প্ৰস্ৰাৱৰ ৰোগ আৰু কৰ্কট ৰোগৰ সজাগতাৰ বাবে গুৱাহাটীত আলোচনা চক্ৰ আৰু বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 8 September 2024

প্ৰস্ৰাৱৰ ৰোগ আৰু কৰ্কট ৰোগৰ সজাগতাৰ বাবে গুৱাহাটীত আলোচনা চক্ৰ আৰু বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন




W7s news,,,গুৱাহাটী, ৮ ছেপ্টেম্বৰ: ভাৰত বিকাশ পৰিষদে ভাৰতীয় শক্তি গ্ৰীড নিগম আৰু সহযোগী অংশীদাৰ হিচাপে শয়ন্তিকাৰ সহযোগত গুৱাহাটীৰ বিষ্ণুপুৰৰ ভাৰত বিকাশ পৰিষদ সেৱা কেন্দ্ৰত এক স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। এই অনুষ্ঠানত প্ৰস্ৰাৱৰ সৈতে জড়িত ৰোগ আৰু কৰ্কট ৰোগ সম্পৰ্কে সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত কৰা হয়।এই উপলক্ষে আয়োজিত অনুষ্ঠানত সোণাপুৰৰ আই ইউ কে ডি হাস্পতালৰ ভাৰতৰ লেজাৰ মানৱ খ্যাত চিকিৎসক ডাঃ অৰূপ কুমাৰ নাথৰ লগতে গুৱাহাটী বাণিজ্য মহাবিদ্যালয় আৰু কে চি দাস মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হোমেশ্বৰ কলিতাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।


স্বাস্থ্য শিবিৰত উপস্থিত থাকি ডাঃ অৰূপ কুমাৰ নাথে কয়, “কৰ্কট ৰোগৰ লগত জড়িত প্ৰস্ৰাৱৰ সমস্যাসমূহ স্বাস্থ্যৰ বাবে এক চিন্তনীয় বিষয় কিয়নো ৰোগ নিৰ্ণয় আৰু চিকিৎসাত পলম হ’লে ইয়াৰ পৰিণতি অধিক জটিল হৈ পৰিব পাৰে। শেহতীয়া অধ্যয়নত ক’ভিড-১৯ মহামাৰীৰ সময়ত ইউৰ’লজিকেল কেন্সাৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত উদ্বেগজনক ধাৰা উন্মোচিত হৈছে। আমাৰ মূল গুৰুত্ব সদায় কৰ্কট ৰোগৰ আগতীয়া নিদানৰ ওপৰত কেন্দ্ৰীভূত হৈ আহিছে, যিটো ফলপ্ৰসূ চিকিৎসাৰ বাবে অতি প্ৰয়োজনীয়।’’


ইফালে অনুষ্ঠানটোৰ আয়োজক চন্দ্ৰিমা সেনে কয়, ''মহানগৰীত প্ৰস্ৰাৱৰ সৈতে জড়িত ৰোগ আৰু কৰ্কট ৰোগৰ সজাগতাৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰি আমি আনন্দিত হৈছো। মহামাৰীৰ পিছত কৰ্কট ৰোগ আৰু প্ৰস্ৰাৱৰ সমস্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বহু পৰিয়ালক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰিব পৰাকৈ সজগতা শিবিৰ অনুষ্ঠিত কৰাটো নিতান্তই প্ৰয়োজনীয় বুলি আমি উপলব্ধি কৰিছিলোঁ।’’

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here