ব্লু ষ্টাৰে মুকলি কৰিছে ১০০ৰো অধিক সুলভ আৰু প্ৰিমিয়াম মডেলৰ ৰুম এয়াৰ কণ্ডিচনাৰৰ নতুন ৰেঞ্জ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 18 June 2024

ব্লু ষ্টাৰে মুকলি কৰিছে ১০০ৰো অধিক সুলভ আৰু প্ৰিমিয়াম মডেলৰ ৰুম এয়াৰ কণ্ডিচনাৰৰ নতুন ৰেঞ্জ


W7s news গুৱাহাটী:


ব্লু ষ্টাৰ লিমিটেডে আজি আগন্তুক গ্ৰীষ্মকালীন ছিজনৰ বাবে ‘বেষ্ট-ইন-ক্লাছ এফৰ্ডেবল’ ৰেঞ্জ আৰু ‘ফ্লেগশ্বিপ প্ৰিমিয়াম’ ৰেঞ্জকে ধৰি নিজৰ নতুন বিস্তৃত ৰেঞ্জৰ ৰুম এচি মুকলি কৰিছে। সামগ্ৰিকভাৱে কোম্পানীয়ে ইনভাৰ্টাৰ, ফিক্সড স্পীড আৰু উইণ্ড' এচিৰ বৰ্ণালীত আৰু সকলো গ্ৰাহকৰ প্ৰাইচ পইণ্টসমূহ চিনাক্ত কৰি ১০০ৰো অধিক মডেল মুকলি কৰিছে।

অধিক ব্যৱহাৰযোগ্যতা, উপাৰ্জন বৃদ্ধি পোৱা মধ্যবিত্তীয় গ্ৰাহক আৰু এই শ্ৰেণীৰ বিলাসীতাতকৈ অধিক প্ৰয়োজনীয় হৈ পৰাৰ বাবে বজাৰত ৰুম এচিৰ যথেষ্ট চাহিদা দেখা গৈছে। বিশেষকৈ টায়াৰ ২, ৩ আৰু ৪ বজাৰৰ লগতে ৰিপ্লেচমেণ্ট বজাৰত প্ৰথমবাৰৰ বাবে ক্ৰেতাসকলৰ পৰা কোম্পানীটোৱে চাহিদা লাভ কৰিছে।

ব্লু ষ্টাৰে এই ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে বহুতো সামগ্ৰী মুকলি কৰিছে, এই এচিসমূহৰ উৎপাদন, অনুসন্ধান আৰু বিকাশ তথা উদ্ভাৱন ক্ষমতাৰ সহায় লৈ নতুন, পৃথক আৰু শ্ৰেণীৰ ভিতৰতে শ্ৰেষ্ঠ এচিসমূহ মুকলি কৰিছে।


২০২৪ৰ বাবে নতুন ৰেঞ্জৰ এয়াৰ কণ্ডিচনাৰ

কোম্পানীটোৱে ইনভাৰ্টাৰ স্প্লীট এচি ছেগমেণ্টত তিনিটা ছেগমেণ্ট মুকলি কৰিছে। ইয়াৰ ভিতৰত আছে ২ ষ্টাৰ, ৩ ষ্টাৰ, আৰু ৫ ষ্টাৰ ভেৰিয়েণ্টৰ ফ্লেগশ্বিপ, প্ৰিমিয়াম আৰু সুলভ ৰেঞ্জ, যিবোৰ ০.৮ টিআৰৰ পৰা ২.২ টিআৰলৈকে বিভিন্ন শীতল ক্ষমতাত উপলব্ধ, যিসমূহৰ প্ৰাৰম্ভিক মূল্য ২৯,৯৯০ টকা।

শেহতীয়াকৈ মুকলি কৰা নতুন এচিসমূহত গ্ৰাহকৰ অনুকূল বিভিন্ন বৈশিষ্ট্য সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত আছে ‘এআই প্ৰ'’ নামৰ এটা নতুন উদ্ভাৱনী বৈশিষ্ট্য, যি হৈছে বিভিন্ন পেৰামিটাৰ অনুভৱ কৰা, এডজাষ্ট কৰিব পৰা আৰু সৰ্বোচ্চ আৰাম প্ৰদান কৰা এক জটিল আৰু স্বজ্ঞাত এলগৰিদম। ইয়াৰ লগতে এইবোৰত দ্ৰুত শীতলতাৰ বাবে ‘টাৰ্বো কুল’ৰ দৰে সুবিধা ৰখা হৈছে; ‘কনভাৰ্টিবল ৬-ইন-১ কুলিং’ য’ত গ্ৰাহকে শীতল ক্ষমতা ওপৰলৈ বা তললৈ সলনি কৰিব পাৰে; আৰু নেনো ব্লুপ্ৰটেক্ট প্ৰযুক্তি আৰু হাইড্ৰফিলিক ‘ব্লু ফিন’ আৱৰণ, আইডিইউ আৰু অ’ডিইউ দুয়োটাৰে বাবে কইলৰ জাৰণ(কৰছন) আৰু লিকেজ ৰোধ কৰিবলৈ আৰু ক্ৰমে দীৰ্ঘসময় ব্যৱহাৰৰ বাবে এই সুবিধা আগবঢ়োৱা হৈছে। আন কিছুমান অনন্য বৈশিষ্ট্যৰ ভিতৰত আছে ডিজিকিউ পেণ্টা চেন্সৰ, যিয়ে অতুলনীয় সঠিকতা আৰু নিৰ্ভৰযোগ্যতা প্ৰদান কৰে; একেধৰণৰ শীতলতাৰ বাবে এটা ৪-ৱে ছুইং(দোলন); দ্ৰুত আৰু ফলপ্ৰসূ শীতলতাৰ বাবে উচ্চ শীতল কাৰ্যক্ষমতা; প্ৰতি ০.৫ ডিগ্ৰী চেলছিয়াছত উষ্ণতা নিৰ্ধাৰণৰ বাবে নিখুঁত শীতল প্ৰযুক্তি আৰু নিৰ্মল বায়ুৰ বাবে সক্ৰিয় কাৰ্বনৰ সৈতে এটা পিএম২.৫ ফিল্টাৰ ইত্যাদি। নতুনকৈ মুকলি কৰা সকলো ব্লু ষ্টাৰ ইনভাৰ্টাৰ এচি স্মাৰ্ট ৰেডি আৰু এটা পৃথক স্মাৰ্ট মডিউল সংযোজন কৰি স্মাৰ্ট এচিলৈ উন্নীত কৰিব পাৰি। ব্লু ষ্টাৰৰ ইনভাৰ্টাৰ এচিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল অপাৰেটিং ভল্টেজৰ বিস্তৃত পৰিসৰ, যাৰ ফলত বাহ্যিক ভল্টেজ ষ্টেবিলাইজাৰৰ প্ৰয়োজনীয়তা নোহোৱা হৈ পৰে।


ধ্বজাবাহী পৰিসৰ

কোম্পানীটোৱে ‘ছুপাৰ এনাৰ্জি-ইফিচিয়েণ্ট এচি,’ ‘হেভি-ডিউটী ​​এচি,’ ‘স্মাৰ্ট ৱাই-ফাই এচি,’ ‘হট এণ্ড কল্ড এচি’ আৰু ‘এণ্টি-ভাইৰাছ টেকন’লজিৰ সৈতে এচি’কে ধৰি বিভিন্ন সময়োপযোগী ফ্লেগশ্বিপ মডেল মুকলি কৰিছে। ইয়াৰ লগতে নিজৰ সমৃদ্ধ উত্তৰাধিকাৰৰ স্মৃতিত ৮০ বছৰীয়া স্পেচিয়েল এডিছনৰ এচি মুকলি কৰিছে। এই মডেল বিস্তৃত শেহতীয়া প্ৰযুক্তিৰ শক্তিৰে ভৰপূৰ আৰু ইয়াত কেইবাটাও উদ্ভাৱনীমূলক বৈশিষ্ট্য আছে, যাৰ ফলত ই দেশৰ ভিতৰতে উপলব্ধ আটাইতকৈ উন্নত এয়াৰ কণ্ডিচনাৰ।

ব্লু ষ্টাৰৰ ‘ছুপাৰ এনাৰ্জি-ইফিচিয়েণ্ট এচি’ত উচ্চ বায়ু প্ৰবাহৰ সুবিধা প্ৰদান কৰি অনুকূলিত শীতলতাৰ সৈতে বৰ্ধিত শক্তি কাৰ্যক্ষমতা লাভ কৰিবলৈ এক অনন্য ডাইনেমিক ড্ৰাইভ প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হৈছে। ফলত ১ টিআৰ ইনভাৰ্টাৰ এচিসমূহে ৬.২৫ আইএছইইআৰ লাভ কৰিছে, যিটো ৩-ষ্টাৰ ইনভাৰ্টাৰ এচিতকৈ ৬৪% অধিক শক্তি দক্ষ।

প্ৰতি বছৰে ভাৰতবৰ্ষত প্ৰচণ্ড গ্রীষ্মৰ সময়ত সমগ্ৰ দেশতে তাপমাত্ৰা ক্ৰমাগতভাৱে বৃদ্ধি পোৱা দেখা যায়। কোম্পানীটোৱে উচ্চ মানদণ্ডৰ নিৰ্দিষ্ট বিভাজনেৰে ডিজাইন কৰা টপ-অফ-দ্য-লাইন ‘হেভি-ডিউটী ​​এচি’ৰ ৰেঞ্জসমূহ যথেষ্ট শক্তিশালী আৰু ৫৬ ডিগ্ৰী চেলছিয়াছতো দ্ৰুত শীতলতা আৰু আৰাম প্ৰদান কৰিব পাৰে। এই এচিসমূহে ৫৫ ফুট পৰ্যন্ত শক্তিশালী বায়ু নিক্ষেপৰ সৈতে উপলব্ধ আৰু আনকি ৪৩ ডিগ্ৰী চেলছিয়াছতো ১০০% কুলিং ক্ষমতা প্ৰদান কৰে।

কোম্পানীয়ে একক ‘স্মাৰ্ট ৱাই-ফাই এচি’ও মুকলি কৰিছে, য’ত ‘কাষ্টমাইজড শ্লিপ’ৰ দৰে অনন্য আৰু স্মাৰ্ট বৈশিষ্ট্য আছে, য’ত উষ্ণতা, ফেনৰ গতি, কুল/ফেন মোড আৰু চুইটছ প্ৰিছেট কৰিব পাৰি, লগতে নিৰৱচ্ছিন্ন টোপনিৰ বাবে প্ৰতি ঘণ্টাত ১২ ঘণ্টাৰ এচি অন/অফ সুবিধাও প্ৰদান কৰিছে। ভইচ কমাণ্ড টেকন’লজিৰ সহায়ত গ্ৰাহকে ইংৰাজী বা হিন্দী ভইচ কমাণ্ডৰ জৰিয়তে নিজৰ স্মাৰ্ট ডিভাইচ যেনে এমাজন এলেক্সা বা গুগল হোমৰ জৰিয়তেও নিজৰ এচি চলাব পাৰে। 

গোটেই বছৰজুৰি আৰাম প্ৰদান কৰিবলৈ ‘হট এণ্ড কল্ড এচি’ ডিজাইন কৰা হৈছে। ব্লু ষ্টাৰে এটা মডেল প্ৰস্তুত কৰিছে, যিয়ে -১০ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতাতো কাম কৰিব পাৰে, যি বিশেষভাৱে শ্ৰীনগৰৰ দৰে বজাৰৰ বাবে ডিজাইন কৰা হৈছে আৰু আন এটা ৰেঞ্জ, যিয়ে দেশৰ কঠোৰ শীতকালৰ সন্মুখীন হোৱা বাকী অংশৰ বাবে -২ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতাত কাম কৰিব পাৰে।

পৰিশেষত, কোম্পানীটোৰ নতুন ৰেঞ্জে আৰাম আৰু স্বাস্থ্যক একত্ৰিত কৰিছে, ‘এণ্টি-ভাইৰাছ প্ৰযুক্তিযুক্ত এচিয়ে’ ক্ষতিকাৰক অণুজীৱ আৰু পদাৰ্থক ফলপ্ৰসূভাৱে ফিল্টাৰ কৰি উলিয়াব পাৰে। বিশেষকৈ শীতকালত গ্ৰাহকে এই এচিসমূহ এয়াৰ পিউৰিফায়াৰ হিচাপেও চলাব পাৰে।

গ্ৰাহকক সুলভ মূল্যত ব্লু ষ্টাৰৰ এয়াৰ কণ্ডিচনাৰসমূহে ব্যতিক্ৰমী শীতলতা প্ৰদান কৰাৰ লগতে নিজৰ গুণগত মান, নিৰ্ভৰযোগ্যতা আৰু বহনক্ষমতাৰ বাবে সুপৰিচিত। কোম্পানীয়ে ইনভাৰ্টাৰ কম্প্ৰেছাৰৰ ওপৰত জীৱনজোৰা ৱাৰেণ্টী, পিচিবিসমূহৰ ওপৰত ৫ বছৰৰ ৱাৰেণ্টী আৰু এই সামগ্ৰীসমূহৰ বাবে সহজ বিত্তীয় বিকল্প প্ৰদান কৰে।

২০১১ত কোম্পানীটোৱে আৱাসিক এচি ছেগমেণ্টত বিনিয়োগৰ পিছৰে পৰা এই ছেগমেণ্টত ব্লু ষ্টাৰে নিজৰ শক্তি বৃদ্ধি কৰিছে, বছৰৰ পিছত বছৰ ধৰি এই উদ্যোগটোত আউটপাৰ্ফৰ্ম কৰিছে। কোম্পানীটোৱে বিত্তীয় বৰ্ষ ২৬ৰ ভিতৰত ৰুম এয়াৰ কণ্ডিচনাৰ ছেগমেণ্টত ১৫% বজাৰ অংশীদাৰিত্ব লাভ কৰাৰ লক্ষ্য লৈছে।


উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰা

ব্লু ষ্টাৰৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ব্লু ষ্টাৰ ক্লাইমেট লিমিটেডৰ জৰিয়তে অন্ধ্ৰ প্ৰদেশৰ শ্ৰী চহৰত এক অত্যাধুনিক উৎপাদন সুবিধা কেন্দ্ৰ স্থাপন কৰিছে, এই কেন্দ্ৰটোৰে ২০২৩ৰ জানুৱাৰী মাহত বাণিজ্যিক উৎপাদন আৰম্ভ হৈছিল। ইয়াৰ উপৰিও হিমাচল প্ৰদেশত ব্লু ষ্টাৰৰ দুটা কাৰখানা নিৰ্মাণ কোঠা কেৱল এচিৰ বাবে উৎসৰ্গিত। এই প্ৰকল্পসমূহ এচেম্বলী লাইন আৰু সামগ্ৰী সঞ্চালনৰ বাবে শেহতীয়া স্বয়ংক্ৰিয়কৰণ কৌশল আৰু সঁজুলিৰ সৈতে সুসজ্জিত, লগতে আইঅ'টি আৰু ডিজিটাইজেচনৰ দিশত বহুতো পদক্ষেপৰ সৈতে ব্যাপকভাৱে নিয়োজিত হৈ াছে। এই পদক্ষেপবোৰৰ লগতে ব্লু ষ্টাৰৰ এতিয়া এক মিলিয়ন ৰুম এচিৰ উৎপাদন ক্ষমতা আছে, যি প্ৰয়োজনৰ সময়ত ক্ৰমান্বয়ে ১.৮ মিলিয়ন এচিলৈকে বৃদ্ধি কৰিব।

সেৱাৰ প্ৰসাৰ-সম্প্ৰসাৰণ

ই-কমাৰ্চ আৰু আধুনিক বাণিজ্যিক চেনেলত আকৰ্ষণীয় অগ্ৰগতি অব্যাহত ৰাখিছে কোম্পানীটোৱে, য’ত ই এক বিশিষ্ট প্ৰতিষ্ঠান হিচাপে খুচুৰা বিপণীত ইন-ষ্ট’ৰ প্ৰদৰ্শনৰ বাবে নিজৰ বিনিয়োগ বজাই ৰখাৰ পৰিকল্পনা কৰিছে, কিয়নো এনে পদক্ষেপে অফটেক বৃদ্ধি কৰাত যথেষ্ট পৰিমাণে সহায় কৰিছে। ইয়াৰ উপৰিও সকলো স্তৰতে অফটেক বৃদ্ধি কৰি অনলাইন আৰু অফলাইন উভয়তে উপযুক্ত প্ৰচাৰ পদ্ধতি গ্ৰহণ কৰি আহিছে। বিশেষকৈ উত্তৰ ভাৰতত কোম্পানীটোৱে বিতৰণ নেটৱৰ্কো শক্তিশালী কৰি তুলিছে।

ইয়াৰ লগতে ব্লু ষ্টাৰৰ ‘গোল্ড ষ্টেণ্ডাৰ্ড চাৰ্ভিচ’ৰ মূল্য অফাৰ আৰু অতুলনীয় কাৰিকৰী দক্ষতা হৈছে উল্লেখযোগ্য শক্তি বা কাৰক, যিবোৰত কোম্পানীয়ে বিনিয়োগ অব্যাহত ৰাখিছে। এই এচিসমূহ সকলো বজাৰতে ফলপ্ৰসূভাৱে উপলব্ধ কৰিবলৈ ২,১০০ৰো অধিক সেৱা কেন্দ্ৰৰ এক সংহত নেটৱৰ্ক আছে। ইয়াৰ উপৰিও ইয়াৰ ১৫০তকৈও অধিক চাৰ্ভিচ ক্ৰু বাহনৰ বহৰ আছে যিয়ে সমগ্ৰ দেশতে নিৰ্ভৰযোগ্য বিক্ৰীৰ পিছৰ সেৱা সহজে উপলব্ধ কৰি আহিছে।

ব্ৰেণ্ড এম্বেছাদৰ বিৰাট কোহলী

ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে ৰুম এচিৰ বাবে ব্লু ষ্টাৰৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰি আছে। কোম্পানীটোৰ ব্ৰেণ্ড সজাগতা আৰু ইকুইটি গঢ়ি তোলাত কোহলীয়ে যথেষ্ট সহায় কৰিছে। গৰমৰ দিনৰ ব্যক্তিত্বক কেন্দ্ৰ কৰি বিৰাট কোহলীক লৈ চলি থকা এই অভিযান টিভি, প্ৰিণ্ট, আউটড’ৰ আৰু ডিজিটেল চেনেলত আৰম্ভ কৰা হৈছিল আৰু বাহ্যিক অংশীদাৰসকলৰ মাজত যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছিল। মুঠতে কোম্পানীয়ে গ্ৰীষ্মকালত বিজ্ঞাপনত ৪০ কোটিৰো অধিক বিনিয়োগৰ পৰিকল্পনা কৰিছে।

ভৱিষ্যতৰ সম্ভাৱনা

ব্লু ষ্টাৰ লিমিটেডৰ পৰিচালন সঞ্চালক বি থিয়াগৰাজনে এই বিষয়ে কয় যে, “ৰুম এচিৰ বজাৰখন ইনফ্লেকচন পইণ্ট(ৰূপান্তৰৰ শিখৰ)ত আছে আৰু অহা কেইবছৰমানৰ ভিতৰত ই লক্ষণীয়ভাৱে বৃদ্ধি পোৱাৰ দিশে গতি কৰিছে। অনুমান অনুসৰি ২০৩০ চনৰ ভিতৰত এই উদ্যোগৰ বজাৰখন দুগুণতকৈও অধিক হ’ব। আমাৰ বাবে এক বৃহৎ সুযোগ আনি দিছে কিয়নো ৮০ বছৰতকৈও অধিক সময়ৰ আমাৰ এচি খণ্ডৰ দক্ষতা আছে আৰু বজাৰখনত ভালদৰে শিপাই আছোঁ। ব্লু ষ্টাৰে ক্ৰমবৰ্ধমান চাহিদাক ফলপ্ৰসূভাৱে লাভৱান কৰিবলৈ দক্ষতা আৰু সামৰ্থ বৃদ্ধিৰ বাবে অনুসন্ধান আৰু বিকাশ তথা উৎপাদনৰ লগতে যোগান শৃংখলত উল্লেখযোগ্য বিনিয়োগ অব্যাহত ৰাখিছে। আমি আগন্তুক গ্ৰীষ্মকালীন ছিজন অধিক শক্তিশালী হ’ব বুলি আশা কৰিছো আৰু কোঠাৰ এয়াৰ কণ্ডিচনাৰৰ চাহিদা শক্তিশালী হ’ব বুলি আশা কৰিছোঁ। আমি নিশ্চিত যে আমাৰ আকৰ্ষণীয় ৰুম এচি বেটেলিয়নৰ সৈতে সকলো গ্ৰাহকৰ খণ্ড আৰু সঠিক মূল্যৰে আমি বজাৰত দ্ৰুতগতিত সমৃদ্ধি লাভ কৰিব পাৰিম।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here