গুৱাহাটী বিহু সন্মিলনীৰ ২০২৪ বৰ্ষৰ বিহু সম্ৰাজ্ঞী শিৰোশ্ৰী শইকীয়া, বিহুৰাণী পাহাৰী বুঢ়াগোঁহাই আৰু বিহু কুঁৱৰী ৰিতুপৰ্ণা দাস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 April 2024

গুৱাহাটী বিহু সন্মিলনীৰ ২০২৪ বৰ্ষৰ বিহু সম্ৰাজ্ঞী শিৰোশ্ৰী শইকীয়া, বিহুৰাণী পাহাৰী বুঢ়াগোঁহাই আৰু বিহু কুঁৱৰী ৰিতুপৰ্ণা দাস

 


W7s news গুৱাহাটী: গুৱাহাটীৰ লতাশিলৰ


  খেল পথাৰত গুৱাহাটী বিহু সন্মিলনীৰ  ৭৩ সংখ্যক ৰঙালী বিহু চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ১৩ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈ অনুষ্ঠিত হোৱা গুৱাহাটী বিহু সন্মিলনীৰ মুখ্য আকৰ্ষণ 'বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা মঙলবাৰৰ নিশা অনুষ্ঠিত হয়।

বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাত গুৱাহাটী বিহু সন্মিলনীৰ ২০২৪ বৰ্ষৰ বিহু 'সম্ৰাজ্ঞীৰ খিতাপ'ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই লাভ কৰে। তেওঁ পুৰস্কাৰ হিচাপে লাভ কৰে নগদ ১ লাখ টকা,১০ গ্ৰাম সোণৰ মুদ্ৰা, চলন্ত মুকুট, বিহু সম্ৰাজ্ঞীৰ এডাল দণ্ড,এটা ৰেফ্ৰিজেৰেটৰ,এটা ৱাচিঙ মেচিন,এটা টিভি নেমকেয়াৰ হাস্পতালৰ পৰা  কৰ্ম সংস্থাপনৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ।

'বিহু সম্ৰাজ্ঞী'ৰ খিতাপ লাভ কৰি শিৰোশ্ৰী শইকীয়াই সংবাদ মাধ্যমক কয়- প্ৰতিগৰাকী বিহু নাচনীৰে

লতাশিলৰ মঞ্চত 'বিহু সম্ৰাজ্ঞী'ৰ খিতাপ অর্জন কৰা

 এটা সপোন থাকে। অশেষ কষ্ট, সাধনাৰ ফলত মোৰ সপোন বাস্তবায়িত হ'ল। ২০১৩ চনৰ পৰা মই বিহু নাচি আছোঁ আৰু এইবাৰ বিহু সম্ৰাজ্ঞী'ৰ খিতাপ অর্জন কৰি অভিভূত হলো। ইয়াৰ বাবে মোৰ পিতৃ, মাতৃ, ভাতৃ, মোৰ শুভাকাংক্ষী, মোৰ বিহুদল 'বিৰিণা বিহু দল'ক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ অনুপ্ৰেৰণা, শ্ৰমৰ বাবে আজি মই ভাল ফলাফল লাভ কৰিলোঁ। অনাগত দিনটো বিহু সংস্কৃতি জীয়াই ৰখাৰ বাবে সাধনা অব্যাহত ৰাখিম।' ইফালে ১৫ এপ্ৰিলত গুৱাহাটী বিহু সন্মিলননীৰ মঞ্চত অনুষ্ঠিত বিহুৰাণী আৰু বিহুকুঁৱৰী প্ৰতিযোগিতাত বিহুৰাণী ২০২৪ৰ খিতাপ অৰ্জন কৰে ধেমাজিৰ পাহাৰী বুঢ়াগোঁহায়ে। তেওঁ লাভ কৰে নগদ ৫১ হাজাৰ টকা,৫ গ্ৰাম সোণৰ মুদ্ৰা,মানপত্ৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ। 'বিহুৰাণী'ৰ খিতাপ দখল কৰা ধেমাজিৰ পাহাৰী বুঢ়াগোঁহায়ে সংবাদ মাধ্যমক কয়- বহুদিনীয়া সপোন এটা বাস্তবায়িত হ'ল। 'বিহুৰাণী'ৰ খিতাপ অর্জন কৰি মই সুখী।এই যাত্ৰা মই অব্যাহত ৰাখিম। তদুপৰি ' বিহু সম্ৰাজ্ঞী' প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিম।'সেইদৰে ২০২৪ৰ বিহু কুঁৱৰী খিতাপ লাভ কৰে ডিব্ৰুগড়ৰ ৰিতুপৰ্ণা দাসে। তেওঁ লাভ কৰে নগদ ৩১ হাজাৰ টকা,৫ গ্ৰাম সোণৰ মুদ্ৰা,

মানপত্ৰৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ।

তেওঁ সংবাদ মাধ্যমক কয়-বিহু কুঁৱৰীৰ খিতাপ অর্জন কৰি আনন্দিত হৈছোঁ। মই এতিয়ালৈকে তিনিবাৰ এই প্ৰতিযোগিতাৰ বাবে চেষ্টা কৰাৰ অন্তত এইবাৰ খিতাপ অর্জন কৰিলোঁ। অনাগত সময়তো আগবাঢ়ি যাবলৈ চেষ্টা অব্যাহত ৰাখিম।'ইফালে  শ্ৰেষ্ঠ ঢুলীয়াৰ  সন্মান চিৰঞ্জীৱ বৰ্মণ আৰু শ্ৰেষ্ঠ পেপুঁৱাৰ  সন্মান লাভ কৰে যদুমণি গগৈয়ে। দুয়োকে নগদ ১০ হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰা হয়। এইবাৰ সন্মীলনীয়ে গৰু বিহুৰ দিনটোত দিনটোত পুৱা ১০ বজাত শোভাযাত্রা উলিয়াই আৰু ১০.৩০ বজাত পতাকা  গুৱাহাটী বিহু সন্মিলনীৰ পতাকা উত্তোলন কৰে বিশিষ্ট শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীয়ে। এইবাৰ বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে বহু কেইগৰাকী ন-পুৰণি শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। উল্লেখ‍্য,

মঞ্চ বিহুৰ বাটকটীয়া গুৱাহাটী বিহু সন্মিলনীৰ মূল আকর্ষণ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা প্ৰত্যক্ষ কৰিবলৈ মঙলবাৰে নিশা বহু সংখ্যক দৰ্শকৰ সমাগম হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here