অসম ভীম সেনাৰ আই সতী ৰাধিকা দিবস উদযাপন। - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 21 May 2024

অসম ভীম সেনাৰ আই সতী ৰাধিকা দিবস উদযাপন।

 

সাধাৰণ সম্পাদক শ্রী প্রান্ত কুমাৰ দাস দূৰভাষ: ১৩৯৫৩৬৪৭৪৩


ৰাজ্যৰ অনুসূচিত জাতি, জনজাতি আৰু অনান্য পিছপৰা শ্ৰেণী সকলৰ কৈল্যান ও সামগ্রীক উন্নয়ন, সমবিকাশ আৰু সমাধিকাৰৰ স্বাৰ্থত উচর্গিত সস্থা, অসম ভীম সেনাই অহা ইং ২৩-০৫-২০২৪ মে' তাৰিখ বৃহস্পতিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে গুৱাহাটী দীঘলী পুখুৰি পাৰ স্থিত অসম সাহিত্য সভা লক্ষীৰাম বৰুৱা সদন সভা কক্ষত মহিয়সী নাৰী আই সতী ৰাধিকা স্মৃতি দিৱস পালনৰ আয়োজন কৰিছে। উক্ত সতী ৰাধিকা দিৱসত অসম ভীম সেনাৰ ভিন্ন জিলাৰ কেন্দ্রীয় বিষয় ববীয়াৰ লগতে বহুতো সংগ্রামী সতীর্থই অংশগ্ৰহণ কৰিব। কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত আই সতী ৰাধিকা প্রতিচ্ছবিত বস্তি প্রজ্বলন ও মাল্যর্পণ কৰিব অসম ভীম সেনাৰ মুখ্য উপদেষ্টা অবসৰ প্ৰাপ্ত উপাযুক্ত সম্মানীয় শ্রীযুত ভূপেন্দ্র নাথ দাসদেবে। ৰাধিকা দিৱসৰ লগত সংগতি ৰাখি দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত কৰা মুকলি সভাত সভাপতিত্ব কৰিব অসম ভীম সেনাৰ সভাপতি মাধব দাসদেব। বিশিষ্ট অতিথিৰ আসনত থাকিব ডিগবৈ অৱসৰ প্ৰাপ্ত সহকাৰী আয়ুক্ত, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শুল্ক আৰু আৱকাৰী বিভাগৰ এল, এল. বি. আই. আৰ. এচ গোপাল চন্দ্র দাস, বৰপেটা জিলাৰ অৱসৰ প্ৰাপ্ত অধ্যাপক, অধিবক্তা বিশিষ্ট সমাজ সেবক শ্রীযুত উদ্ধৱ চন্দ্র দাস, যোৰহাট জিলাৰ আয়ুক্ত কার্যালয় কর্মচাৰী সৰুপাই দাস, গোলাঘাট জিলাৰ বিশিষ্ট সমাজ সেৱক মহেশ্বৰ দাস, শিৱসাগৰ জিলাৰ বিশিষ্ট সমাজ সেবক ভাৰত দাস, বিশ্বনাথ জিলাৰ বাবুল দাস, বিশিষ্ট লেখিকা শেৱালী ডেকা, যোৰহাট জিলাৰ দেৰগাঁও সমষ্টিৰ বিশিষ্ট সমাজ সেবীকা ৰূপা দাস, উক্ত মুকলি সভাখনতে আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ সঞ্চালক বিশিষ্ট সমাজকর্মী শ্রীযুত চন্দন ৰঞ্জন দাস, কামৰূপ জিলাৰ পৰিবহণ বিষয়া বিশিষ্ট সমাজ সেবক হিমান্ড কুমাৰ দাস, সমাজ সেবী সংস্থা ড° আম্বেদকাৰ মিছনৰ সভাপতি শ্রীযুত দুলাল চন্দ্র মেধী, প্ৰথম খবৰ আৰু সাপ্তাহিক কাকত 'দাপোণ'ৰ লখিমপুৰৰ সাংবাদিক জিয়াউল আলি, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্রীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাস, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্রীয় সমিতিৰ সভাপতি মুনিন্দ্র বনিয়া আৰু সাধাৰণ সম্পাদক জনার্দ্দন দাস। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা মহিয়সী নাৰী আই সতী ৰাধিকাৰ স্মৃতি দিৱস অনুস্থান ভাগত সকলো ৰাইজৰ সহায়-সহযোগিতা, সৎ দিহা-পৰামৰ্শ আৰু একান্ত উপস্থিতি অসম ভীম সেনাৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক প্রান্ত কুমাৰ দাসে কামনা কৰিছে।


ধন্যবাদ

প্ৰচাৰ সম্পাদক

ৰাস্নামণি গগৈ, জোনমণি হাজৰিকা, তৃষ্ণ বৰা অসম ভীম সেনা কেন্দ্রীয় সমিতি

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here