আনন্দ আৰু আশাৰ ধল বোৱাই সামৰণি পৰিল পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ, ২০২৪ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 3 March 2024

আনন্দ আৰু আশাৰ ধল বোৱাই সামৰণি পৰিল পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ, ২০২৪


 

পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ, ২০২৪ৰ সফল সামৰণি


গুৱাহাটী, ৩ মাৰ্চ ২০২৪: ১ মাৰ্চৰ পৰা আৰম্ভ হোৱা আদিগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ৰ ৫ম সংস্কৰণৰ সফল সামৰণি ঘটে। আই টি এ মাছখোৱাত চূড়ান্ত নাটকখন উপস্থাপন কৰি এই নাট্য উৎসৱ সফলতাৰে সমাপন কৰা হয়। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানটোৱে ২০০০ৰো অধিক দৰ্শনাৰ্থী আৰু উৎসাহী লোকৰ উপস্থিতিত ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাৰে গুৱাহাটীৰ দুটা স্থানত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। আয়োজক দলে অনুষ্ঠানটোৱে ব্যাপক সফলতা লাভ কৰা বুলি উল্লেখ কৰি আগন্তুক বছৰৰ সংস্কৰণটো বৃহত্তৰ ৰূপত পৰিকল্পনা কৰা হ’ব বুলি ঘোষণা কৰে।আজি পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱৰ তৃতীয় দিনাৰ সন্ধিয়া আই টি এ মাছখোৱাত আয়োজকসকলে মাথো এখন নাটক উপস্থাপন কৰে।৫০০ৰো অধিক উৎসাহী দৰ্শকৰ সন্মুখত অভিজ্ঞানমে বহুল প্ৰশংসিত 'তৃতীয়' শীৰ্ষক নাটকখন পৰিৱেশন কৰে। নাটখনৰ সমাপ্তিৰ পিছত নাটৰ পৰিচালকৰ সৈতে এক ভাৱ-বিনিময় শিতান অনুষ্ঠিত হয়।এই নাট্য উৎসৱৰ ৫ম সংস্কৰণৰ সফলতাত উৎসৱৰ দায়িত্ববাহী ৰংহাং চৌধুৰীয়ে অত্যন্ত সুখ প্ৰকাশ কৰে। তেওঁ কয়, “উৎসৱৰ বিগত চাৰিটা সংস্কৰণত স্থানীয় দৰ্শকৰ সংখ্যা অধিক আছিল যদিও এই সংস্কৰণত, বিশেষকৈ উৎসৱৰ অন্তিম দিনটোত ভিন্ন স্থানৰ পৰা অহা দৰ্শক-অনুৰাগীৰ অংশগ্ৰহণৰ উপস্থিতি অধিক দেখা গৈছে। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ উপৰি আন আন চহৰৰপৰাও উৎসাহী লোকসকলে এই উৎসৱ উপভোগ কৰিবলৈ সভাস্থলীলৈ আহে।আগন্তুক বৰ্ষত আমি ইয়াতকৈয়ো বৃহত্তৰ ভিত্তিত আয়োজন কৰাৰ পৰিকল্পনা কৰিছোঁ। ইয়াৰ অংশ হিচাপে, আমি দেশৰ বিভিন্ন স্থানৰ লগতে সম্ভৱ হ’লে বিদেশৰো নাটক অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিম।”পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনাই তেওঁ কয়, “উৎসৱৰ এই সংস্কৰণটোক সফল কৰি তোলাৰ ক্ষেত্ৰত আমাক সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি মই অতিশয় কৃতজ্ঞ আৰু আনন্দিত। ছাত্ৰ-ছাত্ৰী আৰু উৎসাহী দৰ্শকসকলৰ সৈতে নিজৰ জ্ঞান বিনিময় কৰা প্ৰতিজন গুণী ব্যক্তিক মই ধন্যবাদ জনাইছোঁ। লগতে সমিতিৰ সমূহ সদস্য, অংশীদাৰ আৰু স্বেচ্ছাসেৱকক তেওঁলোকৰ অদম্য সমৰ্থন আৰু বোধশক্তিৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু সৰ্বশেষত, প্ৰতিখন সভাত উপস্থিত থাকি নাট-কাৰ্য্যসূচী উপভোগ কৰাৰ লগতে আমাৰ প্ৰচেষ্টাৰ শলাগ লোৱা প্ৰিয় দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সমৰ্থনে আমাক পৰৱৰ্তী সংস্কৰণটো বৃহত্তৰ ৰূপত উপস্থাপন কৰিবলৈ উৎসাহী আৰু সাহসী কৰিছে।”পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৪ৰ আয়োজনৰ বাবে গুৱাহাটী মহানগৰৰ দুটা স্থান বাছি লোৱা হৈছিল। ১ আৰু ২ মাৰ্চৰ অনুষ্ঠানৰ বাবে মালিগাঁওস্থিত শংকৰদেৱ নগৰৰ আদিংগিৰি পাহাৰৰ অভিজ্ঞানম নাট্যক্ষেত্ৰ আৰু ৩ মাৰ্চৰ অনুষ্ঠান ঐতিহ্যমণ্ডিত মাছখোৱাৰ প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। উল্লেখ্য যে, গুৱাহাটীৰ মালিগাঁওস্থিত অভিজ্ঞানম নাট্যক্ষেত্ৰত আয়োজন কৰা হৈছিল উৎসৱৰ প্ৰথম ৪টা সংস্কৰণ।  অনুষ্ঠানৰ মুকলি দিনটোত ৩০০ৰো অধিক উৎসাহী দৰ্শকে হোমেন বৰগোহাঁইৰ মৎস্যগন্ধাৰ আধাৰত নিৰ্মিত মেনকা নামৰ প্ৰথমখন নাটক উপভোগ পৰম আগ্ৰহেৰে উপভোগ কৰে। প্ৰাঞ্জল শইকীয়া, জিলমিল হাজৰিকা, সাৰদা চৌধাৰী, দুৰ্গা খটিৱড়ী, অনুপ হাজৰিকা, অভিক ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰ সমান্তৰালকৈ অনুষ্ঠানত পৰিবেশ্য কলা ক্ষেত্ৰৰ প্ৰায় ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। আয়োজক অভিজ্ঞানমৰ তৰফৰ পৰা প্ৰসিদ্ধ নাট্য সমালোচক অতুল মজুমদাৰলৈ প্ৰয়াত দেৱব্ৰত চৌধুৰীৰ সোঁৱৰণী নাট্য ব্যক্তিত্ব সন্মান ২০২৪ আৰু বৰবিহুৱা ৰণ্টু শইকীয়ালৈ প্ৰয়াত বৰ্ণালী চৌধুৰীৰ সোঁৱৰণীত প্ৰদান কৰা লোকশিল্প সাধনা সন্মান ২০২৪ আগবঢ়োৱা হয়।  দ্বিতীয় দিনৰ অনুষ্ঠানৰ আৰম্ভণিতে নাট্য কলা আৰু প্ৰত্যক্ষ দৰ্শনীৰ লগতে কলাৰ ওপৰত গণমাধ্যমৰ গুৰুত্ব সম্পৰ্কে দুখন কৰ্মশালা অনুষ্ঠিত হয়। নয়ন প্ৰসাদ, মহেন্দ্ৰ দাস, ধনঞ্জয় দেৱ নাথ, অভিক ভট্টাচাৰ্য আৰু ড° কৰে প্ৰথম অধিবেশনটো সফলতাৰে সমাপন কৰাৰ পাছত দ্বিতীয় অধিবেশনৰ আগবঢ়াই নিয়ে আৰ জে হংসৰাজ নামেৰে জনপ্ৰিয় হংসৰাজ বৰপাত্ৰগোহাঁঞি আৰু ভাস্কৰ বৰুৱাই। ইয়াৰ পিছতে উইলিয়াম শ্বেক্সপীয়েৰৰ জনপ্ৰিয় হেমলেট আৰু উৰিপাডিজৰ মেডিয়া নাটকৰ ওপৰত আধাৰিত 'টু কিল অৰ নট টু কিল' মঞ্চস্থ কৰা হয়। দিল্লীৰ অৰ্ণৱ আৰ্টৰ হৈ জিলমিল হাজৰিকাৰ অভিনয়েৰে মঞ্চস্থ হোৱা এই নাটখন পৰিচালনা কৰিছে উজবেকিস্তানৰ ওভলিয়াকুলি খোদজাকুলিয়ে। দিনটোৰ দ্বিতীয়খন নাটক আছিল অভিজ্ঞানমৰ দ্বাৰা পৰিৱেশিত, ৰণহাং চৌধুৰীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত 'গান্ধী বনাম গডছে'। এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় ৰেডিঅ’ ঘোষিকা আৰ জে মেণ্ডী আৰু মাইম শিল্পী মইনুল হকে ‘অভিজ্ঞানম’ শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here