প্ৰাণভৰা উচাহ আৰু সৃজনশীলতাৰে কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ ৪১ তম প্ৰতিষ্ঠা দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 13 June 2024

প্ৰাণভৰা উচাহ আৰু সৃজনশীলতাৰে কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ ৪১ তম প্ৰতিষ্ঠা দিৱস উদযাপন

 

W7s news,


গুৱাহাটী, ১২ জুন, ২০২৪- কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলে পৰম আনন্দ আৰু উৎসাহেৰে ১২ জুন, বুধবাৰ, ২০২৪ তাৰিখে বিদ্যালয়খনৰ ৪১ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ৮ জুনৰ পৰা ১২ জুনলৈ অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানত সকলো বয়সৰ শিক্ষাৰ্থীৰ উৎসাহজনক অংশগ্ৰহণ দেখা যায়। অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল "খোজে খোজে লিখো গাঁথা নতুন দিনৰ" শীৰ্ষক বিদ্যালয় সংগীতৰ উন্মোচন। ড° সীমান্ত দাসৰ কথা আৰু আপগোজদ্যফিংগাৰ মিউজিকৰ প্ৰতিষ্ঠাপক শ্ৰীযুত সম্বিত ৰাজেন্দ্ৰ জেনাৰ দ্বাৰা প্ৰস্তুত কৰা এই অনুপ্ৰেৰণাদায়ক গীতটোৱে প্ৰতিষ্ঠানটোৰ সত্তা আৰু দৃষ্টিভঙ্গীক মূৰ্ত কৰি তুলিছে।নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অসমীয়া হাতে লিখা আলোচনী প্ৰস্তুত কৰি নিজৰ সৃষ্টিশীলতা আৰু সাংস্কৃতিক দক্ষতা প্ৰদৰ্শন কৰে। এই উল্লেখযোগ্য কৃতিত্বও অনুষ্ঠানৰ সময়ত উন্মোচন কৰা হয়, যিয়ে এই বিশেষ দিনটোত এক স্থানীয় সংস্কৃতিৰ পৰশ সংমিশ্ৰিত কৰে। শিক্ষাৰ্থীসকলৰ প্ৰতিভাক অনুপ্ৰাণিত আৰু প্ৰদৰ্শন কৰাৰ বাবে দিনজোৰা কাৰ্যসূচীৰে এক সুশৃংখল তথা আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। কলা আৰু কাৰুশিল্প প্ৰদৰ্শনী, ফটোগ্ৰাফী প্ৰদৰ্শনী, টি-চাৰ্ট আৰু ফেচ পেইণ্টিং প্ৰতিযোগিতাবোৰ কেৱল প্ৰতিযোগিতা হিচাপে নহয়, বৰঞ্চ উদীয়মান ফটোগ্ৰাফাৰ আৰু শিল্পীসকলৰ মাজত সৃষ্টিশীল ক্ষেত্ৰৰ প্ৰতি আগ্ৰহ সৃষ্টিকাৰী মঞ্চ হিচাপে আগবঢ়াই দিয়া হৈছিল। উদ্দীপনাজনক প্ৰদৰ্শনীৰে মূৰ্ত  হৈ উঠা এই অনুষ্ঠানত কলা সমাজৰ সন্মানীয় ব্যক্তি, অসম চৰকাৰী ফাইন আৰ্টছ কলেজ গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত অতুল চন্দ্ৰ বৰুৱা, গুৱাহাটীৰ ভিজুৱেল আৰ্টিষ্ট শ্ৰী নাৰায়ণ নেওগে বিচাৰকৰ আসন শুৱনি কৰি শিক্ষাৰ্থীসকলৰ প্ৰতিভা আৰু সম্ভাৱনাক স্বীকৃতি প্ৰদান কৰে। কাৰ্যসূচীৰ অংশ হিচাপে ১১ জুনত বিদ্যালয়খনৰ প্ৰয়াত প্ৰতিষ্ঠাপক কুলধৰ দাসৰ স্মৃতিত তৃতীয় কুলধৰ দাস শৈক্ষিক আলোচনা চক্ৰ ২০২৪ৰ আয়োজন কৰা হয়। এইবাৰৰ আলোচনা চক্ৰত " গোলকীয় প্ৰব্ৰজন আৰু গোলকীয় সংকট” শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়া হয়। অৰুণাভ দাস (একাদশ শ্ৰেণী), ঈশিতা ৰাণী বড়ো (দশম শ্ৰেণী), সায়ন ঘোষ (দশম শ্ৰেণী), জ্যোতিস্নাতা চৌধুৰী (একাদশ শ্ৰেণী), অৰ্পিতা ৰয় (দ্বাদশ শ্ৰেণী), আৰু হাৰ্দিক গৌৰৱ বনিয়াই (একাদশ শ্ৰেণী) বিষয়টোৰ ওপৰত তেওঁলোকৰ অন্তৰ্দৃষ্টিপূৰ্ণ গৱেষণা উপস্থাপন কৰে। এই যুৱ পণ্ডিতসকলে ভেনিজুৱেলাৰ শৰণাৰ্থী সংকট, বাংলাদেশৰ অৰ্থনৈতিক প্ৰব্ৰজন, দক্ষিণ চুদান সংকট, বাংলাদেশৰ ৰহিংগীয়া সংকট আৰু চিৰিয়াৰ সংকটকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ গোলকীয় বিষয়বোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মুক্তিকাম হাজৰিকা অনুষ্ঠানটোত উপস্থিত থাকে।  ৭ আৰু ৮ জুনত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে (২০২৩-২৪ আৰু ২০২৪-২৫ গোট) বিদ্যালয় চৌহদত মডেল ইউনাইটেড নেচনছ (এম ইউ এন) অনুষ্ঠানৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণ কৰে। নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে এম ইউ এনত সক্ৰিয় অংশগ্ৰহণ কৰি গতিশীল আৰু গভীৰতাপূৰ্ণ আলোচনাৰ এক পৰিৱেশ সৃষ্টি কৰে। এই অনুষ্ঠানটোৱে শিক্ষাৰ্থীসকলক সমালোচনামূলক চিন্তা, কূটনীতি আৰু নেতৃত্বমূলক দক্ষতা বিকাশৰ বাবে এক মঞ্চ প্ৰদান কৰি ব্যাপক শিক্ষাৰ প্ৰতি থকা বিদ্যালয়খনৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা  জোনালী দাসে কয়, "এই প্ৰতিষ্ঠা দিৱস কেৱল এক মাইলৰ খুঁটি হিচাপেই নহয়, বৰঞ্চ আমাৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলে উৎকৃষ্টতাৰ ক্ষেত্ৰত চলাই অহা নিৰন্তৰ প্ৰচেষ্টাৰ এক প্ৰমাণ। এই কাৰ্যসূচীসমূহৰ সময়ত প্ৰদৰ্শিত সৃজনশীলতা, নিষ্ঠা আৰু বৌদ্ধিক কৌতূহল প্ৰশংসনীয়। আমি আগন্তুক বছৰসমূহত সমালোচনামূলক ধ্যান-ধাৰণাৰে পৰিপুষ্ট হৈ থকা যুৱ মনবোৰক অনুপ্ৰেৰণা প্ৰদান আৰু লালন-পালন কৰি অধিক উন্নত কৰি তুলিব পাৰিম বুলি আশ কৰিছোঁ।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here