰম-ব্যায়ামৰ ক্ষেত্ৰত অৱহেলা, মেদবহুলতা আৰু প্ৰকৃতিৰ সন্তুলনহীনতা আদি সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমতো দিনে দিনে বৃদ্ধি পাই অহা হৃদৰোগৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে ৷ বৰ্তমান সময়ত সৰু-ডাঙৰ সকলোৰে সীমাহীন মোবাইল আসক্তি মানসিক ৰোগৰ এক শীৰ্ষ কাৰণ বুলি চিহ্নিত হৈছে ৷ ইয়াৰ ফলত হৃদযন্ত্ৰৰো ক্ষতি সাধন হ’ব পাৰে ৷ গতিকে এই দিশবোৰৰ ক্ষেত্ৰত ব্যক্তি আৰু সামাজিক পৰ্যায়ত যথোচিত সচেতনতা গঢ়ি তোলাটো অতীৱ প্ৰয়োজনীয় বুলি কয় ডাঃ মোদকে৷ সমান্তৰালভাৱে বিজ্ঞান মনস্কতা গঢ়ি তুলিবলৈও আহ্বান জনায় তেওঁ ৷ উল্লেখ্য যে দিছপুৰ হাস্পতালৰ পৰা সচিবালয়ৰ সন্মুখেৰে চুপাৰ মাৰ্কেট হৈ আজিৰ সজাগতা সমদলটি হাতীগাঁৱৰ নামঘৰ পথৰ সমীপত থকা “দ্য হাৰ্ট”ৰ শাখা কাৰ্যালয়ত সমৱেত হয় ৷ এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাত ইতিবাচক সঁহাৰি জনোৱা স্বাস্থ্য সচেতন ৰাইজ আৰু সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছে “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”-এ ৷
No comments:
Post a Comment