অংকুৰণ প্ৰকাশনৰ পাঁচখন গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 24 March 2024

অংকুৰণ প্ৰকাশনৰ পাঁচখন গ্ৰন্থ উন্মোচন


 

W7s news,,,,আজি যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অংকুৰণ প্ৰকাশনৰ পাঁচখন গ্ৰন্থ উন্মোচন কৰা হয়৷ গোলাঘাট জিলাৰ মিছামৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী কৌশল্যা বৰাৰ ‘শব্দৰ ধেমালি, শব্দত কাহিনী’, ডিব্ৰুগড় জিলাৰ নকাৰি মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কুশলতা গগৈৰ ‘অকণিৰ বৰ্ণমালা’, গোলাঘাট জিলাৰ বিশিষ্ঠ লেখিকা অৰুণা ঠাকুৰৰ উপন্যাস ‘আকাশীলতা তোমাৰ নাম’, যোৰহাটৰ জনপ্ৰিয় কবি পূৰবী প্ৰিয়দৰ্শিনীৰ ‘সেউজীয়া এখিলা পাতৰ দৰে’ আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জগত ভূমিজৰ ‘জ্ঞানদীপ’ শীৰ্ষক গ্ৰন্থকেইখন উন্মোচন কৰে বিশিষ্ঠ নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ তথা অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ড॰ অখিল চক্ৰৱৰ্তীদেৱে৷ যোৰহাটৰ জনপ্ৰিয় কবি অনামিকা শইকীয়াই আঁত ধৰা এই অনুষ্ঠানটিৰ আৰম্ভণিতে সুদৰ্শনা দত্তই এটি বৰগীত পৰিৱেশনেৰে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক তথা অনুবাদক অমৃত গোস্বামী, মিচিং সাহিত্যৰ এগৰাকী আগশাৰীৰ লেখক খগেন পেগু আৰু মাজুলীৰ পৰা প্ৰকাশিত দুখন বাতৰি কাকতৰ সম্পাদক, জ্যেষ্ঠ সাংবাদিক তথা লেখক সাহিত্যিক কিশোৰী মোহন পাল উপস্থিত থাকি তেওঁলোকৰ সাৰুৱা ভাষণেৰে দৰ্শকক মুগ্ধ কৰে৷ উল্লেখ্য যে এই অনুষ্ঠানতে মাহেকীয়া শিশু আলোচনী অকণিৰ অংকুৰণৰ উদ্যোগত আৰু অংকুৰণ প্ৰকাশনৰ সহযোগত আয়োজিত ষষ্ঠ বাৰ্ষিক চিত্ৰাংকণ প্ৰতিযোগিতাৰ তিনিওটা শাখাতে বিজয়ী সকলক পুৰস্কৃত কৰা হয়৷ প্ৰায় ডেৰ শতাধিক দৰ্শকৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত কবি অনিমা বৰা, জোনা বৰঠাকুৰ, ৰেখা গগৈ, নীলমণি নেওগে কবিতা পাঠ কৰাৰ লগতে নলিনীকান্ত ঠাকুৰদেৱে সাৰুৱা ভাষণ প্ৰদান কৰে৷ যোৰহাটৰ অংকুৰণ প্ৰকাশনৰ প্ৰণৱ প্ৰতিম নাথে অনুষ্ঠানটিৰ মাজত গীত পৰিৱেশন আৰু শিল্পী জগত ভূমিজে এটি ঝমুৰ গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here