স্বাধীনতা দিৱসত ভাৰতক ধঁপাতৰ অবৈধ ব্যৱসায়ৰ বিপদৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 16 August 2024

স্বাধীনতা দিৱসত ভাৰতক ধঁপাতৰ অবৈধ ব্যৱসায়ৰ বিপদৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি

 

• ইউৰ’মনিটৰ ইণ্টাৰনেশ্যনেলৰ ২০২৩ বৰ্ষৰ প্ৰতিবেদন অনুসৰি ২০২২ চনত ভাৰতত অবৈধ চিগাৰেটৰ পৰিমাণ ৩০.২ বিলিয়ন, আগত আছে মাত্ৰ চীন আৰু ব্ৰাজিল


• প্ৰতিবেদন অনুসৰি ২০২২ ,বৰ্ষত  ধঁপাতৰ অবৈধ ব্যৱসায়ৰ বাবে ভাৰত চৰকাৰৰ ১৩,৩৩১ কোটি টকা লোকচান হৈছে, যি পৰিমাণ ২০১২ ত আছিল ৬,২৪০ কোটি টকা৷ লোকচান ৪৬% বৃদ্ধি


W7s news,,ভাৰত, ২০২৪ : স্বাধীনতা দিৱসৰ উপলক্ষত ফিলিপ মৰিছ ইণ্টাৰনেশ্যনেলৰ (পি এম আই) স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় শাখা আই পি এম ইণ্ডিয়াই ভাৰতৰ অৰ্থনৈতিক স্বাৰ্থৰ সুৰক্ষা আৰু গ্ৰাহকক সুৰক্ষিত কৰিবলৈ ধঁপাতৰ অবৈধ ব্যৱসায় প্ৰতিৰোধৰ প্ৰতি দায়বদ্ধতাক শক্তিশালী কৰিছে।


ধঁপাতৰ অবৈধ ব্যৱসায় বিশ্বজুৰি ডাঙৰ ভাবুকি আৰু ক্ৰমবৰ্ধমান প্ৰত্যাহ্বান। ভাৰতত যোৱা কিছু বছৰত অবৈধ ব্যৱসায়ৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে আৰু সময়ৰ লগে লগে এয়া বাঢ়ি গৈছে৷ ২০২২ বৰ্ষৰ  ফিকি কেছকেড অধ্যয়ন অনুসৰি ভাৰতত চিগাৰেটৰ অবৈধ সামগ্ৰিক বজাৰ ২২,৯৩০ কোটি টকা বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি ২০২২ বৰ্ষত ধঁপাতৰ অবৈধ ব্যৱসায়ৰ বাবে ভাৰত চৰকাৰৰ ১৩,৩৩১ কোটি টকা লোকচান হৈছে, যি পৰিমাণ ২০১২ বৰ্ষত আছিল ৬,২৪০ কোটি টকা৷ অৰ্থাৎ লোকচানৰ পৰিমাণ ৪৬% বৃদ্ধি হৈছে। ভাৰতীয় ধঁপাত প্ৰতিষ্ঠান (টি আই আই)ৰ তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় চোৰাং আৰু স্থানীয়ভাৱে নিৰ্মিত কৰ ফাঁকি দিয়া চিগাৰেটকে ধৰি চিগাৰেটৰ অবৈধ ব্যৱসায় ভাৰতৰ চিগাৰেট উদ্যোগৰ এক-চতুৰ্থাংশপৰ্যন্ত।শেহতীয়া খবৰ অনুসৰি সমগ্ৰ ২০২৩-২০২৪ বৰ্ষত ভাৰতৰ বহু চহৰত আইন বলৱতকাৰী সংস্থাই অবৈধ চিগাৰেট জব্দ কৰিছে। গুৱাহাটীত শুল্ক বিষয়া আৰু ৰে’ল কৰ্তৃপক্ষই একাধিকবাৰ ১১ লক্ষাধিক চিগাৰেট জব্দ কৰাৰ লগতে অসম ৰাইফলছেও বাজেয়াপ্ত কৰিছে। বিশাখাপট্টনমত আৰক্ষী আৰু শুল্ক বিভাগে ২১ লাখৰো অধিক চিগাৰেট জব্দ কৰাৰ বিপৰীতে বিজয়াৱাড়াত ৭৫টা বাকচকে ধৰি ১০৩ লাখৰো অধিক চিগাৰেট জব্দ কৰা হৈছে৷ হায়দৰাবাদ আৰক্ষীয়ে জব্দ কৰে ২৬৭ কাৰ্টন আৰু ৪.৫ লাখ চিগাৰেট৷ তদুপৰি লক্ষ্ণৌৰ শুল্ক বিষয়াসকলে ২.১২ লক্ষাধিক চিগাৰেট আৰু যথেষ্টসংখ্যক পেকেটৰ উপৰি বাকচ জব্দ কৰে। তদুপৰি কালিকট বিমানবন্দৰ, ফৰিদাবাদ, অমৃতসৰ আৰু ইন্দোৰত শুল্ক, আৰক্ষী তথা ডি আৰ আয়ে বহুবাৰ চিগাৰেট জব্দ কৰিছে৷ পুনে আৰু শিলচৰ, ৰায়পুৰ, ছুৰাট আৰু আহমেদাবাদতো ৮৫ লক্ষাধিক চিগাৰেট জব্দ কৰা হৈছে৷


ইউৰ’মনিটৰ ইণ্টাৰনেশ্যনেলৰ ২০২৩ চনৰ প্ৰতিবেদন অনুসৰি ২০২২ চনত ভাৰতত অবৈধ চিগাৰেটৰ পৰিমাণ ৩০.২ বিলিয়ন হৈছিলগৈ৷ যি পৰিমাণ মাত্ৰ চীন আৰু ব্ৰাজিলতকৈ কম৷


বিশ্বজুৰি অবৈধ বাণিজ্য ক্ৰমাৎ চিন্তাৰ বিষয় হৈয়েই আছে। ফিলিপ মৰিছ প্ৰডাক্টছ এছ এৰ অনুমোদক্ৰমে কে পি এম জি ২০২২ ৰ বাৰ্ষিক অধ্যয়ন ইউৰোপীয় সংঘ, ব্ৰিটেইন, নৰৱে, ছুইজাৰলেণ্ড, মলড’ভা আৰু ইউক্ৰেইনত অবৈধ চিগাৰেট সেৱনত প্ৰকাশ পাইছে যে কেৱল সমগ্ৰ ইউৰোপীয় সংঘত ৩৫.৮ বিলিয়ন অবৈধ চিগাৰেট সেৱন কৰা হৈছে৷ ফলত চৰকাৰসমূহে আনুমানিক লোকচান কৰিছে ১১.৩ বিলিয়ন ইউৰো ৰাজ, ২০২১ চনৰ তুলনাত এই হাৰ ৮.৫% বেছি। ইউৰোপীয় সংঘৰ অবৈধ বজাৰৰ বৃদ্ধিৰ আংশিক কাৰণ আছিল নকল ব্যৱহাৰৰ বৃদ্ধি, যি এতিয়ালৈকে অভিলেখ সৰ্বোচ্চ স্তৰত উপনীত হৈছে৷ জাল সামগ্ৰীৰ সৰহীয়া পৰিমাণ (৬১.৫%) ফ্ৰান্সত ব্যৱহাৰ কৰা হৈছিল।


ধঁপাতৰ অবৈধ ব্যৱসায়ৰ উত্থানক লৈ উদ্বেগ প্ৰকাশ কৰি আই পি এম ইণ্ডিয়াৰ পৰিচালন সঞ্চালক নৱনীল কৰে কয়- “অবৈধ ব্যৱসায় নিৰ্মূল কৰাটো আমাৰ বাবে দীৰ্ঘদিনীয়া অগ্ৰাধিকাৰ হৈ আহিছে আৰু কাৰ্যকৰী উৎকৰ্ষক আগুৱাই নিয়া তথা বহনক্ষম ভৱিষ্যত গঢ়ি তোলাৰ বাবে আমাৰ প্ৰচেষ্টাৰ এক অবিচ্ছেদ্য অংগ হৈয়ে আছে৷ বিশ্বজুৰি অবৈধ বাণিজ্য প্ৰতিৰোধৰ বাবে পি এম আইৰ কৌশলে ৫টা জটিল ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে- গৱেষণা আৰু চোৰাংচোৱা, যোগান শৃংখল সুৰক্ষিতকৰণ, অংশীদাৰিত্ব, আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে সহযোগিতা আৰু সজাগতা বৃদ্ধি। আমি জব্দ কৰা সামগ্ৰী পৰিদৰ্শন আৰু প্ৰমাণীকৰণ তথা ফৰেনছিক মূল্যায়ন কৰি আইন প্ৰয়োগকাৰী সংস্থাসমূহক সমৰ্থন আৰু সহায় কৰোঁ। লগতে অবৈধ সামগ্ৰীৰ গুণ, ক'লা বজাৰক গঢ় দিয়া উদীয়মান পথ আৰু ধাৰাসমূহৰ ওপৰত চোৰাংচোৱা তথ্য ভাগ-বতৰা কৰা আৰু আমি আমাৰ সামগ্ৰীসমূহ সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰা উদ্ভাৱনীমূলক প্ৰমাণীকৰণ আৰু সুৰক্ষা বৈশিষ্টসমূহৰ বিষয়ে বিষয়াসকলক প্ৰশিক্ষণ দিয়া হয়৷


ভাৰতত আমি এই কাৰ্যত সমানে বিনিয়োগ কৰিছো, আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ সৈতে কাম কৰি অবৈধ ধঁপাত ব্যৱসায়ৰ বিষয়ে জ্ঞান আৰু সজাগতা সৃষ্টি কৰিছো। চৰকাৰ, ব্যক্তিগত খণ্ড আৰু নাগৰিক সমাজৰ পদ্ধতিৰ ওপৰত ভিত্তি কৰি ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব বাণিজ্যৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰা অতি প্ৰয়োজনীয়। আন্তঃসংযোগী ব্যৱস্থা আৰু উন্নত প্ৰযুক্তি যেনে ডিজিটেলভাৱে পৰীক্ষিত ট্ৰেক-এণ্ড-ট্ৰেছ ব্যৱস্থা, হল’গ্ৰাম, কিউ আৰ ক’ড, আৰু আৰ এফ আই ডি টেগ নকল সামগ্ৰী নিৰীক্ষণ আৰু ধৰা পেলোৱাৰ বাবে অতি প্ৰয়োজনীয়। ভাৰতে বিশ্ব অৰ্থনৈতিক শক্তিৰ পথত আগবাঢ়ি যোৱাৰ লগে লগে অবৈধ নিৰ্মূল আৰু সুৰক্ষিত কাইলৈ গঢ়ি তোলাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী বুলিও তেওঁ লগতে কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here