*
*গুৱাহাটী, ১৫ ছেপ্টেম্বৰ:* যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা ইণ্ডিয়ান চুপাৰ লীগ (আইএছএল) ২০২৪-২৫ চিজনত নৰ্থইষ্ট ইউনাইটেড এফচিয়ে যোৱাবাৰৰ আইলীগ চেম্পিয়ন কলকাতাৰ ঐতিহাসিক ক্লাব মহম্মদন স্পোৰ্টিং ক্লাবৰ বিৰুদ্ধে অহা ১৫ ছেপ্টেম্বৰ তাৰিখে যাত্ৰা আৰম্ভ কৰিব কিশোৰ ভাৰতী ক্রীড়াঙ্গন খেলপথাৰত । উক্ত খেলখন আৰম্ভ হ'ব সন্ধিয়া ৭ বাজি ৩০মিনিটত ।
দেশৰ শীৰ্ষ ডিভিজনৰ পেছাদাৰী ক্লাব প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা নৰ্থইষ্ট ইউনাইটেড এফচিয়ে হৈছে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ফুটবল দল । উল্লেখ্য যে হাইলেণ্ডাৰ্ছ নামেৰে খ্যাত এই ক্লাবটোয়ে কলকাতাত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ বিজয় কৰাৰ পিছত পুনৰ এবাৰ এইখন চহৰত উপস্থিত হব । আনহাতে মহম্মদন স্পোৰ্টিং ক্লাবে যোৱা চিজন আইলীগৰ চেম্পিয়ন হৈ এই প্ৰতিযোগিতাত খেলিবৰ বাবে যোগ্যতা অর্জন কৰিছে ।
নৰ্থইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক হুৱান পেড্ৰ' বেনালিয়ে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সংবাদ মেলত উপস্থিত থাকি উক্ত খেল সম্পৰ্কে কয় যে এইখন খেলত দুয়োটা ফুটবল দলেই নিজকে প্ৰমাণ কৰিব বিচাৰিব ।
"আমি এটা ভাল দলৰ বিৰুদ্ধে খেলিবলৈ গৈ আছোঁ । মহম্মদন স্পোৰ্টিং ক্লাব দলত বহু ভাল খেলুৱৈয়ে অভিজ্ঞ আৰু ভাল প্ৰশিক্ষকৰ তত্বাৱধানত খেলি আছে । তেওঁলোকে এখন বিশেষ খেলপথাৰত নিজৰ অনুৰাগী সকলৰ সন্মুখত খেলিব । আমাৰ নিজা পৰিকল্পনা আছে । আমি নিজকে শান্ত ৰাখি আমাৰ খেল খেলাত মনোযোগ দিম ।"
তদুপৰি পেড্ৰ' বেনালীয়ে কয় যে সকলো খেলৰ এটা নিজা কাহিনী থাকে । এখন খেল হৈছে বহু সৰু সৰু খেলৰ এক সমাহাৰ, আৰু যদিহে আমি এই সৰু সৰু খেলসমূহ জিকিবলৈ সক্ষম হওঁ তেন্তে আমি মূল খেলখনটো চূড়ান্ত বিজয়ী হবলৈ সক্ষম হম । ফুটবল কেৱল আক্ৰমণ বা ডিফেন্স কৰাটেই সীমাবদ্ধ নহয়, সকলো দিশ সন্তুলিত কৰি ৰাখিলেহে উপযুক্ত ফলাফল পাব পাৰি ।
ক্লাবৰ অন্য এজন অধিনায়ক মিৰচাদ মিছুয়ে সাংবাদিকৰ আগত কয় যে ক্লাবটোহে নিজৰ প্ৰস্তুতি খুব ভালদৰে কৰিছে । "মোৰ লগতে অন্য দুজন গলকীপাৰ -গুৰমিত সিং আৰু দীপেছ চৌহান"- আমি তিনিজনে ইজনে সিজনক সহায় কৰি আহিছোঁ । ক্লাবৰ সকলোৱে সকলোকে সহায় কৰে লগতে প্ৰশিক্ষক সকলেও আমাক সহায়, গাইড কৰে । যদিহে আমি ইজনে সিজনৰ কিবা ভুল দেখা পাওঁ তেন্তে আমি আলোচনা কৰোঁ আৰু ইয়াক শুদ্ধ কৰিবলৈ চেষ্টা কৰোঁ ।
No comments:
Post a Comment