ডুমিক* ৰ দ্বাৰা দৰিদ্ৰ ছাত্ৰ - ছাত্ৰী লৈ বিনামূলীয়া শিক্ষা" - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 11 July 2024

ডুমিক* ৰ দ্বাৰা দৰিদ্ৰ ছাত্ৰ - ছাত্ৰী লৈ বিনামূলীয়া শিক্ষা"

 "দিছপুৰ প্ৰেছ ক্লাবত সংবাদ মেল



W7s news


গুৱাহাটী,: উচ্চ শিক্ষাৰ বাবে আগ্ৰহী ছাত্র- ছাত্রীৰ বাবে সুখবৰ। "ডুমিক" নামৰ এটি বেচৰকাৰী প্ৰতিষ্ঠানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্র-ছাত্রীৰ বাবে লৈ আহিছে এক অভিনৱ আঁচনি। এই আঁচনিৰ অধীনত নৰ্থ- ইষ্ট, বিশেষকৈ অসমৰ ছাত্র-ছাত্রীয়ে বি,বি,এ আৰু বি,এচ,ছি এগ্ৰিকালচাৰ বিষয় দুটাৰ  বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা লাভ কৰিব পাৰিব। ইয়াৰ উপৰি থকা- খোৱাৰ খৰছো সম্পূৰ্ণ বিনামূলীয়া হ'ব। গুৱাহাটীস্থ প্ৰতিষ্ঠান ডুমিকে আগ্ৰাৰ বি,পি,এচ গ্ৰুপ অব কলেজৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে। উল্লেখ্য যে, আৰ্থিকভাৱে সৱল ছাত্র-ছাত্রীয়ে বিনামূলীয়াকৈ শিক্ষা লাভ কৰিব যদিও থকা-খোৱাৰ বাবদ নগণ্য হাৰত মাচুল আদায় দিব লাগিব বুলি  বি,পি,এছ গ্ৰুপ অফ কলেজৰ নামভৰ্তি সঞ্চালক শাহিনুৰ ইছলাম মণ্ডল আৰু ডুমিক ৰ সঞ্চালক ড০ ববী গোস্বামী বৰুৱাই  বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত জানিবলৈ দিয়ে। লগতে আগ্ৰহী সকলক সহায়ৰ বাবে ৯৪৩৫৯৭৮৭৪২, ৯৪৩৫১-৮৬৩৯৯

অথবা ৮৭৬১০১৫৩০৫ হেল্পডেস্ক নম্বৰৰ যোগাযোগ কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here