২৮% বৃদ্ধিৰে ২৩-২৪ বিত্তীয় বৰ্ষত পুৰবী ডেইৰীৰ ২৬২ কোটি টকাৰ ব্যৱসায় - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 25 April 2024

২৮% বৃদ্ধিৰে ২৩-২৪ বিত্তীয় বৰ্ষত পুৰবী ডেইৰীৰ ২৬২ কোটি টকাৰ ব্যৱসায়

 

উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পুৰবী ডেইৰীয়ে তৰল গাখীৰ বিক্ৰীত ২০০ কোটি টকাৰ  বিক্ৰীৰে স্থাপন কৰিছে এক নতুন মাইলৰ খুঁটি

সামগ্ৰী বিক্ৰীত ৩৫% তকৈ অধিক বৃদ্ধি


W7s news,,,গুৱাহাটী, ২৪ এপ্ৰিল, ২০২৪: পুৰবী ডেইৰী হিচাপে প্ৰখ্যাত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় ইউনিয়ন লিমিটেড (ৱামুল)য়ে অসমৰ গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰে।যোৱা বিত্তীয় বৰ্ষত দুগ্ধ সমবায়খনে ২৬২ কোটি টকাৰ অধিক ব্যৱসায়ৰ সৈতে ২৮% উল্লেখযোগ্য বৃদ্ধি নথিভুক্ত কৰিছে।


পুৰবী ডেইৰীত হোৱা মানসম্পন্ন গাখীৰ বিক্ৰী ২০% তকৈ অধিক বৃদ্ধিয়ে প্ৰথমবাৰৰ বাবে তৰল গাখীৰত ২০০ কোটি টকাৰ অধিক বিক্ৰী অৰ্জন কৰিছে। ই উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় হিচাপে ইয়াৰ স্থিতি দৃঢ় কৰে।লগতে, দৈ (৪৭%), ঘিউ (৩৮%), পনীৰ (৩৬%) আৰু লাচ্চী (১৬%)ৰ দৰে দুগ্ধ উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰতো বিক্ৰী ৩৫% বৃদ্ধি পাইছে।


এই সাফল্যৰ বিষয়ে উল্লেখ কৰি ৱামুলৰ পৰিচালন সঞ্চালক শ্ৰী সত্য ব্ৰত বসুৱে মন্তব্য কৰে: "আমি এই ব্যতিক্ৰমী বিকাশৰ কথা ঘোষণা কৰি আনন্দিত হৈছোঁ, যিয়ে দুগ্ধ উৎপাদকসকলক সমৰ্থন কৰা আৰু অসমত বহনক্ষম পদ্ধতিৰ প্ৰচাৰৰ প্ৰতি থকা আমাৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সফলতা হৈছে আমাৰ দলৰ সমৰ্পণ আৰু গ্ৰাহক তথা অংশীদাৰসকলৰ দ্বাৰা আমাৰ ওপৰত ৰখা বিশ্বাসৰ এক প্ৰমাণ। আমি পৰিশ্ৰমী দুগ্ধ উৎপাদকসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ, যাৰ নিষ্ঠা আৰু স্থিতিস্থাপকতাই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।"


পৰম্পৰাগত বজাৰৰ বাহিৰত নিজৰ পদচিহ্ন সম্প্ৰসাৰিত কৰি পুৰবী ডেইৰীয়ে তিনিচুকীয়া জিলাৰ পৰা পশ্চিম অসমৰ ধুবুৰীলৈ নিজৰ প্ৰসাৰ বৃদ্ধি কৰে। ইয়াৰ উপৰি, দুগ্ধজাত সামগ্ৰীবোৰ এতিয়া অসমৰ উত্তৰ পাৰতো উপলব্ধ হৈ ধেমাজি আৰু লখিমপুৰ জিলাত এক গুৰুত্বপূৰ্ণ ভৌগোলিক সম্প্ৰসাৰণ চিহ্নিত কৰিছে।ভাৰতীয় সেনাৰ অটল সমৰ্থনে পুৰবী ডেইৰীৰ বিকাশত অৰিহণা যোগাইছে। আমাৰ প্ৰতিৰক্ষা বাহিনীৰ মাজত সমবায় খণ্ডৰ পৰা উপলব্ধ হোৱা সতেজ গাখীৰৰ চাহিদা বিগত বছৰবোৰত বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। উদ্ভাৱনৰ প্ৰতি থকা নিজৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি তথা গ্ৰাহকৰ পছন্দক সন্মান জনাই সতেজ গ্ৰীষ্মকালীন খাদ্য হিচাপে দুগ্ধ সমবায়খনে পুৰবী আমৰ লাচ্চি আৰু পুৰবী আইচক্ৰীম প্ৰস্তুত কৰিছে। পাঞ্জাবাৰীত নতুনকৈ উদ্বোধন কৰা দুগ্ধ প্ৰকল্পটোৱে এই লক্ষ্য প্ৰাপ্ত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, লগতে ইয়াত নতুন সামগ্ৰীৰ শ্ৰেণী যেনে মিঠাই আৰু সোৱাদযুক্ত গাখীৰো প্ৰস্তুত কৰা হ'ব।আগন্তুক সময়ছোৱাত, পুৰবী ডেইৰীয়ে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৩৫০ কোটি টকা অতিক্ৰম কৰাৰ এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। তদুপৰি, পুৰবী ডেইৰীয়ে উৎপাদকসকলৰ বাবে জীৱিকা বৃদ্ধি কৰা আৰু বহনক্ষম কৃষি পদ্ধতিৰ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত থকা নিজৰ সমৰ্থনত দৃঢ় হৈ আছে। 'পুৰবী' ব্ৰেণ্ডৰ অধীনত ইষ্ট আছাম মিল্ক ইউনিয়ন লিমিটেড (য়ামুল)ৰ পুনৰুজ্জীৱিতকৰণৰ দ্বাৰা পুৰবীৰ গাখীৰ সংগ্ৰহ নেটৱৰ্ক এতিয়া উজনি অসমলৈ সম্প্ৰসাৰিত কৰা হৈছে। মুঠ গাখীৰ ক্ৰয়ৰ পৰিমাণে এতিয়া ৯০০ ৰো অধিক দুগ্ধ সমবায় সমিতিৰ জৰিয়তে প্ৰতিদিনে ৮০,০০০ লিটাৰ অতিক্ৰম কৰিছে।সমগ্ৰ অসমত দুগ্ধ উৎপাদকসকলক সহায় কৰাৰ বাবে পুৰবী ডেইৰী সমৰ্পিত, যিয়ে উদ্যোগটোত বহনক্ষম আৰু নৈতিক পদ্ধতিত অৰিহণা যোগায়। সমবায়টোৰ বৃদ্ধিৰ লগে লগে, উৎপাদকসকলৰ জীৱিকা আৰু ৰাজ্যখনত দুগ্ধ খণ্ডৰ সামগ্ৰিক বিকাশৰ ওপৰত ইয়াৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here