ৰুদ্ৰাক্ষ মলত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ প্ৰথম আৰ্ট, ক্ৰাফ্ট আৰু ষ্টেচনাৰী সামগ্ৰীৰ আউটলেট উদ্বোধন
W7s news,,,গুৱাহাটী ২ আগষ্ট: উত্তৰ-পূবৰ সৰ্ববৃহৎ আৰু এই ধৰণৰ প্ৰথম আৰ্ট, ক্ৰাফ্ট আৰু ষ্টেচনেৰী মেটেৰিয়েল এক্সক্লুছিভ শ্ব'ৰুম "পেঞ্চিল" দ্য ক্ৰিয়েটিভ ছ'লে গুৱাহাটীৰ ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলৰ দ্বিতীয় মহলাত আজি মুকলি কৰা হয়। শ্ব'ৰুমটো উদ্বোধন কৰে অসম আৰক্ষীৰ ডি আই জি (চি. ডব্লিউ. আৰ) শ্ৰীমতী ইন্দ্ৰাণী বৰুৱাই, আই.পি.এছ.। অনুস্থানত পেঞ্চিলৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী শ্ৰীমতী নুপুৰ আগৰৱালা, সৌৰভ আগৰৱালাৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃ শ্ৰীযুত কুঞ্জ বেহাৰী আগৰৱালা, শ্ৰীমতী শ্ৰীমতী সুমিত্ৰ দেৱী আগৰৱালা, গোবিন্দ নলোতিয়া, শ্ৰীমতী সুনীতা নলোতীয়া উপস্থিতিত বন্তি প্ৰজ্বলনৰে শ্ব'ৰুমটো উদ্বোধন কৰে।
অনুষ্ঠানটোত বক্তব্য ৰাখি মুখ্য অতিথিয়ে কয় “পেঞ্চিল” নামটোৱে নিজেই এই শ্ব'ৰুমটোৰ স্বকীয়তা বৰ্ণনা কৰিছে। এই শ্ব'ৰুমটোৱে এজন ব্যৱসায়ীৰ পৰা এজন শিক্ষাৰ্থীৰ প্ৰতিটো প্ৰয়োজনীয়তা পূৰ্ণ কৰিব পাৰিবা। উদ্বোধনৰ সময়ত নুপুৰ আগৰৱালাই পেঞ্চিল শ্ব'ৰুমটোৰ সন্দৰ্ভত কয় যে আমাৰ ওচৰত ফ্লুইড আর্ট, ফেব্রিক আর্ট, ডিকোপেজ, ৰেজিন আৰ্ট, মেক্রেম, স্কেচিং, ইংক আর্ট, মিক্স মিডিয়া, ডাই কাট, মিনিয়েচাৰ, মাণ্ডালে, পেইণ্টিং, ক্রাটিং, স্কুল আৰু অফিচ ষ্টেচনেৰী আৰু বহুতো আৰ্ট ফৰ্মৰ বাবে ঘৰুৱা সামগ্ৰী আছে। চমুকৈ আমাৰ ওচৰত কলা আৰু কাৰুশিল্পৰ সৈতে সম্পর্কিত সকলো আছে। তেওঁ কয় যে শ্ব’ৰুমটোৱে সময়ে সময়ে শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে বিশেষ কলা আৰু ক্ৰাফ্ট শ্রেণীও হাতত ল'ব। এই শ্ব'ৰুমে কেৱল উদীয়মান শিল্পীসকলক অনুপ্রাণিত নকৰে, লগতে গুৱাহাটীত এনে সকলো সামগ্ৰীৰ উপলব্ধতা উন্নত কৰিব। তেওঁ লগতে কয় যে শ্ব'ৰুমে পৰিদৰ্শন কৰা সকলো অতিথি আৰু শিল্পীয়ে ৰখা সামগ্ৰীৰ পৰিসৰৰ প্ৰশংসা কৰিছে আৰু ইয়াক শিল্পীৰ স্বৰ্গ বুলি অভিহিত কৰিছে।
No comments:
Post a Comment