ষাঠিটাত কৈও অধিক সামাজিক সংগঠনে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক সম্বৰ্ধনা জনায় - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 12 August 2024

demo-image

ষাঠিটাত কৈও অধিক সামাজিক সংগঠনে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক সম্বৰ্ধনা জনায়

Responsive Ads Here
IMG_20240812_230712


 

লায়ন্স গ্ৰেটাৰ আৰু ৰাজস্থান ফাউণ্ডেচনৰ উদ্যোগত "নাগ্ৰিক অভিনন্দন"


W7s news,,গুৱাহাটী, ১২ আগষ্টঃ ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে গৃহ ৰাজ্য অসমত উপস্থিত হোৱাত নৱনিযুক্ত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক সম্বৰ্ধনা জনোৱা হৈছে। এই ক্ৰমত ৰাজ্যপাল ৰমেন ডেকাৰ বাবে গুৱাহাটীৰ চত্ৰীবাৰীৰ পৰশুৰাম সেৱা সদনত লায়ন্স ক্লাব অৱ গুৱাহাটী গ্ৰেটাৰ আৰু ৰাজস্থান ফাউণ্ডেচনৰ যৌথ  উদ্যোগত "নাগ্ৰিক অভিনন্দন" কাৰ্যসূচীৰ আয়োজন কৰা হয়, য'ত বিভিন্ন সামাজিক আৰু অন্যান্য সংগঠনৰ বিষয়াসকলে ৰাজ্যপালক উষ্ম সম্বৰ্ধনা জনায়। ষাঠিটাত কৈও অধিক সামাজিক সংগঠনৰ প্ৰতিনিধিয়ে ৰাজ্যপালক ডেকাক সম্বৰ্ধনা জনায়। ইয়াৰ পূৰ্বে ৰাজ্যপাল ৰমেন ডেকাই "নাগ্ৰিক অভিনন্দন" কাৰ্য্যসূচী বন্তি জ্বলাই উদ্বোধন কৰে।

নিজৰ মানুহৰ মাজত সম্বৰ্ধনা লাভ কৰি ৰাজ্যপাল ডেকাই কয় যে অসমৰ ৰাইজৰ মৰমৰ ফলস্বৰূপে আজি মই ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পাইছো। আজি তেওঁক ইমান মৰম দিয়া সকলো সংগঠনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। যদিও মই ৰাজ্যপালৰ পদত আছো, তথাপিও আপোনালোক সকলোৰে বাবে মই সদায় উপলব্ধ ৰাজ্যপাল ডেকাই কয়।

এই উপলক্ষে লায়ন্স গ্ৰেটাৰৰ প্ৰাক্তন সভাপতি প্ৰমোদ হৰলালকাই কয় "নাগ্ৰিক অভিনন্দন" অনুস্থানত গুৱাহাটীৰ মেয়ৰ মৃগেন সাৰনিয়া, এন আৰ এলৰ অধ্যক্ষ বিজয় গুপ্তা, লায়ন্স ক্লাবৰ প্ৰাক্তন জিলা ৰাজ্যপাল ড° এছ এছ হৰলালকাই, লায়ন্স গ্ৰেটাৰৰ সভাপতি জ্যোতি আগৰৱাল, ৰাজস্থান ফাউণ্ডেশ্যনৰ সভাপতি ৰমেশ পাৰিকে, সম্পাদক দীনেশ শৰ্মা, উপদেষ্টা চন্দ্ৰ প্ৰকাশ শৰ্মাইও বৈঠকত নিজৰ মতামত ব্যক্ত কৰে।

কাৰ্যসূচী সমন্বয়ক নিৰু কাব্ৰাই কয় যে "নাগ্ৰিক অভিনন্দন" সমাৰোহত ৰাজ্যপালক সম্বৰ্ধনা জনাবলৈ গুৱাহাটীৰ বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি উপস্থিত হয়। সঠিটাত কৈও অধিক সংগঠনৰ প্ৰতিনিধিয়ে ৰাজ্যপাল ডেকা আৰু ফাৰ্ষ্ট লেডী ৰাণী ডেকা কাকতিক ফুলাম গামোছা, ঝাপি, মমেণ্টো আদি উপহাৰ দি সম্বৰ্ধনা জনায়। বিজয় শৰ্মাই কয় যে এই উপলক্ষে বিজেপিৰ ৰাজ্যিক কোষাধ্যক্ষ ৰাজ কুমাৰ শৰ্মা, বিভিন্ন জিএমচি ৱাৰ্ডৰ কাউন্সিলাৰ, লায়ন্স জিলাৰ বিষয়াসকল উপস্থিত থাকে। লায়ন্সৰ গ্ৰেটেৰৰ প্ৰাক্তন সভাপতি  প্ৰমোদ হৰলালকাই কৈয় "নাগ্ৰিক অভিনন্দন" অনুস্থানত উপস্থিত থকা বিভিন্ন সংগঠনৰ সকলো প্ৰতিনিধিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি অনুষ্ঠানটোক সফল আৰু স্মৰণীয় কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *