চাণক্য আই এ এছ একাডেমীয়ে অনুষ্ঠিত কৰিব লোকসেৱা সেৱাপৰীক্ষাৰ ওপৰত বিনামূলীয়া কৰ্মশালা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 4 July 2024

demo-image

চাণক্য আই এ এছ একাডেমীয়ে অনুষ্ঠিত কৰিব লোকসেৱা সেৱাপৰীক্ষাৰ ওপৰত বিনামূলীয়া কৰ্মশালা

Responsive Ads Here

 

W7s news,,গুৱাহাটী: চাণক্য আই এ এছ একাডেমী, গুৱাহাটী কেন্দ্ৰই ২৭ জুলাই ২০২৪ তাৰিখে দুপৰীয়া ২ বজাত চাণক্য আই এ এছ একাডেমীৰ শিলপুখুৰী কেন্দ্ৰত প্ৰাৰ্থীসকলৰ বাবে ইউ পি এছ চি/ এ পি এছ চি আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৌশলৰ ওপৰত এখন বিনামূলীয়া কৰ্মশালা অনুষ্ঠিত কৰিব। এই কৰ্মশালাত প্ৰাৰ্থীসকলে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে তেওঁলোকৰ সামৰ্থ্য কেনেদৰে সৰ্বাধিক ব্যৱহাৰ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।

এই কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলক  ৰাকেশ মিনহাছ (আই এ এছ)য়ে বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে, এজন আই এ এছ বিষয়া হিচাপে তেওঁৰ যাত্ৰা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তেওঁৰ প্ৰস্তুতি কৌশল ভাগ-বতৰা কৰিব। তেওঁ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত কি কৰিব আৰু নকৰিব তাৰ ওপৰত প্ৰাৰ্থীসকলক পথ প্ৰদৰ্শন কৰিব। 

চাণক্য আই এ এছ একাডেমীৰ পৰিচালন সহযোগী শ্ৰীযুতা কুৰঙ্গ নয়নী চেতিয়াই কয়, "ইউ পি এছ চি আৰু এ পি এছ চি প্ৰাৰ্থীসকলৰ পৰামৰ্শদাতা হিচাপে আমাৰ ৩৫ বছৰীয়া যাত্ৰাৰ সময়ত দেখা গৈছে যে, প্ৰাৰম্ভিক পৰ্যায়ত প্ৰাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তেওঁলোকৰ প্ৰস্তুতি কেনেদৰে আৰম্ভ কৰিব লাগে সেই সম্পৰ্কে যথেষ্ট দোধোৰ-মোধোৰ অৱস্থাত পৰে যদিও এই সম্পৰ্কে লক্ষ্য আৰু ধাৰণা স্পষ্ট হোৱাৰ পিছত, যাত্ৰাটো সহজ হৈ পৰে। সেয়ে, আমি প্ৰাৰ্থীসকলক তেওঁলোকৰ অসামৰিক সেৱাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত এক স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰাৰ প্ৰচেষ্টাৰে বিনামূলীয়া কৰ্মশালা অনুষ্ঠিত কৰিছোঁ।  


এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ আসন পূৰ্ব-সংৰক্ষণ কৰিব লাগিব। আসন সংৰক্ষণ কৰিবলৈ অনুগ্ৰহ কৰি ৮৮১১০৯২৪৮১ নম্বৰত যোগাযোগ

IMG-20240704-WA0046

কৰিব পাৰিব


No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *