W7s news গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে অসমীয়া চলচিত্ৰ 'চিলনী চোৰ'ৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ মুকলি কৰা হয়। মুকলি অনুষ্ঠানত বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই কয়-ছবিখনৰ নামটো শুনিলে এনে লাগে যেন এই নামটো শুনিলে চহৰৰ মানুহ আতংকিত হয়। ছবিখনৰ প্ৰযোজক অসমৰ বাহিৰত থাকে যদিও তেওঁ বাহিৰতো অসমৰ কলাকৃষ্টিক প্ৰদৰ্শন কৰে। ছবিখনত ময়ো এটা সৰু চৰিত্ৰত অভিনয় কৰিছোঁ।৩০আগষ্টত মুক্তি লাভ কৰিব।অসমীয়া ছবি এতিয়া উচ্চ পৰ্যায়লৈ গৈছে।ছবিখনৰ শিল্পী কলা-কুশলীলৈ শুভেচ্ছা জনালোঁ। চলচ্চিত্ৰখনে উচ্চ মানৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা কৰিলোঁ।' অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী বিমান বৰুৱাই কয়- এই চলচ্চিত্ৰখনৰ কাহিনী আৰম্ভ কৰাৰ দিনৰ পৰা মই জড়িত হৈ আছোঁ। 'চিলনী চোৰ'ৰ পটভূমিত এইখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনৰ যাতে বহুল প্ৰচাৰ হয় তাৰে কামনা কৰিলোঁ।'অনুষ্ঠানত বিশিষ্ট চিত্ৰ সাংবাদিক অনুপম হাজৰিকাই কয়- : বৰ্তমান অসমীয়া চলচিত্ৰৰ ভাল দিন চলিছে। চলচিত্ৰখন বাণিজ্যিকভাবে সফল হ'ব বুলি আশা কৰিলোঁ। অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালক হেমন্ত কুমাৰ দাসে কয়- :এইখন বিনোদন ছবিৰ নাম যেন লাগিছে। পোষ্টাৰখন আকৰ্ষণীয়। মননশীল ছবিৰ লগতে বাণিজ্যিক ভাৱে সফল ছবি কৰা কঠিন কাম। চলচ্চিত্ৰখনৰ দৰ্শকে আদৰি ল'ব বুলি আশা কৰিলোঁ।
অনুষ্ঠানত কৰিঅ' গ্ৰাফাৰ উদয় শংকৰে কয়-ছবিখনৰ সৈতে জড়িত হৈ সুখী। এটা সুৰু চৰিত্ৰ ৰূপায়ন কৰিছোঁ। বৰ্তমানৰ সমাজ ব্যৱস্থাকলৈ ছবিখন নিৰ্মাণ কৰা হৈছে। চলচিত্ৰখন বাণিজ্যিকভাৱে সফল হ'ব বুলি আশা কৰিলোঁ।' অনুষ্ঠান লত অভিনেতা তপন পাঠকে কয়-চলচ্চিত্ৰখনৰ নামৰো গুৱাহাটী মহানগীৰৰ বাবে এটা পৰিচিত নাম।এটা প্ৰাসংগিক বিষয় চলচ্চিত্ৰখনৰ জড়িয়তে তুলি ধৰাৰ নিশ্চয়কৈ প্রয়াস কৰা হৈছে ।'আনহাতে চলচিত্ৰখনৰ পৰিচালক প্ৰণৱজ্যোতি ভঁড়ালীয়ে কয়-এইখন মোৰ তৃতীয়খন ছবি। ৰাইজে আদৰি ল'ব বুলি আশা কৰিলোঁ।'চলচ্চিত্ৰখনৰ প্ৰযোজক পৰেশ বৰা,সংগীত বিমান বৰুৱা, অহিৰ ভৈৰৱৰ,চিত্ৰনাট্য, সংলাপ ডাঃ নয়নজ্যোতি তালুকদাৰৰ,
শব্দ সংমিশ্ৰণ হিমন্ত গগৈ আৰু কল্পনা ভূঞাৰ,ভিডিঅ' প্ৰফুল্ল ৰাভাৰ আৰু আৱহ সংগীত দিপকেশ বৰগোঁহাইৰ। ছবিখনে '৩০ আগষ্টত মুক্তি লাভ কৰিব।
No comments:
Post a Comment