গ্ৰাহকৰ পেকেজ দ্ৰুত সৰবৰাহৰ বাবে ৰে’লৱে’ শৃংখলৰ ব্যৱহাৰ বৃদ্ধিৰ অৰ্থে ভাৰতীয় ৰে’লৱে’ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ এমাজন ইণ্ডিয়াৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 29 August 2024

গ্ৰাহকৰ পেকেজ দ্ৰুত সৰবৰাহৰ বাবে ৰে’লৱে’ শৃংখলৰ ব্যৱহাৰ বৃদ্ধিৰ অৰ্থে ভাৰতীয় ৰে’লৱে’ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ এমাজন ইণ্ডিয়াৰ


 


W7s news,,,আসাম, আগষ্ট, ২০২৪ : এমাজন ইণ্ডিয়া পেকেজৰ নিৰ্ভৰযোগ্য আৰু দ্ৰুত সৰবৰাহৰ বাবে বৰ্তমানৰ অংশীদাৰিত্ব শক্তিশালী কৰি আজি এমাজন ট্ৰেন্সপ’ৰ্টেশ্যন ছাৰ্ভিচেজ প্ৰাইভেট লিমিটেড (এমাজন ইণ্ডিয়া) তথা ভাৰতীয় ৰে’ল মন্ত্ৰালয়ে বুজাবুজিৰ চুক্তি সম্পন্ন কৰিছে৷ ভাৰতীয় ৰে’লৱে’ৰ শক্তিশালী আঞ্চলিক শৃংখলৰ জৰিয়তে সামগ্ৰীৰ দ্ৰুত সৰবাৰহৰ বাবে এই চুক্তি সম্পাদন কৰা হৈছে। এই বুজাবুজিৰ চুক্তি অনুযায়ী এমাজন ইণ্ডিয়া আৰু ভাৰতীয় ৰে’লৱে’ই যৌথভাৱে প্ৰেৰণ আৰু গন্তব্যস্থানৰ বাবে কেন্দ্ৰ তথা স্প’ক মডেল স্থাপনৰ দিশত কাম কৰিব৷ পৰৱৰ্তী পৰ্যায়ত এই অভিজ্ঞতাৰে সমগ্ৰ শৃংখলত বৃদ্ধিৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ সংজ্ঞায়িত কৰিব। এই পৰিকল্পনাত প্ৰথম আৰু শেষ পৰ্যায়ৰ প্ৰয়োজন, সৰবৰাহৰ সময়, খৰচৰ বিকল্প আৰু ৰে’লৱে’ত পাৰ্চেলৰ পৰিমাণ বৃদ্ধি কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৰে’লৱে’ৰ জৰিয়তে পাৰ্চেল সৰবৰাহৰ বাবে দ্ৰুত আৰু নিৰ্ভৰযোগ্য বিতৰণ নেটৱৰ্ক নিশ্চিত কৰাৰ প্ৰয়োজনৰ বিষয়েও এমাজন ইণ্ডিয়াই পৰামৰ্শ আগবঢ়াব। এই কাৰ্যৰ লক্ষ্য হৈছে ই-বাণিজ্য খণ্ডৰ প্ৰয়োজন পূৰণ কৰিবলৈ অধিক সামঞ্জস্যপূৰ্ণ কাৰ্যকৰী সময়সীমা নিশ্চিতকৰণ৷


“ভাৰতীয় ৰে’লৱে’ৰ সৈতে আমাৰ সংযোগ দেশৰ অৰ্থনৈতিক শ্ৰীবৃদ্ধিৰ বাবে প্ৰাচীন খণ্ডটোক লাভৱান কৰিবলৈ চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে মিল আছে। তদুপৰি চুক্তিয়ে সমগ্ৰ ভাৰতৰ আমাৰ গ্ৰাহকসকলক দ্ৰুত আৰু নিৰ্ভৰযোগ্য ডেলিভাৰীৰ সৈতে অতুলনীয় নিৰ্বাচনৰ সুবিধা প্ৰদান কৰাৰ বাবে আমাৰ দায়বদ্ধতা প্ৰতিফলিত কৰে। ২০১৯ চনৰ পৰা আমি সহযোগিতা কৰি এক অভিনৱ সৰবৰাহ আৰ্হি তৈয়াৰ কৰিছো যি এমাজনৰ ই-বাণিজ্যৰ গুণাগুণক ভাৰতীয় ৰে’লৱে’ৰ বিশাল আৰু নিৰ্ভৰযোগ্য শৃংখলৰ সৈতে একত্ৰিত কৰে। ইয়াৰ দ্বাৰা সমগ্ৰ দেশতে কোটি কোটি সামগ্ৰীৰ দ্ৰুত ডেলিভাৰী সম্ভৱ হৈছে। পৰৱৰ্তী সময়ত আমি ভাৰতীয় ৰে’লৱে’ৰ সমান্তৰালভাৱে অধিক উদ্ভাৱনক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ, যাতে আমাৰ গ্ৰাহকসকলক উন্নত সেৱা আগবঢ়াব পাৰো।’’- এই মন্তব্য কৰো এমাজন ইণ্ডিয়াৰ অভিযানৰ উপ-সভাপতি অভিনৱ সিঙে।


 ‘ভাৰতীয় ৰে’লৱে’ৰ সৈতে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ বাবে মই এমাজনক প্ৰশংসা কৰিছো। এই সহযোগিতা আৰু অংশীদাৰিত্বই ৰে’লৱে’ক ই-বাণিজ্য ব্যৱসায়ৰ প্ৰয়োজন বুজি উঠিবলৈ তথা সেই অনুসৰি পৰিবহণ সেৱাৰ পৰিকল্পনাত অধিক সহায় কৰিব। ভাৰতীয় ৰে’লৱে’ৰ জৰিয়তে ই-বাণিজ্যৰ কাৰ্গোৰ চলাচল বৃদ্ধিৰ দিশত এই বুজাবুজি চুক্তিখন গুৰুত্বপূৰ্ণ পদক্ষেপ। মই ই-বাণিজ্য খণ্ডক তেওঁলোকৰ লজিষ্টিক প্ৰয়োজন শৃংখলিত কৰিবলৈ ৰে’ল পৰিবহণৰ দক্ষতা আৰু বহনক্ষমতাৰ লাভ উঠাবলৈ উৎসাহিত কৰিছোঁ৷ ভাৰতীয় ৰে’লৱে’ই পাৰ্চেল ডেলিভাৰীৰ বাবে ৰে’লসেৱা গ্ৰহণ কৰাটো সহজ তথা উৎসাহিত কৰাৰ বাবে পাৰ্চেল সেৱাৰ লগতে ভাৰ্চুৱেল এগ্ৰিগেশ্যন প্লেটফৰ্ম (ভি এ পি) আৰম্ভ কৰিছে৷ সেয়ে মই ই-বাণিজ্য ব্যৱসায়ীক এই সুবিধা দুয়োপক্ষৰ লাভৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছো৷- ভাৰতীয় ৰে’লৱে’ৰ ৰে’লৱে’ ব’ৰ্ডৰ সদস্য (অভিযান আৰু বাণিজ্য উন্নয়ন) ৰবিন্দৰ গোৱালে কয়৷


এমাজন ইণ্ডিয়াই ২০১৯ চনৰ পৰা ভাৰতীয় ৰে’লৱে’ৰ সৈতে সহযোগ আৰম্ভ কৰিছিল৷ ভাৰতীয় ই-বাণিজ্য খণ্ডৰ প্ৰথম প্ৰতিষ্ঠান হিচাপে ভাৰতীয় ৰে’লৱেৰ সৈতে অংশীদাৰিত্ব কৰি মুম্বাই-দিল্লী পথৰ ৰাজধানীত এক্সপ্ৰেছত পাৰ্চেল ৱেগন কঢ়িয়াই নিব পৰাকৈ এক্সপ্ৰেছ পৰিবহণ পদ্ধতি নিৰ্মাণ কৰিছিল৷ যোৱা ৫ বছৰত এমাজনে ২০১৯ চনত এখন ৰে’লৰ পৰা ২০২৪ চনত ১২০ খনৰো অধিক ৰে’ললৈ নিজৰ কাৰ্যাৱলী বৃদ্ধি কৰিছে৷ ৰে’লৱে’ৰ জৰিয়তে ৯১ গন্তব্য চহৰৰ মাজেৰে ১৩০টা আন্তঃচহৰীয়া পথ প্ৰতিষ্টানটোৱে পৰিচালনা কৰিছে। ২০১৯ চনত ভাৰতীয় ৰে’লৱে’ৰ সৈতে কাম আৰম্ভ কৰাৰ পিছৰে পৰা ৰে’লৱে’ লেনৰ জৰিয়তে এমাজনৰ পাৰ্চেলৰ চলাচল ১৫ গুণ বৃদ্ধিৰ প্ৰতিনিধিত্ব কৰে। ভাৰতীয় ৰে’লৱে’ৰ সৈতে এমাজন ইণ্ডিয়াৰ সংযোগ প্ৰতিষ্ঠানটোৱে এদিন বা দুদিনৰ ভিতৰত গ্ৰাহকক ডেলিভাৰী প্ৰদানৰ দিশত নিৰ্ণায়ক হিচাপে পৰিগণিত হৈছে৷


২০২৩ চনত এমাজন ইণ্ডিয়াই ভাৰতীয় ৰে’লৱে’ৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ ব্যৱহাৰকাৰী প্ৰথমটো ই-বাণিজ্য লজিষ্টিক প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছিল৷ যিসমূহ বৰ্তমানৰ ৰে’ল শৃংখলক ভিৰমুক্ত কৰিবলৈ, মালবাহী ৰে’লৰ গড় গতি বৃদ্ধি কৰিবলৈ, গধুৰ ৰে’লৰ পৰিচালনা, পুৰণি আস্থানৰ সংযোগ, ঔদ্যোগিক এলেকাৰ সংযোগ স্থাপন আৰু সৰবৰাহৰ সামগ্ৰিক খৰচ হ্ৰাসৰ বাবে নিৰ্মাণ কৰা হৈছে৷ ভাৰতীয় ৰে’লৱে’ আৰু এমাজন ইণ্ডিয়াৰ মাজৰ এই অংশীদাৰিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বহু মৌলিকতা বৃদ্ধি আৰু ৰে’লৱে’ক অৰ্থনৈতিক তথা বহনক্ষম পৰিবহণ পদ্ধতি হিচাপে ব্যৱহাৰ কৰাৰ দৃষ্টিভংগীৰ সৈতেও সামঞ্জস্য আছে৷ লগতে এই সহযোগিতাই বিকশিত ভাৰত আৰু বিকশিত ৰে’লৰ বৃহত্তৰ দৃষ্টিভংগীৰ প্ৰতি অৰিহণা যোগায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here