ডিউৰেক্স টিবিবিটি-য়ে আউটলুক আলোচনীৰ এক বিশেষ প্ৰকাশনেৰে এলজিবিটিকিউআইএ+ সম্প্ৰদায়ক উদযাপন কৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 7 June 2024

ডিউৰেক্স টিবিবিটি-য়ে আউটলুক আলোচনীৰ এক বিশেষ প্ৰকাশনেৰে এলজিবিটিকিউআইএ+ সম্প্ৰদায়ক উদযাপন কৰে


W7s news,,,ৰাষ্ট্ৰীয়, ৫ জুন : যৌন স্বাস্থ্য আৰু সুস্থতাৰ প্ৰসাৰৰ বাবে বিশ্বজুৰি খ্যাত ডিউৰেক্স-য়ে আউটলুক আলোচনীখনৰ সৈতে এক অনন্য প্ৰাইড মান্থ সংস্কৰণৰ বাবে বিশেষ সহযোগিতা ঘোষণা কৰি ৰোমাঞ্চিত হৈ পৰিছে৷ ডিউৰেক্সৰ ফ্লেগশ্বিপ পদক্ষেপ, দ্য বাৰ্ডছ এণ্ড বিজ টক (টিবিবিটি)-ৰ অধীনত সজাই পৰাই তোলা এই সংখ্যাটো এই বছৰৰ প্ৰাইড মান্থ থিম - ‘ৰিফ্লেক্ট, এম্পাৱাৰ, ইউনাইট’-ৰ সৈতে সংগতি ৰাখি এলজিবিটিকিউআইএ+ সম্প্ৰদায়ক উদযাপন কৰাৰ লগতে সমৰ্থন কৰিবলৈ ডিজাইন কৰা হৈছে৷

ডিউৰেক্স টিবিবিটি-ৰ সৈতে অংশীদাৰিত্বৰে আউটলুক মেগাজিনৰ এই বিশেষ সংস্কৰণটো কেৱল এটা প্ৰকাশনতকৈও অধিক৷ ই হৈছে এক অধিক অন্তৰ্ভুক্তি আৰু বুজাবুজিৰ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত গল্প কোৱা, শিক্ষা আৰু সম্প্ৰদায়ৰ সমৰ্থন শক্তিৰ প্ৰমাণ৷ কৃতিত্বসমূহ উদযাপন কৰাৰ লগতে এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰি এই পদক্ষেপটোৱে সঁচাকৈয়ে প্ৰাইড মান্থৰ থিম ‘ৰিফ্লেক্ট, এম্পাৱাৰ, ইউনাইট’-ক মূৰ্ত কৰি তুলিছে৷

এই পদক্ষেপটোৱে সম্প্ৰদায়টোৰ বাবে এক উল্লেখযোগ্য অৱদান হিচাপে থিয় দিছে, যাৰ লক্ষ্য হৈছে অন্তৰ্ভুক্তিক লাভান্বিত কৰাৰ লগতে যৌন আৰু প্ৰজনন স্বাস্থ্যৰ বিষয়ে গুৰুত্বপূৰ্ণ কথোপকথনসমূহ চলোৱা৷ এছঅ’এ, ৰেকিটৰ ডাইৰেক্টৰ অৱ এক্সটাৰ্নেল এফেয়াৰচ্ এণ্ড পাৰ্টনাৰশ্বীপ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (এনএইচআৰচি) ট্ৰেন্স এলেইশ্বিপ বঁটা লাভ কৰা ৰবি ভাটনাগৰ-য়ে অতিথি হিচাপে সম্পাদনা কৰা এই বিশেষ সংস্কৰণটোত এক বিস্তৃত পৰিমানৰ দৰ্শকৰ সৈতে অনুৰণন ঘটাব পৰাকৈ এক বহল পৰিসৰৰ প্ৰেৰণাদায়ক কাহিনী, বিশেষজ্ঞৰ অন্তৰ্দৃষ্টি আৰু শিক্ষামূলক বিষয়বস্তু সন্নিবিষ্ট কৰা হৈছে৷

কণ্ঠসমূহ শক্তিশালী কৰি তোলা: এই সংস্কৰণটোৱে সুশান্ত দিৱগিকাৰ, আলোক ভাৰ্মা, ডুটী চান্দ, আৰু ত্ৰিনেত্ৰ হালদাৰ গুম্মাৰাজু-ৰ দৰে প্ৰভাৱশালী এলজিবিটিকিউআইএ+ ব্যক্তিসকলৰ বাবে এক শক্তিশালী মঞ্চ প্ৰদান কৰিছে৷ সমাজৰ বাধাসমূহ অতিক্ৰম কৰি অন্তৰ্ভুক্তি ক্ষমতাক প্ৰতিপালন কৰা তেওঁলোকৰ কাহিনীসমূহ সঁচাকৈয়ে প্ৰেৰণাদায়ক আৰু ইয়াৰ লক্ষ্য হৈছে এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ সহনশীলতা আৰু কৃতিত্বসমূহ প্ৰদৰ্শন কৰি পাঠকসকলক সবলীকৰণ কৰা৷

বিশেষজ্ঞৰ অন্তৰ্দৃষ্টিসমূহ: আলোচনীখনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ অৰুণ কুমাৰ মিশ্ৰ; এগৰাকী আগশাৰীৰ ট্ৰেন্সজেণ্ডাৰ (কিন্নৰ) অধিকাৰ কৰ্মী লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী; আৰু প্ৰখ্যাত সাংবাদিক অশোক ৰ’ কবিৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ অতিথি স্তম্ভ প্ৰকাশ কৰা হৈছে৷ এই অৱদানসমূহে এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ ইতিহাস, অধিকাৰ আৰু সমাজৰ ধাৰণাসমূহৰ গভীৰতালৈ সোমাই গৈ শিক্ষামূলক আৰু চিন্তা-উদ্দীপক দুয়োটাধৰনৰ মূল্যৱান দৃষ্টিভংগীসমূহ আগবঢ়াইছে৷

সৰ্বাংগীন শিক্ষা: বিস্তৃত যৌন শিক্ষা, আইনগত সুৰক্ষা আৰু সভ্যতামূলক স্থানান্তৰনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৰণটোৱে এনে এখন সমাজক প্ৰতিপালন কৰাৰ লক্ষ্য ৰাখিছে যিয়ে বৈচিত্ৰ্যতাক মৰ্যাদা প্ৰদান কৰাৰ লগতে ব্যক্তিসকলক তেওঁলোকৰ যৌন স্থিতি-বোধ নিৰ্বিশেষে নিজৰ লক্ষ্যত উপনীত হ’বলৈ শক্তিশালী কৰি তোলে৷ বিষয়বস্তুটোৱে অধিক অন্তৰ্ভুক্তিসম্পন্ন বিশ্বৰ বাবে চলি থকা প্ৰচেষ্টা আৰু ভৱিষ্যতৰ আকাংক্ষাসমূহক প্ৰকাশিত কৰি তোলে, যাৰ ফলত ই এলজিবিটিকিউআইএ+ সম্প্ৰদায়ক বুজিব আৰু সমৰ্থন কৰিব বিচৰা পাঠকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ হৈ পৰে৷

টিবিবিটি কাৰ্যসূচীৰ প্ৰভাৱ: দ্য বাৰ্ডচ্ এণ্ড বিজ টক পদক্ষেপটোৱে সমগ্ৰ ভাৰতবৰ্ষত যৌন আৰু প্ৰজনন স্বাস্থ্যৰ

শিক্ষাত যথেষ্ট প্ৰভাৱ পেলাইছে৷ কাৰ্যসূচীটোৰ চোচিয়েল ৰিটাৰ্ণ অন ইনভেষ্টমেন্ট (এচআৰঅ’আই)-ৰ এভেলুৱেচন ষ্টাডী ৰিপোৰ্ট-য়ে বিনিয়োগৰ প্ৰতি ১-ৰ বাবে আকৰ্ষণীয় ২৪.৪০ সামাজিক মূল্য প্ৰকাশ কৰিছে, যিয়ে ইয়াৰ ফলপ্ৰসূতা আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ প্ৰদৰ্শন কৰে৷ জটিল প্ৰয়োজনীয়তাসমূহ সম্বোধন কৰাৰ লগতে সুস্থ আচৰণসমূহক উৎসাহিত কৰি এই টিবিবিটি কাৰ্যসূচীটোৱে কিশোৰ-কিশোৰীসকলক দায়িত্বশীল প্ৰাপ্তবয়স্ক হৈ পৰিবলৈ প্ৰয়োজনীয় জীৱন দক্ষতা, মূল্যবোধ আৰু মূল্যবোধসমূহেৰে সজ্জিত কৰি তোলে৷

 

বিস্তৃত কথোপকথনসমূহ: প্ৰাইড মান্থ উদযাপনৰ বাহিৰেও এই বিশেষ সংস্কৰণটোৰ লক্ষ্য হৈছে বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ মাজত যৌন আৰু প্ৰজনন স্বাস্থ্যৰ বিষয়ে বিস্তৃত আলোচনাসমূহৰ সূচনা কৰা৷ গোটেই মাহটোৰ ভিতৰত চলি থকা আলোচনাৰ জৰিয়তে সংস্কৰণটোৱে এই কথা-বতৰাবোৰৰ গুৰুত্বক আৰু অধিক শক্তিশালী কৰি তুলিছে, যাতে ইয়াৰ প্ৰভাৱ জুন মাহৰ বহু আগলৈকে বিস্তৃত হৈ পৰে৷

ৰেকিটৰ এক্সেকিউটিভ ভাইচ প্ৰেচিডেন্ট গৌৰৱ জৈন-য়ে এই পদক্ষেপৰ ওপৰত নিজৰ চিন্তাধাৰাসমূহ প্ৰকাশ কৰি কয়, ‘‘প্ৰাইড মান্থটো আমাৰ বাবে এলজিবিটিকিউআইএ+ সম্প্ৰদায়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত চিন্তা কৰাৰ লগতে তেওঁলোকক সমৰ্থন কৰিবলৈ অৰ্থপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ এক সুযোগ৷ আউটলুক আলোচনীৰ এই বিশেষ সংস্কৰণৰ লক্ষ্য হৈছে উদ্দেশ্যবোধ আৰু ভৱিষ্যতৰ আশাৰ সৃষ্টি কৰা৷ ই হৈছে সম্পন্ন অগ্ৰগতিৰ উদযাপন লগতে এতিয়াও কৰিবলৈ বাকী থকা কামৰ সোঁৱৰণী৷ আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে আমি বৈষম্যৰ ব্যৱধান দূৰ কৰিবলৈ চেষ্টা কৰিছো, ব্যক্তিসকলক তেওঁলোকৰ মতামত প্ৰকাশ কৰিবলৈ আৰু তেওঁলোকৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰিবলৈ এক মঞ্চ প্ৰদান কৰিছো৷’’

টিবিবিটি কাৰ্যসূচীয়ে পৰম্পৰাগতৰ পৰা অগতানুগতিক পদ্ধতিসমূহলৈকে বিভিন্ন কৌশল ব্যৱহাৰ কৰি প্ৰভাৱশালী কথোপকথন আগবঢ়াইছে, যাৰ ভিতৰত আছে স্কুলীয়া পাঠ্যক্ৰম, সংবাদ মাধ্যম, কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্যৰ হেল্পলাইন, ই-লাৰ্নিং প্লেটফৰ্ম, সংগীত এলবাম, মিউৰেল, ছ’চিয়েল মিডিয়া আৰু এআই-চালিত চাটবট হেলোজুবি৷ মূখ্যতঃ উত্তৰ-পূব ভাৰতৰ কিশোৰ-কিশোৰীসকলক অত্যাৱশ্যকীয় জীৱন দক্ষতাৰে সাজু কৰি তুলিবলৈ ডিজাইন কৰা টিবিবিটি কাৰ্যসূচীয়ে ব্যাপক যৌন শিক্ষাৰ জটিল প্ৰয়োজনীয়তাক সম্বোধন কৰাৰ লগতে যুৱক-যুৱতীসকলৰ মাজত সুস্থ আচৰণৰ প্ৰসাৰৰ প্ৰতি সম্বোধন কৰি এতিয়া দেশজুৰি নিজৰ প্ৰসাৰতা বৃদ্ধি কৰিছে৷ আলোচনাত্মক আৰু বয়স অনুসৰি উপযুক্ত হোৱা তথ্য প্ৰদান কৰি এই কাৰ্যসূচীয়ে কিশোৰ-কিশোৰী, শিক্ষক আৰু সম্প্ৰদায়ৰ সদস্যসকলৰ মাজত যৌন আৰু প্ৰজনন স্বাস্থ্যৰ বিষয়ে কথোপকথনক উৎসাহিত কৰি তেওঁলোকক দায়িত্বশীল প্ৰাপ্তবয়স্ক হৈ পৰিবলৈ প্ৰস্তুত কৰি তুলিছে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here