এছ আই পি এবাকাছৰ সপ্তম এছ আই পি অসম প্ৰডিজি 2024ৰ সফল সামৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 29 July 2024

এছ আই পি এবাকাছৰ সপ্তম এছ আই পি অসম প্ৰডিজি 2024ৰ সফল সামৰণি






W7s news,,,গুৱাহাটী ২৯ জুলাই: যোৱা দেওবাৰে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এছ আই পি এবাকাছ এণ্ড ব্ৰেইন জিম ৰাজ্যিক প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰা হয। এই অনুষ্ঠানটো দেশৰ মুখ্য এবাকাছ-আধাৰিত শিক্ষণ সমাধান প্ৰদানকাৰী এছ আই পি একাডেমী ইণ্ডিয়া প্ৰাইভেট লিমিটেডে আয়োজন কৰে। প্ৰতিযোগিতাখনত গুৱাহাটী আৰু সমগ্ৰ অসমৰ বহুতো জিলাৰ ১২০০তকৈয়ো অধিক শিশুৱে অংশগ্ৰহণ কৰে।

অসমৰ ১২০০ তকৈও অধিক শিক্ষাৰ্থীয়ে তেওঁলোকৰ গাণিতিক দক্ষতা প্ৰদৰ্শন কৰি সৰু ল'ৰা-ছোৱালীবোৰে কেনেদৰে কেলকুলেটৰৰ তুলনাত দ্ৰুত হ'ব পাৰে তাক দেখুৱাই দিয়ে। এয়া আছিল তেওঁলোকৰ একাগ্ৰতা আৰু স্মৃতি শক্তিৰ এক প্ৰদৰ্শন য’ত এবাকাছ ভিজুৱেলাইজেচন দক্ষতা ব্যৱহাৰ কৰি মাত্ৰ ৩ মিনিটত ১০০ তকৈও অধিক গাণিতিক পৰিমাণৰ সংযোজন, বিয়োগ, বিভাজন আৰু গুণাগুণ সমাধান কৰা হয়।


গুৱাহাটী আৰু আন ঠাইৰ বহুসংখ্যক বিদ্যালয়ক প্ৰতিনিধিত্ব কৰা শিশুসকলে প্ৰতিযোগিতাখনিত তেওঁলোকৰ সাংখ্যিক সামৰ্থ্যৰ লগতে একাগ্ৰতা আৰু স্মৃতি শক্তিৰ প্ৰদৰ্শন কৰে। দিনজোৰা এই ৰঙীন, আন্তঃক্ৰিয়ামূলক অনুষ্ঠানটোত অভিভাৱক, বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষকসহিতে সন্মানীয় বহুকেইগৰাকী অতিথি উপস্থিত থাকে।  


এছ আই পি একাডেমী ইণ্ডিয়াই ২০০৩ চনৰ পৰা শিশুৰ মানসিক সম্ভাৱনাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা বিশ্বমানৰ দক্ষতা বিকাশ কাৰ্যসূচী চলাই আহিছে। চেন্নাইত মুখ্য কাৰ্যালয় থকা কোম্পানীটোৰ ২৩ খন ৰাজ্য, ৩৫০ খনতকৈয়ো অধিক চহৰ, ১০০০খনতকৈয়ো অধিক বিদ্যালয়ত উপস্থিতি আছে। সমগ্ৰ দেশৰ ৬,৯০,০০০ ৰো অধিক শিশুক এই প্ৰতিষ্ঠানটোৱে সফলতাৰে প্ৰশিক্ষণ দিছে আৰু সু-তীক্ষ্ণ বুদ্ধিৰে শিশু প্ৰডিজি সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এছ আই পিৰ অসমত ৪৫ টা শিক্ষণ কেন্দ্ৰ আছে আৰু ১২০০০ ৰো অধিক শিশুৱে গুৱাহাটী তথা অসমৰ অন্যান্য জিলাত দক্ষতামূলক প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here