তেজস্বিনী অসম আইডিয়াথন ২০২৪ : চূড়ান্ত পিচিং ৰাউণ্ড আৰু বুটকেম্পৰ সফল সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 23 August 2024

তেজস্বিনী অসম আইডিয়াথন ২০২৪ : চূড়ান্ত পিচিং ৰাউণ্ড আৰু বুটকেম্পৰ সফল সামৰণি


 

W7s news,,,গুৱাহাটী, ২৩ আগষ্ট ২০২৪: যোৱা ২১ আগষ্টত অনুষ্ঠিত হয় অসমৰ মহিলাসকলৰ উদ্যোগীকৰণৰ প্ৰসাৰৰ বাবে আয়োজিত প্ৰতিযোগিতা তেজস্বিনী অসম আইডিয়াথন ২০২৪ৰ চূড়ান্ত পিচিং ৰাউণ্ড আৰু বুটকেম্প। মন কৰিবলগীয়া যে, অতিৰিক্ত কাৰ্যসূচীৰে এই অনুষ্ঠানটো ২২ আগষ্টৰ দিনটোতো অব্যাহত থাকে। 

বিশ্ব উদ্যোগী দিৱসৰ সৈতে সংগতি ৰাখি ২১ আগষ্টত আয়োজন কৰা এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৱে মহিলা উদ্যোগীসকলক সবলীকৰণ আৰু আঞ্চলিক প্ৰত্যাহ্বানসমূহৰ উদ্ভাৱনীমূলক সমাধান বিচাৰি উলিওৱাৰ দৃঢ় প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। প্ৰণিধানযোগ্য যে, তেজস্বিনী অসম আইডিয়াথন ২০২৪ হৈছে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ মহিলা কোষৰ দ্বাৰা সমৰ্থিত এক অগ্ৰণী পদক্ষেপ। ইয়াক এমড’নাৰৰ অধীনত ভাৰত চৰকাৰৰ উদ্যোগ উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড (এন ই এইচ এইচ ডি চি)য়ে ৰূপায়ণ কৰি আহিছে।এই পদক্ষেপৰ লক্ষ্য হৈছে অসমৰ ১৮ৰ পৰা ৫০ বছৰ বয়সৰ মহিলাসকলক তেওঁলোকৰ ব্যৱসায়িক ধাৰণা দাঙি ধৰিবলৈ এক মঞ্চ প্ৰদান কৰা। ই তেওঁলোকক স্বীকৃতি, সমৰ্থন আৰু সম্পদৰ বহল নেটৱৰ্কত প্ৰৱেশৰ সুযোগ প্ৰদান কৰে। পূৰ্বে এই প্ৰতিযোগিতাৰ অধীনত সমগ্ৰ অসমৰ পৰা ১৬০০ টা পঞ্জীয়ন লাভ কৰা হৈছিল আৰু অসমৰ ছয়টা এলেকাত ভৌতিক পিচিং ৰাউণ্ড অনুষ্ঠিত হৈছিল। ডিআইচিচিৰ জি এম আৰু অন্যান্য বিষয়াসকলৰ সক্ৰিয় অংশগ্ৰহণে মহিলাসকলৰ শক্তিশালী অংশগ্ৰহণ সংগঠিত কৰাত সহায় কৰে। লক্ষণীয় যে, ২১ আৰু ২২ আগষ্টত বুটকেম্প আৰু চূড়ান্ত পিচিং ৰাউণ্ড অনুষ্ঠান পৰিৱেশতন্ত্ৰ সহযোগী হিচাপে থকা অসমৰ ষ্টাৰ্টআপ দ্য নেষ্টত অনুষ্ঠিত হয়। এই দুদিনীয়া অনুষ্ঠানটোত সমগ্ৰ অসমৰ পৰা ১৫০ গৰাকী মহিলাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি উদ্যোগ বিশেষজ্ঞ, শিক্ষাবিদ, পৰিৱেশ তন্ত্ৰৰ সমৰ্থক আৰু উদ্যোগীসকলৰ এটা পেনেলৰ সন্মুখত তেওঁলোকৰ উদ্ভাৱনীমূলক ধাৰণাসমূহ উপস্থাপন কৰাৰ লগতে অনন্য সামগ্ৰী আৰু সেৱাসমূহ প্ৰদৰ্শন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here