পূব গুৱাহাটী বিহু সন্মিলনৰ বিহু হুঁচৰি, অসম বিহুৱতী প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 April 2024

পূব গুৱাহাটী বিহু সন্মিলনৰ বিহু হুঁচৰি, অসম বিহুৱতী প্ৰতিযোগিতা

 



W7s news

গুৱাহাটী: গুৱাহাটীৰ চানমাৰিৰ পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত ‘অসম বিহুৱতী-২০২৪’ প্ৰতিযোগিতাত বিজয়ীৰ  খিতাপ অৰ্জন কৰিলে নগাঁৱৰ নিৰ্জুমা কাকতিয়ে৷ প্ৰতিযোগিতাত পুৰস্কাৰ হিচাপে নগদ ধন ১লাখ,১১ হাজাৰ১০১ টকা, সোণৰ চলন্ত কিৰীটি আৰু অন্যান্য উপহাৰ প্ৰদান কৰা হয়৷ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সোমবাৰে নিশা অনুষ্ঠিত অন্যতম আকষণীয় সদৌ অসম ভিত্তিক এই প্ৰতিযোগিতাত অসম বিহুৱতীৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰে লখিমপুৰৰ বৰষা বুঢ়া গোহাঁয়ে৷ তেওঁক নগদ ৭৫ হাজাৰ টকা অন্য অন্যান্য উপহাৰ প্ৰদান কৰে৷ তৃতীয় পুৰস্কাৰ লাভ কৰে গুৱাহাটীৰ দৰ্শনা ভাৰতীয়ে৷ তৃতীয় পুৰস্কাত নগদ ৫০ বাজাৰ টকা প্ৰদান কৰা হয়৷ প্ৰতিয়োগিতাত চতুৰ্থ গুৱাহাটীৰ নিকিতা ৰাভা, পঞ্চম ধেমাজিৰ মুনুকণ গগৈয়ে, ষষ্ঠ গুৱাহাটী উৰুলি ভট্টই, সপ্তম মৰানৰ নিমিষা দিহিঙয়াই, অষ্টম নিহাৰিকা শইকীয়াই, দশম গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই আৰু একাদশ পুৰস্কাৰ লাভ কৰে বিশ্বনাথ চাৰিআলিৰ হিয়া বৰকটকীয়ে৷ ইফালে বিহু সমাৰোহত যোৱা নিশা অনুষ্ঠিত এই প্ৰতিয়োগিতাতে শ্ৰেষ্ঠ বিহু ঢোলীয়া-২০২৪ সন্মান লাভ কৰে দুলুমণি বৰাই, দ্বিতীয় শ্ৰেষ্ঠ সন্মান দিবাৰ গগৈয়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ৰক্তিম ফুকনে৷ আনহাতে প্ৰতিয়োগিতাত শ্ৰেষ্ঠ পেপাবাদক-২০২৪১ সন্মান লাভ কৰে ধ্ৰুৱজ্যোতি গগৈয়ে, দ্বিতীয় বিষ্ণু শইকীয়াই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে জিৎ হালৈয়ে৷ ১৩ এপ্ৰিলৰ নিশা অনুষ্ঠিত অসম ভিত্তিত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ ফলাফলসমূহো বিহু উদ্‌যাপন সমিতিয়ে আজি ঘোষণা কৰিছে৷ সেই অনুসৰি শ্ৰেষ্ঠ হুচৰি দলৰ সন্মান লাভ কৰে দুলীয়াজানৰ বৰদৈচিলা হুৰি দলে, দ্বিতীয় শিৱসাগৰৰ ৰংঘৰ হুচৰি দলে, তৃতীয় গুৱাহাটীৰ দক্ষয়িনী হুচৰি দলে, চতুৰ্থ চৰাইদেউ হুতৰি দলে, পঞ্চম কাহিলিপাৰাৰ ডিক্ৰং হুচৰি দলে, ষষ্ঠ শিৱসাগৰৰ চেৰেকাপাৰ সূৰুযমুখী হুচৰি দৰে আৰু সপ্তম পুৰস্কাৰ লাভ কৰে মৰাণৰ ৰংমন এনাজৰি হুচৰি দলে৷ শ্ৰেষ্ঠ বিহু নাচনি-২০২৪১ সন্মান লাভ কৰে বিশ্বনাথ চাৰিআলিৰ হিয়া বৰকটকীয়ে, দ্বিতীয় মৰাণৰ বন্যানী গগৈয়ে, তৃতীয় যোৰহাটৰ দীপান্বিতা তালুকদাৰে, চতুৰ্থ গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই আৰু পঞ্চম পুৰস্কাৰ লাভ কৰে লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে৷ ইফালে অসম বিহুৱা-২০২৪ সন্মান লাভ কৰে মৰাণৰ মণ্টু গগৈয়ে, দ্বিতীয় বিতুপন শইকীয়াই আৰু তৃতীয় পুৰস্কাৰ চৰাইদেউৰ বলিন শইকীয়াই লাভ কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here