অভয়াপুৰীৰ ৰুদ্ৰ কুমাৰ পাঠকলৈ "আৰোহণ সমাজ ৰত্ন বঁটা" - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 2 September 2024

অভয়াপুৰীৰ ৰুদ্ৰ কুমাৰ পাঠকলৈ "আৰোহণ সমাজ ৰত্ন বঁটা"

W7s news,,,গুৱাহাটী,,২ছেপ্টেম্বৰ,,


  অসমৰ আগশাৰীৰ সাহিত্য- সাংস্কৃতিক-সামাজিক বেচৰকাৰী সংস্থা "আৰোহণ আৰ্টিষ্ট গীল্ড" এ‌ সমাজত এচাম ব্যক্তি, যাৰ সৃষ্টি, সাধনা, কষ্টসহিষ্ণুতা,‌ বিৰল আৰু জীৱনজোৰা সাধনাৰে শিক্ষা,সাহিত্য, সাংস্কৃতিক,  আৰু সমাজসেৱা ক্ষেত্ৰখনলৈ বিশেষ সেৱা আগবঢ়াই আহিছে সেইসকল প্ৰথিতযশা ব্যক্তিসকললৈ ২০২৪-২৫ বৰ্ষৰ সন্মাজনক 'আৰোহণ বটা' প্ৰদান কৰাৰ বাবে দিহা কৰিছে । উল্লেখ্য যে সমাজ  - সাংস্কৃতিক জগতখনত  আগবঢ়াই অহা অৱদানৰ বিৰল স্বীকৃতি স্বৰূপে আৰোহণ আৰ্টিষ্ট গীল্ডৰ ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ সন্মানজনক "আৰোহণ সমাজ ৰত্ন বটা" বঙাইগাঁও জিলাৰ  অভয়াপুৰী নিবাসী বিশিষ্ট ব্যৱসায়ী  তথা সমাজ - সাংস্কৃতিক কৰ্মী ৰুদ্ৰ কুমাৰ পাঠকক প্ৰদান কৰা হ'ব । যিগৰাকী সমাজপ্ৰাণ ব্যক্তি বঙাইগাঁও জিলাৰ গৌৰৱ আৰু  সমাজৰ বাবে বিভিন্ন ধৰণৰ কাম কৰা হেতুকে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । তাৰ ফলস্বৰূপে আৰোহণ আৰ্টিষ্ট গীল্ডে  তেখেতৰ কৰ্মৰাজীৰ ওপৰত ভিত্তি কৰি "আৰোহণ সমাজ ৰত্ন বটা" প্ৰদান কৰাৰ বাবে মনোনীত কৰা বুলি আৰোহণ আৰ্টিষ্ট গীল্ডৰ সভাপতি দিলীপ নাথে  জানিব দিয়ে । সেয়ে  ৮ ছেপ্টম্বৰত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদন (অসম সাহিত্য সভা প্ৰেক্ষাগৃহত) ত প্ৰদান কৰা হ'ব ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here