এন ই এইচ এইচ ডি চিয়ে ঘোষণা কৰিছে "তেজস্বিনী অসম আইডিয়াথন ২০২৪" - অসমৰ উদ্যোগী মহিলাসকলৰ বাবে এক অনন্য সুযোগ। - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 20 June 2024

demo-image

এন ই এইচ এইচ ডি চিয়ে ঘোষণা কৰিছে "তেজস্বিনী অসম আইডিয়াথন ২০২৪" - অসমৰ উদ্যোগী মহিলাসকলৰ বাবে এক অনন্য সুযোগ।

Responsive Ads Here
IMG-20240620-WA0106




W7s news,,গুৱাহাটী, অসম – ১৯ জুন, ২০২৪ – অসমৰ উচ্চাকাংক্ষী মহিলাসকল, বিশেষকৈ উদ্যোগী মহিলাসকলক এক পৰিৱৰ্তনশীল মঞ্চ প্ৰদান কৰাৰ বাবে প্ৰথমবাৰৰ বাবে এই বিশেষ ব্যৱসায়িক ধাৰণাভিত্তিক প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে। 

মহিলাসকলে ছয়টা মুখ্য খণ্ড ক্ৰমে, হস্তশিল্প আৰু হস্ততাঁত, স্বাস্থ্য আৰু কল্যাণ, তথ্য প্ৰযুক্তি আৰু আই টি ই (মিডিয়া, মনোৰঞ্জন, শিক্ষা, লজিষ্টিক আদিসহ), কৃষি, সহযোগীতা আৰু খাদ্য প্ৰক্ৰিয়াকৰণ (পুষ্পকৃষি আৰু উদ্যানশস্যসহ), অৱসৰ-বিনোদন, পৰ্যটন আৰু আতিথ্য, আৰু সেউজ তথা বহনক্ষম উদ্যোগত তেওঁলোকৰ অভিনৱ ধাৰণা উপস্থাপন কৰিব পাৰে। 


১৮-৫০ বছৰ বয়সৰ সমূহ ছাত্ৰী, গৃহিণী, কৰ্মৰত পেছাদাৰী আৰু ৩ বছৰতকৈ কম সময়ধৰি ব্যৱসায়ৰ সৈতে জড়িত হৈ থকা মহিলা উদ্যোগীয়ে ইয়াৰ বাবে পঞ্জীয়ন কৰিব পাৰে। অংশগ্ৰহণকাৰীসকলে ৫ জুলাই, ২০২৪ৰ ভিতৰত তেওঁলোকৰ ধাৰণাসমূহ https://tejaswini.nehhdc.com/ত দাখিল কৰিব পাৰে। ২০২৪ চনৰ আগষ্ট মাহৰ শেষৰ সপ্তাহত অন্তিম অনুষ্ঠানটো গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। 

মুঠ ৫ লাখ টকাৰ পুৰস্কাৰৰ সৈতে অনুষ্ঠিতব্য "তেজস্বিনী অসম আইডিয়াথন ২০২৪"ত, অংশগ্ৰহণকাৰীসকলৰ বাবে প্ৰথম পুৰস্কাৰ ১,৫০,০০০/- টকা, দ্বিতীয় পুৰস্কাৰ ১,০০,০০০/- টকা আৰু তৃতীয় পুৰস্কাৰ ৭৫,০০০/- টকা ধাৰ্য্য কৰা হৈছে। তদুপৰি, তিনিগৰাকী (৩) শ্ৰেষ্ঠ শিক্ষাৰ্থী্ৰ ধাৰণাৰ বাবে ২৫,০০০/- টকা, মহিলাৰ প্ৰযুক্তিবিদ্যাৰ বাবে ৫০,০০০/- টকা আৰু গৃহিণীৰ অভিনৱ ধাৰণাৰ বাবে ৫০,০০০ /- টকাৰ বিশেষ পুৰস্কাৰ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও, শীৰ্ষ ৫০ টা ধাৰণাৰ বাবে অনুষ্ঠানটোৰ শেষত বিশেষজ্ঞৰ পৰামৰ্শ আৰু নিৰ্দেশনা প্ৰদান কৰা হ’ব।  অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ মহিলা কোষে গ্ৰহণ কৰা এই পদক্ষেপটো উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড (এন ই এইচ এইচ ডি চি) আৰু পৰিৱেশতন্ত্ৰৰ অংশীদাৰ, অসম ষ্টাৰ্টআপ-দ্য নেষ্টৰ ৰূপায়ণ কৰা হৈছে।

অধিক তথ্য আৰু পঞ্জীয়নৰ বিৱৰণৰ বাবে ইচ্ছুকসকলে www.tejaswini.nehhdc.com ৱেবছাইটটো চাব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *