নৰ্থ ইষ্ট টেক্সটাইল এক্স'পৰ অফিচিয়েল পোষ্টাৰ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 18 April 2024

নৰ্থ ইষ্ট টেক্সটাইল এক্স'পৰ অফিচিয়েল পোষ্টাৰ উন্মোচন


 

১৮ মে'ৰ পৰা ২০ মেলৈ গুৱাহাটীত তিনিদিনীয়াকৈ এক্স'পৰ আয়োজন


W7s news,,গুৱাহাটী ১৮ এপ্ৰিলঃ আন্তঃৰাষ্ট্ৰীয় ট্রেড কৰ্পোৰেশ্যন চমুকৈ আই টি চিয়ে অসম আৰু উত্তৰ-পূব অঞ্চলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটীত আয়োজন কৰিছে নৰ্থ ইষ্ট টেক্সটাইল এক্স'প। আঠগাঁৱত থকা  শ্ৰী গুৱাহাটী গৌশালাৰ বৃন্দাবন গাৰ্ডেন প্ৰাংগণত অহা ১৮ মেৰ পৰা ২০ মে লৈ  তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে নৰ্থ ইষ্ট টেক্সটাইল এক্স'প। মৃণাল গাণেৰীৱাল, বিক্ৰম মোডী আৰু নমিশ গাণেৰিৱালে আজি অনুষ্ঠানিক ভাবে ৰাম নৱমী আৰু পোষ্টাৰ অফ নৰ্থ ইষ্ট টেক্সটাইল এক্স'পৰ পোষ্টাৰ উন্মোচন কৰে।

এই সন্দৰ্ভত আয়োজক মৃণাল গাণেৰিৱালে কয় যে উত্তৰ-পূবৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পানীপথৰ বহু নিৰ্মাতাই এই নৰ্থ-ইষ্ট টেক্সটাইল এক্স'পত অংশগ্ৰহণ কৰিবলৈ আহিব। 

এই এক্স'পত বিশেষকৈ কম্বল, বেডশ্বীট, কুইল্ট, বেড কভাৰ, হস্ততাঁতসামগ্ৰী, গৃহ সজ্জা আদিকে ধৰি বহু সামগ্ৰী এখন চালৰ তলত উপলব্ধ হ'ব।  অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বহু ক্ষুদ্ৰ আৰু ডাঙৰ ব্যৱসায়ীয়ে তেওঁলোকৰ ব্যৱসায়ক অধিক গতিশীল কৰিবলৈ অংশগ্ৰহণ কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই এক্স'পত বি-২বি বৈঠকৰো আয়োজন কৰা হৈছে, যাৰ জৰিয়তে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ আৰু ডাঙৰ ব্যৱসায়ীসকলে পানীপথৰ নিৰ্মাতাসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ আৰু ব্যৱসায় কৰাৰ এক সোণালী সুযোগ লাভ কৰিব। এই এক্সপোৰ জৰিয়তে ব্যৱসায়ীসকলে কেৱল তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ সুযোগ লাভ কৰাই নহয় তেওঁলোকে বহুতো নেদেখা সামগ্ৰী চাবলৈও সুযোগ পাব। 

 মোদীয়ে কয় যে পানীপথৰ ত্ৰিশৰো অধিক ডাঙৰ নিৰ্মান প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব। তেওঁ আশা ব্যক্ত কৰে যে এই নৰ্থ-ইষ্ট টেক্সটাইল এক্স'পয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ক্ষুদ্ৰ আৰু ডাঙৰ ব্যৱসায়ীক লাভান্বিত কৰিব।  গাণেৰিৱালে কয় যে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজিত এই এক্স'প সন্দৰ্ভত ব্যৱসায়ীসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here