W7s news,,গুৱাহাটী, ১৩ আগষ্ট,
২০২৪ - অসমৰ লখিমপুৰত জন্মগ্ৰহণ কৰা শচীন চামৰিয়াই জুলাই মাহত ইজিপ্তৰ কায়ৰোত অনুষ্ঠিত হোৱা ৱৰ্ল্ড বচিয়া চেলেঞ্জাৰ ২০২৪ত এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। শচীনৰ তাৰকাময় প্ৰদৰ্শনে তেওঁক বিচি৩ কেটেগৰী-পুৰুষৰ ব্যক্তিগত শাখাত ৰূপৰ পদক, আৰু বিচি৩ কেটেগৰী, দ্বৈত শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাই। আন্তঃৰাষ্ট্ৰীয় বচিয়া ইভেণ্টত এই সফলতা লাভ কৰা প্ৰথমজন ভাৰতীয় পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হয় শচীন চামৰিয়া।
শচীনৰ এই যাত্ৰাই তেওঁৰ অসমীয়া ঐতিহ্যৰ মাজত শিপাই থকা স্থিতিস্থাপকতা আৰু দৃঢ়তাৰ এক প্ৰেৰণাদায়ক কাহিনী দাঙি ধৰে। শচীন হৈছে উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ষ্টাৰ চিমেণ্ট লিমিটেডৰ ভাইচ চেয়াৰমেন আৰু মেনেজিং ডাইৰেক্টৰ শ্ৰী ৰাজেন্দ্ৰ চামৰিয়া আৰু শ্ৰীমতী ৰেণু চামৰিয়া সু-পুত্ৰ। সৰুৰে পৰা পিতৃ-মাতৃয়ে তেওঁৰ মনত কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ মূল্যবোধৰ বীজ সিঁচিছিল, আৰু এনেদৰে একপ্ৰকাৰ তেওঁৰ অসাধাৰণ সাফল্যৰ ভেটি স্থাপন কৰিছিল।
উল্লেখযোগ্য যে প্ৰতিকূলতাক অতিক্ৰম কৰি শচীনে সফলতাৰ পথত আগুৱাই গৈছে। ২০০৮ চনত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত শচীনে চি ৪ আৰু চি ৫ স্তৰত মেৰুদণ্ডৰ আঘাতৰ ফলত চতুৰ্ভুজ বিকল হৈ হুইল চেয়াৰত আবদ্ধ হব লগা হৈছিল। তথাপিও তেওঁ এই প্ৰত্যাহ্বানসমূহৰ ওপৰত স্থিতিস্থাপকতা আৰু দৃঢ়তাৰে যুঁজ দিয়া আৰম্ভ কৰিছিল। প্ৰত্যাহ্বানমূলক শাৰীৰিক সীমাবদ্ধতা সত্ত্বেও শচীনে ক্ৰীড়া আৰু শৈক্ষিক দিশত নিজৰ সপোন পূৰণ কৰিছিল, আৰু এজন প্ৰখ্যাত খেলুৱৈ আৰু উদ্যোগী হৈ পৰিছিল। ভাৰতীয় পেৰালিম্পিক কমিটীয়ে বছৰৰ প্ৰেৰণাদায়ক ক্ৰীড়াবিদ (পুৰুষ), ২০২৩ হিচাপে সন্মানিত কৰাৰ লগতে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী, শ্ৰীযুত নীতিন গাডকাৰীৰ পৰা লাভ কৰে বহুল আকাংক্ষিত ‘ভাৰতীয় কৃতিত্ব বঁটা’,২০২৪।
শেহতীয়া আন্তঃৰাষ্ট্ৰীয় সফলতাৰ উপৰিও শচীনে বচিয়াত ধাৰাবাহিকভাৱে উৎকৃষ্টতা প্ৰদৰ্শন কৰি আহিছে। চলিত বৰ্ষৰ আৰম্ভণিতে গ্ৱালিয়াৰত অনুষ্ঠিত বচিয়া ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত পুৰুষৰ, ব্যক্তিগত বিচি৩ শাখাত একেৰাহে চতুৰ্থবাৰৰ বাবে সোণৰ পদক লাভ কৰে। তেওঁৰ ধাৰাবাহিক জয়সমূহে খেলবিধৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু উৎকৃষ্টতাৰ অদম্য সাধনাক প্ৰতিফলিত কৰে।
ৱৰ্ল্ড বচিয়া চেলেঞ্জাৰ ২০২৪ত শচীনে এই কৃতিত্বৰ দ্বাৰা তেওঁৰ কেৰিয়াৰৰ সফলতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। উল্লেখ্য যে যোৱা বছৰ তেওঁ চীনত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ সন্মানীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰি নিজৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছিল।
শচীনে পেৰালিম্পিক পদক লাভ কৰাক নিজৰ মূল লক্ষ্য হিচাপে গুৰুত্ব দি ভৱিষ্যতৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়লাভ কৰি বচিয়া ক্ৰীড়াত ভাৰতৰ ৰেংকিং উন্নীত কৰাৰ দিশে মনোযোগ কৰিছে। জীৱন সলনি কৰা দুৰ্ঘটনা এটা অতিক্ৰম কৰাৰ পৰা ক্ৰীড়া আৰু ব্যৱসায়ত পাৰদৰ্শিতা দেখুৱালৈ তেওঁৰ প্ৰেৰণাদায়ক যাত্ৰাই অগণন ব্যক্তিৰ বাবে সাহস আৰু দৃঢ়তাৰ এক শক্তিশালী আখ্যান হিচাপে বিবেচিত হৈছে।
শচীনৰ এই সাফল্যই অসমলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে আৰু সমগ্ৰ দেশৰ উচ্চাকাংক্ষী খেলুৱৈসকলৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিছে।
No comments:
Post a Comment