কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত দশম কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতানুষ্ঠান# - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 21 July 2024

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত দশম কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতানুষ্ঠান#

 #


W7s news গুৱাহাটী:

পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে আজি বিশ্ববিদ্যালয়ৰ নগৰ কাৰ্যালয়ত থকা সভাকক্ষত দশম কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰে। বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমন্ত্ৰিত অতিথিসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ পাছত উপাচার্য।অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাসে আদৰণি ভাষণ প্ৰদান কৰে। বিশ্ববিদ্যালয়ে এই বছৰ অনুষ্ঠিত কৰা দশম কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতা প্ৰদান কৰে গুৱাহাটীস্থিত অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন তথা উন্নয়ন প্ৰতিষ্ঠানৰ প্ৰাক্তন নির্দেশক ড° ইন্দ্রাণী দত্তই। “শিক্ষা কিহৰ বাবে’ শীৰ্ষক বক্তৃতাত ড° দত্তই ১৯৯০ৰ দশকত গুৱাহাটী বিশ্ববিদ্যালয়ত আৰু তাৰ পাছৰ সময়ছোৱাত অমিয় কুমাৰ দাস প্রতিষ্ঠানত কৰ্মৰত

অৱস্থাত লাভ কৰা বিভিন্ন অভিজ্ঞতা তথা সমসাময়িক বিশ্বৰ বিভিন্ন শিক্ষাবিদ-চিন্তাবিদ দৃষ্টিভংগীৰ আধাৰত বৰ্তমান

সময়ৰ শিক্ষাই সৃষ্টি কৰা উদ্বিগ্নতা আৰু শিক্ষাৰ প্ৰকৃতি সম্পর্কে বহলাই আলোচনা কৰে। বক্তৃতাত সামৰি লোৱা বিষয়বোৰক শিক্ষাত ৰাষ্ট্ৰৰ ভূমিকা, শিক্ষাৰ ৰাজনীতি আৰু অৰ্থনীতি তথা শিক্ষা আৰু ভুৱা সংবাদ শিতানত বিভক্ত কৰি ড° দত্তই

শিক্ষাক এটা ৰাজনৈতিক প্রকল্প বুলি অভিহিত কৰে। তেওঁ কয় যে ৰাষ্ট্ৰ এখনৰ শিক্ষানীতিয়ে ৰাষ্ট্ৰখনে বিচৰা নাগৰিক গঢ়ি তোলাৰ প্ৰয়াস কৰে। বিশ্বায়ন, নব্য উদাৰবাদ আৰু ৰাষ্ট্ৰ তথা বজাৰৰ মাজত থকা সম্পৰ্কয়ো শিক্ষাৰ গতি প্রকৃতি নিৰ্দ্ধাৰণ

কৰে বুলি মন্তব্য কৰি ড° দত্তই কয় যে ইয়াৰ ফলতেই বর্তমান সময়ত শিক্ষাই ব্যৱসায়ৰ ৰূপ ধাৰণ কৰিছে। ভুৱা আৰু

ভ্রান্ত তথ্য প্ৰচাৰে কেনেদৰে গণতান্ত্রিক নাগৰিকত্বৰ ধাৰণাটোক প্ৰভাৱিত কৰে তাৰ ব্যাখ্যা আগবঢ়াই তেওঁ কয় যে অধিকাংশ সময়তে সাধাৰণ জনসমাজ 'মিছলীয়াই সৃষ্টি কৰা সত্যৰ ভ্ৰম'-এৰে পৰিচালিত হয়। শিক্ষাৰ্থীৰ ঐতিহাসিক

মূলৰ দিশটো বিবেচনা কৰিহে পাঠ্যক্ৰম প্ৰস্তুত কৰা উচিত বুলি মন্তব্য কৰি তেওঁ কয় যে শিক্ষাই প্ৰদৰ্শন কৰিবলৈ লোৱা আগ্রাসী ৰূপটো সলনি কৰিবলৈ হ'লে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য সম্পর্কে আমি সকলো সচেতন হ'ব লাগিব। শিক্ষা গ্রহণ কালত শিক্ষাৰ্থীক কেনেকৈ চিন্তা কৰা উচিত সেয়া শিকাব লাগিব, তেওঁলোকৰ সমালোচনামূলক চিন্তা কৰাৰ দক্ষতা বিকশাই তুলিব লাগিব আৰু তেওঁলোকক প্ৰশ্ন সুধিব পৰা পৰিৱেশ একোটা তৈয়াৰ কৰি দিব লাগিব। শিক্ষাৰ উদ্দেশ্য

বিচাৰ কৰোতে শিক্ষাই বিজ্ঞানসন্মত মানসিকতা গঢ়ি তুলিব পাৰিছেনে নাই আৰু জ্ঞানে উমৈহতীয়া বৈশিষ্ট্য গ্ৰহণ কৰিছেনে নাই তালৈ লক্ষ্য ৰখাত গুৰুত্ব দি ড° দত্তই তেওঁৰ ব্যতিক্ৰমী আৰু চিন্তা উদ্রেককাৰী বক্তৃতাৰ সামৰণি মাৰে। আজিৰ বক্তৃতানুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অৰূপজ্যোতি চৌধুৰীয়ে শিক্ষাৰ জগতখনে বৰ্তমান সময়ত সৃষ্টি কৰি থকা চিন্তা আৰু বিভিন্ন ধৰণৰ বৈষম্যৰ কাৰণবোৰ চালি জাৰি চোৱাৰ প্রয়োজনীয়তাত জোৰ দিয়ে। তেওঁ কয় যে ভাৰতীয় শিক্ষাৰ সৈতে যুক্ত হৈ থকা ‘সৰ্বোদয়'ৰ ধাৰণাটোৱে শিক্ষাৰ সকলো

দিশকে চুব পাৰিছেনে নাই সেই বিষয়ে বিবেচনা কৰি চোৱাৰ সময় আহি পৰিছে। প্ৰাচ্যতত্ববিদ কৃষ্ণকান্ত সন্দিকৈৰ গৱেষণা তথা অধ্যয়ন কালছোৱাৰ সমাজ-সাংস্কৃতিক পটভূমি ঔপনিৱেশিক আছিল বুলি উল্লেখ কৰি ড° চৌধুৰীয়ে কয়

যে সেই সময়ছোৱাৰ প্ৰতিবাদী ধাৰাবোৰৰ ভিত্তিত সন্দিকৈক ঔপনিৱেশবিৰোধী শিক্ষাবিদৰূপে মূল্যায়ন কৰিব পৰা যায় ৷ খ্যাতনামা পণ্ডিতগৰাকীৰ সংস্কৃত অধ্যয়ন, প্রাচ্য তথা ভাৰততত্ত্বৰ অধ্যয়ন আৰু প্ৰচাৰ, অভিধান প্ৰণয়নৰ প্ৰচেষ্টা ইত্যাদিক ঔপনিৱেশিকতা বিৰোধী প্রতিবাদমূলক কাৰ্য হিচাপেও নতুনকৈ আলোচনা কৰাৰ থল আছে। বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক প্ৰাণজিৎ বৰাই আমন্ত্রিত অতিথিসকলৰ লগতে অনুষ্ঠানত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটোৰ সামৰণি মাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here