পেপচিকো ইণ্ডিয়াই আগবঢ়াইছে ১ নিযুত ভাৰতীয় মহিলাক অৰ্থনৈতিকভাৱে স্বাধীন জীৱন গঢ়ি তোলাৰ দিশত সৱলীকৰণ কৰি তুলিবলৈ ‘ৰিভলিউচনাৰী – এ ৰিভলিউচন ফৰ দ্য নাৰী’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 26 June 2024

পেপচিকো ইণ্ডিয়াই আগবঢ়াইছে ১ নিযুত ভাৰতীয় মহিলাক অৰ্থনৈতিকভাৱে স্বাধীন জীৱন গঢ়ি তোলাৰ দিশত সৱলীকৰণ কৰি তুলিবলৈ ‘ৰিভলিউচনাৰী – এ ৰিভলিউচন ফৰ দ্য নাৰী’

 


সমাজৰ সামূহিক মংগলৰ বাবে সহযোগিতামূলক পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা ‘পাৰ্টনাৰশ্বীপ অৱ প্ৰগ্ৰেছ’ গঢ়ি তোলাৰ বাবে পেপচিকো ইণ্ডিয়াৰ মুখ্য দৃষ্টিভংগীৰ সৈতে শ্ৰেণীবদ্ধকৃত

সঠিক বৃত্তি বাছনি কৰিবলৈ সজাগতা গঢ়ি তোলা, সংস্থাসমূহৰ সহ-সংঘৰ সৈতে অংশীদাৰিত্ব কৰি সমগ্ৰ ভাৰতৰ মহিলাসকলৰ বাবে নিয়োগযোগ্যতাৰ বঢ়োৱাৰ বাবে দক্ষতাবৰ্ধন আৰু চাকৰিৰ সম্ভাৱনা মুকলি কৰি দেশজোৰা প্ৰভাৱ সৃষ্টি কৰাৰ লক্ষ্য ৰখা হৈছে

দেশৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাবলৈ তিনি-বছৰীয়া কৌশলগত ৰোডমেপৰ সৈতে ৰিভলিউচনাৰী হৈছে লিংগ ব্যৱধান দূৰ কৰাৰ বাবে পেপচিকো ইণ্ডিয়াৰ প্ৰতিশ্ৰুতিৰ আন এক পদক্ষেপ 



W7s news,,নতুন দিল্লী, ২০ জুন ২০২৪: বিশ্বৰ এক আগশাৰীৰ উপভোক্তা পেকেজড সামগ্ৰী কোম্পানী পেপচিকো ইণ্ডিয়াই আজি দেশজুৰি ১ নিযুত মহিলাক সবলীকৰণৰ লক্ষ্যৰে সংস্থাসমূহৰ এটা সহ-সংঘৰ সৈতে অংশীদাৰিত্বৰে ১০০০ দিনীয়া ৰিভলিউচনাৰি – এ ৰিভলিউচন ফৰ দ্য নাৰী আৰম্ভ কৰা হোৱাৰ বিষয়ে ঘোষণা কৰিছে৷ এই কাৰ্যসূচীটো সজাগতা গঢ়ি তোলাৰ বাবে উৎসৰ্গিত যিয়ে মহিলাসকলক জ্ঞাতভাৱে বৃত্তিৰ সিদ্ধান্তসমূহ ল’বলৈ সক্ষম কৰিব, নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে দক্ষতা উন্নীতকৰণৰ সুযোগ প্ৰদান কৰিব আৰু পৰ্যায়সমূহৰ চাৰিওদিশে এফএমচিজি খণ্ডৰ ভিতৰত বিক্ৰী, উৎপাদন আৰু কৃষিৰ দৰে অগতানুগতিক ভূমিকাসমূহত জীৱিকাৰ সম্ভাৱনা উন্নত কৰাৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষ সুযোগসমূহ মুকলি কৰিব৷ সমাজৰ সামূহিক মংগলৰ বাবে সহযোগিতামূলক পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা ‘পাৰ্টনাৰশ্বীপ অৱ প্ৰগ্ৰেছ’ গঢ়ি তোলাৰ বাবে থকা পেপচিকো ইণ্ডিয়াৰ নীতিসমূহৰ ওপৰত নিৰ্মিত এই ৰূপান্তৰকাৰী কাৰ্যসূচীয়ে ভাৰতৰ চৌপাশৰ কৰ্মশক্তিত লিংগ বৈষম্যৰ ব্যৱধান দূৰ কৰিব৷

ৰিভলিউচনাৰীয়ে পেপচিকো ইণ্ডিয়াৰ পেপ+ (পেপচিকো পজিটিভ) দৰ্শনৰ সৈতে শাৰিবদ্ধ হৈ পৰি ইয়াৰ মূল স্তম্ভসমূহ – পজিটিভ এগ্ৰিকালচাৰ আৰু পজিটিভ ভেল্যু চেইনৰ সৈতে পৰিৱেশ আৰু সম্প্ৰদায়সমূহত ইতিবাচকভাৱে প্ৰভাৱ পেলোৱাৰ বাবে কোম্পানীটোৰ ভৱিষ্যতৰ প্ৰচেষ্টাক পথ প্ৰদৰ্শন কৰি প্ৰত্যক্ষভাৱে একত্ৰিত হৈ পৰিছে৷ পজিটিভ এগ্ৰিকালচাৰৰ লক্ষ্য হৈছে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে কোম্পানীটোৰ কৃষি যোগান শৃংখল আৰু সম্প্ৰদায়সমূহৰ লোকসকলৰ জীৱিকাসমূহ উন্নীত কৰা৷ আনহাতে পজিটিভ ভেল্যু চেইন-য়ে কোম্পানীটোত বৈচিত্ৰ্যতা, সমতা আৰু অন্তৰ্ভুক্তিৰ কাৰ্যাৱলী আগুৱাই নিয়াৰ সৈতে তেওঁলোকৰ নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে ডিগ্ৰী, বৃত্তিমূলক প্ৰশিক্ষণ, দক্ষতা বৰ্ধন কাৰ্যসূচীৰ বৰ্ধিত প্ৰৱেশ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে৷

পেপচিকো ইণ্ডিয়া এণ্ড চাউথ এছিয়াৰ চীফ এক্সেকিউটিভ অফিচাৰ জাগ্ৰুত কোটেচা-য়ে কয় যে, ‘‘আমি ৰিভলিউচনাৰী আৰম্ভ কৰি গৌৰৱান্বিত হৈ পৰিছো যিয়ে আমাৰ পেপ+ (পেপচিকো পজিটিভ)-ৰ সম্প্ৰদায়সমূহক সবলীকৰণ কৰা, পজিটিভ এগ্ৰিকালচাৰ আৰু পজিটিভ ভেল্যু চেইন গঢ়ি তোলাৰ বাবে গঢ় দিয়া দৰ্শনৰ দৰে আমাৰ কাৰ্য্যসমূহক সামৰি লৈছে৷ সযতনে ৰচনা কৰা এটা তিনি-বছৰীয়া কৌশলৰ জৰিয়তে আমি সমগ্ৰ ভাৰততে একেই মানসিকতা থকা সংস্থাসমূহৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অগ্ৰগতিক আগুৱাই নিয়াৰ দ্বাৰা কৰ্মশক্তিত বহনক্ষম উন্নয়ন আৰু লিংগ সমতাক আগুৱাই নিয়াৰ লক্ষ্যৰে অগতানুগতিক ভূমিকাত থকা মহিলাসকলৰ জীৱিকাৰ সম্ভাৱনাসমূহ বৃদ্ধি কৰাৰ মন ৰাখিছো৷ পেপচিকো ইণ্ডিয়াই ইতিবাচক পৰিৱৰ্তনক আগুৱাই নিয়াৰ বাবে বৈচিত্ৰ্যতা আৰু অন্তৰ্ভুক্তিৰ শক্তিত বিশ্বাস কৰে৷ আমি বিশ্বাস কৰোঁ যে মহিলাসকলৰ ওপৰত বিনিয়োগ কৰি আমি আমাৰ দেশৰ বাবে এক সৰ্বাংগীন ভৱিষ্যতত বিনিয়োগ কৰিছো৷’’

এই মুকলিৰ সন্দৰ্ভত মন্তব্য কৰি পেপচিকো ইণ্ডিয়া এণ্ড চাউথ এছিয়াৰ চিএইচআৰঅ’ পবিত্ৰ সিং-য়ে কয় যে, “ৰিভলিউচনাৰী – এ ৰিভলিউচন ফৰ দ্য নাৰী-ৰ মুকলিয়ে পেপচিকো ইণ্ডিয়াৰ বৈচিত্ৰ্য, সমতা আৰু অন্তৰ্ভুক্তিৰ প্ৰতি দশকজোৰা বিদ্যমান হৈ থকা প্ৰতিশ্ৰুতিৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে৷ ভাৰতৰ ১ নিযুত মহিলাক তেওঁলোকৰ সামগ্ৰিক বিকাশৰ সুবিধা প্ৰদান কৰাৰ লগতে তেওঁলোকক সফলতাৰ পথ নিৰ্ধাৰণ কৰাত সহায় কৰাৰ দ্বাৰা সবলীকৰণ কৰি তোলাৰ বাবে আমি এক অভিলাষী যাত্ৰাত নামি পৰিছো৷ আমাৰ মনোযোগ কেৱল সুযোগসমূহ প্ৰদানৰ বাহিৰেও অধিক পৰিসৰৰ লগতে আমি সমাজে মহিলাসকলৰ বাবে অৰ্থনৈতিক সবলীকৰণক কেনেধৰণে লক্ষ্য কৰাৰ লগতে সমৰ্থন কৰে তাৰ এক মৌলিক পৰিৱৰ্তনৰ অনুঘটক হিচাপে কাম কৰাৰ লক্ষ্য ৰাখিছো৷ কৌশলগত হস্তক্ষেপসমূহৰ লগতে বাস্তৱিক কাৰ্য্যসমূহৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষত মহিলাসকলৰ জীৱিকা বৃদ্ধি কৰি আমি অগতানুগতিক ভূমিকাসমূহত অধিক সমতাপূৰ্ণ সুযোগবোৰৰ ভেটি স্থাপন কৰিছো৷’’

ভাৰতৰ বিকশিত হৈ অহা অৰ্থনীতিত মহিলাসকলৰ অল্পপ্ৰতিনিধিত্বৰ বিষয়ে চিনাক্ত কৰি পেপচিকো ইণ্ডিয়াই এদশক পূৰ্বে হেৰুৱা সম্ভাৱনা চিনাক্ত কৰিছিল আৰু কৰ্মক্ষেত্ৰত অন্তৰ্ভুক্তিক উন্নীত কৰাৰ বাবে সুচিনাক্ত কাৰ্যসূচীসমূহ গঢ়ি তোলাৰ কাম কৰিছে৷ ভাৰতৰ কৰ্মশক্তিত লিংগ ব্যৱধান দূৰ কৰাৰ বাবে আগবঢ়োৱা কোম্পানীটোৱে গ্ৰহণ কৰা দায়িত্বৰ আন এক পদক্ষেপ হৈছে ৰিভলিউচনাৰী, যাৰ ফলত দেশৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাইছে৷

ৰিভলিউচনাৰীৰ প্ৰথম পৰ্যায়ত পেপচিকো ইণ্ডিয়াই ভাৰতৰ ১০০খন চহৰৰ এছটিইএম আৰু কৃষি, সুবিধাবঞ্চিত মহিলা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি একাধিক শাখাত স্নাতক মহিলাসকলক লক্ষ্য কৰি লৈছে৷ অংশীদাৰ সংস্থা আৰু অগ্ৰণী কৰ্পৰেটসমূহৰ সৈতে যোগদান কৰাৰ দ্বাৰা কোম্পানীটোৱে সামূহিক বিশেষজ্ঞতা আৰু সম্পদৰ সহায় লৈ ইয়াৰ ৰিভলিউচনাৰী অভিযানৰ প্ৰভাৱ বঢ়াই তুলিব৷ এতিয়ালৈকে পেপচিকো ইণ্ডিয়াই পৰিৱেশ তন্ত্ৰৰ অংশীদাৰ সংস্থাসমূহ - নিৰ্মান অৰ্গেনাইজেচন আৰু দ্য ছ’চিয়েল লেব ফাউণ্ডেচন আৰু ইণ্টাৰ্নশালা আদিৰ দৰে টেক অংশীদাৰসকলক লগত লৈছে যাতে এই পদক্ষেপৰ বাবে সম্প্ৰদায়ৰ ওচৰত উপস্থিত হোৱাটো সম্ভৱ হৈ পৰে৷

এই প্ৰকল্পৰ অংশ হিচাপে কোম্পানীটোৱে বিশেষভাৱে উৎপাদন আৰু বিক্ৰী খণ্ডসমূহৰ মহিলাসকলৰ বাবে ডিজাইন কৰা কাৰিকৰী দক্ষতা-নিৰ্মাণ আৰু ইন্টাৰশ্বিপকে ধৰি কেইবাটাও প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে৷ সজাগতা গঢ়ি তোলাৰ লগতে প্ৰত্যক্ষ আৰু পৰোক্ষ জীৱিকাৰ সুযোগসমূহ মুকলি কৰাটো ৰিভলিউচনাৰী অভিযানৰ অবিচ্ছেদ্য উপাদান৷ ২০২৬ চনৰ ভিতৰত পেপচিকো ইণ্ডিয়াত সকলো স্তৰতে লিংগ-সুষম কৰ্মশক্তি লাভ কৰিবলৈ পৰিচালনা আৰু ফ্ৰণ্টলাইন চাকৰিৰ বাবে লাৰ্ণ টুডে গিভ টুম’ৰ’ (এলটিজিটি) কাৰ্যসূচী, লেটাৰেল হায়াৰিং কাৰ্যসূচীৰ দৰে অভিযানসমূহ যুৱতীসকলক সক্ষম কৰি তুলিবলৈ বিশেষভাৱে সজাই তোলা ইন্টাৰ্নশ্বিপ কাৰ্যসূচীৰ অসংখ্য সজাগতা আৰু ফ্ৰণ্টলাইন নিযুক্তি পদক্ষেপক আৰম্ভ কৰা হৈছে৷ তদুপৰি পেপচিকো ইণ্ডিয়াত ফ্ৰণ্ট লাইন প্লাণ্টৰ পদসমূহৰ বাবে যোগ্য মহিলাসকলৰ লানি গঢ়ি তোলাৰ বাবে অসমৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা মহিলা শিক্ষাৰ্থীসকলৰ দক্ষতা বিকাশৰ বাবে অসম দক্ষতা বিকাশ অভিযান (এএছডিএম) আৰু ডাইৰেক্টৰেট অৱ এমপ্লয়মেন্ট এণ্ড ক্ৰাফ্টচমেন্ট ট্ৰেইনিং (ডিইচিটি)-ৰ সৈতে ত্ৰিপাক্ষিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে৷

সহযোগিতা হৈছে ৰিভলিউচনাৰী অভিযানৰ মূল; সেয়েহে পেপচিকো ইণ্ডিয়াই বিশিষ্ট কৰ্পৰেট আৰু সংস্থাসমূহৰ সৈতে অংশীদাৰিত্ব কৰাৰ মনস্থ কৰিছে, যাতে ভাৰতৰ কৰ্মশক্তিত মহিলাসকলৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিৱৰ্তন লৈ আহিব পাৰি৷

ৰিভলিউচনাৰীৰ বিষয়ে অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি চাওঁক https://in-pepsicoredesign-global-stage.pepext.com/our-impact/diversity-equity-inclusion/revolutionari 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here