অতিৰিক্ত টিউচনৰ প্ৰয়োজনীয়তা হ্ৰাস কৰাৰ বাবে মডাৰ্ণ ইংলিছ স্কুলে আয়োজন কৰা বৈঠকত অসমৰ ১৯খন জিলাৰ প্ৰায় ৩০ গৰাকী অধ্যক্ষৰ অংশগ্ৰহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 20 May 2024

অতিৰিক্ত টিউচনৰ প্ৰয়োজনীয়তা হ্ৰাস কৰাৰ বাবে মডাৰ্ণ ইংলিছ স্কুলে আয়োজন কৰা বৈঠকত অসমৰ ১৯খন জিলাৰ প্ৰায় ৩০ গৰাকী অধ্যক্ষৰ অংশগ্ৰহণ

 

W7s news,,গুৱাহাটী, ২০ মে: গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুল আৰু ব্যক্তিগত বিদ্যালয় সম্পৰ্কীয় নীতি নিয়ন্ত্ৰণ তথা প্ৰণয়নকাৰী সংস্থা অল আচাম প্ৰাইভেট স্কুল এছ'চিয়েচনৰ উদ্যোগত মডাৰ্ণ ইংলিছ স্কুলৰ চৌহদত "সমালোচনাত্মক চিন্তাধাৰাৰ পোষকতা: অতিৰিক্ত শিক্ষাদানৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিবলৈ বিদ্যালয়, অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ মাজত সহযোগিতামূলক ৰণনীতি" শীৰ্ষক এক বৈঠকৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে, ইয়াতেই অল আচাম প্ৰাইভেট স্কুল এছ'চিয়েচনৰ (আপছা) পঞ্জীয়নভুক্ত কাৰ্যালয়ো অৱস্থিত।  

এই বৈঠকৰ মূল আলোচ্য বিষয় আছিল ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়া শ্ৰেণীৰ বাহিৰেও অতিৰিক্ত প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা কিয় অনুভৱ কৰে, সেই বিষয়ে আলোচনা কৰা। সংস্থাটোৱে শিক্ষা পৰিষদসমূহে দক্ষতাভিত্তিক শিক্ষাক অগ্ৰাধিকাৰ দিয়াৰ পোষকতাও কৰে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষণ অভিজ্ঞতা বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে। লগতে, সন্থাটোৱে ৰাজ্যত চলি থকা প্ৰক্সি এডমিছন ব্যৱস্থাৰো বিৰোধীতা কৰে।  


বৈঠকখনত অসমৰ ১৯খন জিলাৰ প্ৰায় ৩০ গৰাকী অধ্যক্ষই অংশগ্ৰহণ কৰে। চিভিল চছাইটিৰ মুখ্য কাৰ্যবাহী বিষয়া ড° অমিত চন্দ্ৰই সভাৰ আঁত কৰে। বৈঠকত আপছাৰ সভাপতি শ্ৰীযুত শৈলেশ শৰ্মাৰ লগতে অন্যান্য


বিষয়ববীয়াসকলো উপস্থিত থাকে। চিটি মণ্টেছৰী স্কুল ছ’চাইটিৰ সভানেত্ৰী আৰু প্ৰবন্ধক তথা ইউচিএল, লণ্ডন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হিচাপে কৰ্মৰত অধ্যাপিকা গীতা গান্ধী কিংডনে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বৈঠকত যোগদান কৰি এই বিষয়ে আৰু ইয়াক দূৰ কৰাৰ সম্ভাৱ্য উপায়সমূহৰ ওপৰত আলোকপাত কৰে। কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ সঞ্চালক তথা আপছাৰ উপদেষ্টা শ্ৰীযুত পংকজ দাস ডাঙৰীয়াই আয়োজন কৰা এই অনুষ্ঠানত ব্যক্তিগত বিদ্যালয়সমূহে সন্মুখীন হোৱা সাধাৰণ সমস্যাসমূহৰ সমাধানৰ বাবে এক মঞ্চ প্ৰদান কৰা হয়। সংগঠনটোৱে এই প্ৰত্যাহ্বানবোৰক সামূহিকভাৱে দাঙি ধৰিবলৈ নিৰন্তৰ চেষ্টা চলাই অহাৰ লগতে ৰাজ্যখনৰ বিদ্যালয় শিক্ষাৰ সৈতে জড়িত সকলো মুখ্য অংশীদাৰৰ বাবে লাভজনক নীতি প্ৰণয়ন কৰিবলৈ চৰকাৰী প্ৰতিষ্ঠানসমূহৰ সক্ৰিয় সহযোগিতা বিচাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here