আৰ্ট ফৰ হোপ অনুষ্ঠানত উজলি উঠিল অসমৰ ভিজুৱেল শিল্পী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 30 March 2024

আৰ্ট ফৰ হোপ অনুষ্ঠানত উজলি উঠিল অসমৰ ভিজুৱেল শিল্পী


 সমগ্ৰ ভাৰতৰ ৪০ গৰাকী প্ৰতিভাৱান শিল্পীক উদযাপন আৰু সমৰ্থন কৰে হুণ্ডাই মটৰ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ ‘আৰ্ট ফৰ হোপ - ছিজন ৩’ য়ে


 



 


·        এইচ এম আই এফে ইয়াৰ ফ্লেগশ্বিপ ‘আৰ্ট ফৰ হোপ’ পদক্ষেপৰ জৰিয়তে ২০২৪ৰ ২৮-৩১ মাৰ্চলৈকে নতুন দিল্লীৰ ত্ৰিবেণী কলা সংগমত অসাধাৰণ শিল্পকৰ্ম প্ৰদৰ্শন কৰি আয়োজন কৰিছে কলা, শিল্প আৰু সংস্কৃতিৰ কৰ্মশালা


·        ৪ দিনীয়া এই অনুষ্ঠানত ‘আৰ্ট ফৰ হোপ - ছিজন ৩’ৰ ৪০ গৰাকী অনুদানপ্ৰাপ্ত ব্যক্তিৰ কাম-কাজ প্ৰদৰ্শন  কৰা হ’ব


·        অনুদানপ্ৰাপ্তসকলৰ ভিতৰত আছে ২৫ গৰাকী ব্যক্তি, ৫ টা কলা গোট আৰু বেচৰকাৰী সংস্থা, আৰু ১০ গৰাকী অন্যধৰণে সক্ষম শিল্পী


·        নিৰ্বাচিত শিল্পীসকল হৈছে সমগ্ৰ ভাৰতৰ ২০টা বৈচিত্ৰময় অঞ্চলৰ লোক


·        অন্তৰ্ভুক্তিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই প্ৰদৰ্শনীত অন্তৰ্ভুক্ত কৰা  হৈছে নিৰ্বাচিত সামগ্ৰীৰ  শিল্পকৰ্ম আৰু ব্ৰেইল-পাঠ্যৰ বৰ্ণনা, তদুপৰি অন্যধৰণে  সক্ষমসকলৰ বাবে সহজ অভিগম্যতা নিশ্চিত কৰা হৈছে

W7s news,,,নতুন দিল্লী, মাৰ্চ, ২০২৪: হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড (এইচ এম আই এল)ৰ চি  এছ  আৰ শাখা হুণ্ডাই মটৰ ইণ্ডিয়া ফাউণ্ডেচনে (এইচ এম আই এফ) ইয়াৰ ফ্লেগশ্বিপ ‘আৰ্ট ফৰ হোপ’ পদক্ষেপৰ তৃতীয় সংস্কৰণত সমগ্ৰ ভাৰতৰ ২০টা অঞ্চলৰ ৪০ গৰাকী অনুদানপ্ৰাপ্তক সম্বৰ্ধনা জনোৱাৰ কথা ঘোষণা কৰিছে। অনুদানপ্ৰাপ্ত এইসকল বিভিন্ন গ্ৰুপৰ ভিতৰত গুৱাহাটীৰ ভিজুৱেল শিল্পী ধ্ৰুৱ পোদ্দাৰে চাৰিদিনীয়া আৰ্ট ফৰ হোপ অনুষ্ঠানত তেওঁৰ ‘হেং ইন দেয়াৰ’ ইন্টাৰেক্টিভ গেমেৰে উজলি উঠে।আৰ্ট ফৰ হোপে  সমগ্ৰ ভাৰতৰ শিল্পীসকলৰ উল্লেখযোগ্য প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ হিচাপে কাম কৰি, ভাৰতৰ চহকী পৰম্পৰাগত কলা, শিল্প আৰু সংস্কৃতিক লালন-পালন আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। ২৮-৩১ মাৰ্চ, ২০২৪ত  নতুন দিল্লীৰ ত্ৰিবেণী কলা সংগমত অনুষ্ঠিত কৰা হ’ব  আৰ্ট ফৰ হোপ - ৩য় ছিজন। এই চাৰিদিনীয়া প্ৰদৰ্শনী আৰু কৰ্মশালাত উদীয়মান শিল্পী, যুৱক-যুৱতী, মহিলা, সম্প্ৰদায় আৰু স্থানীয় প্ৰতিভাৰ বাবে এখন মঞ্চ প্ৰদান কৰা হৈছে, এই  সকলোবোৰ এইচ  এম  আই  এফ অনুদানৰ দ্বাৰা সমৰ্থিত।আৰ্ট ফৰ হোপ - ছিজন ৩ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটোৰ শোভা বঢ়ায় ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ (আই চি চি আৰ)ৰ সঞ্চালক প্ৰধান কুমাৰ তুহিন, বিখ্যাত কথক শিল্পী আৰু পদ্মশ্ৰী বঁটা বিজয়ী শ্ৰীমতী কমলিনী আৰু শ্ৰীমতী নলিনী আস্থানা, আৰু হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ এম ডি আৰু চি ই অ’ শ্ৰীযুত উন ছু কিমে। হুণ্ডাইৰ 'প্ৰগ্ৰেছ ফৰ হিউমেনিটি'ৰ বিশ্বব্যাপী দৃষ্টিভংগীৰ সৈতে সংযুক্ত হৈ, আৰ্ট ফৰ হোপে প্ৰতিভা আৰু সৃষ্টিশীলতা প্ৰদৰ্শন  কৰিব পৰাকৈ শিল্পীসকলক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ প্ৰদান কৰি শিল্পৰ ক্ষেত্ৰখনত প্ৰৱেশ গণতান্ত্ৰিক কৰি তুলিবলৈ আগ্ৰহী হৈ উঠিছে। দৃশ্য কলা, ডিজিটেল কলা, পৰিবেশ্য কলা, পৰম্পৰাগত লোকশিল্প, আৰু সাংস্কৃতিক সম্প্ৰদায়ৰ শিল্পকে ধৰি বিভিন্ন কলাত্মক ক্ষেত্ৰক সামৰি লৈছে এই  পদক্ষেপে।আৰ্ট ফৰ হোপ - ছিজন ৩ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ এম ডি এণ্ড চি ই অ’ মিষ্টাৰ উন ছু কিমে কয়, “হুণ্ডাইৰ গ্লবেল  ভিজন ‘প্ৰগেছ ফৰ হিউমেনিটি’ৰ অধীনত কাম কৰি আহিছে হুণ্ডাই  মটৰ ইণ্ডিয়া ফাউণ্ডেচনে, যিয়ে সেৱাৰ পৰা বঞ্চিত  লোকসকলৰ  বাবে  সুযোগ  আৰু  জীৱিকাৰ বিকল্প  সুবিধা  সৃষ্টিৰ  হকে  বিভিন্ন  ক্ষেত্ৰত  কাম  কৰি  আহিছে। কলা আৰু শিল্পীৰ প্ৰতি গভীৰ সন্মান জনাই আমি বিভিন্ন সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপন কৰিছো আৰু আৰ্ট ফৰ হোপৰ প্ৰথম দুটা সংস্কৰণত আমাৰ সংগ্ৰাহলয়ত  বিভিন্ন  সৃষ্টিৰাজি সংযোজন কৰো। এইবছৰ অধিক জীৱন সমৃদ্ধ কৰাৰ প্ৰয়াসেৰে আমি বিশেষভাৱে সক্ষম শিল্পীসকলক অন্তৰ্ভুক্ত কৰি আমাৰ পৰিসৰ বৃদ্ধি কৰিছো। নতুন দিশসমূহত  আমাৰ  দৃষ্টি নিৱদ্ধ ৰাখি আমি এনে অন্তৰ্ভুক্তিকৰণৰ শলাগ লৈছো। শিল্পীসকলে  আমাৰ  পৃথিৱীৰ  আভাস , আমি  চকুৰে  দেখি পোৱাৰ বাহিৰৰ  কথাবোৰ  উপস্থাপন  কৰে আৰু এই অনন্য দৃষ্টিভংগীৰ বাবেই   আমি সঁচাকৈয়ে হুণ্ডাইক প্ৰশংসা কৰোঁ।”২০২১ত মুকলি হোৱা আৰ্ট ফৰ হোপে ভাৰতৰ প্ৰতিখন ৰাজ্যকে  সামৰি  লৈছে আৰু ১০০ৰো অধিক শিল্পীক উপকৃত কৰিছে। যোৱা তিনি বছৰত এইচ  এম  আই  এফে ধাৰাবাহিকভাৱে কলা আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে উৎসৰ্গিত হৈ আহিছে, ১.০৫ কোটি টকাৰে ১০০টা অনুদান আগবঢ়াইছে আৰু ইয়াত কৰা সামগ্ৰিক বিনিয়োগৰ  পৰিমাণ ৫ কোটি  টকাৰ  সীমা  অতিক্ৰম  কৰিছে। এই পদক্ষেপে সমগ্ৰ দেশৰ ১১,০০০ৰো অধিক শিল্পী আৰু শিপিনীক উপকৃত কৰিছে। এক বিখ্যাত জুৰী পেনেলৰ নিখুঁত মূল্যায়ন প্ৰক্ৰিয়াৰ জৰিয়তে, প্ৰকল্পৰ ধাৰণা আৰু প্ৰভাৱ, শিল্পী পৰ্টফলিঅ', আৰু তেওঁলোকৰ নিজ নিজ পটভূমিৰ দৰে মাপকাঠীৰ ভিত্তিত আৰ্ট ফৰ হোপ - ছিজন ৩ৰ ৪৭০টা আবেদনৰ পৰা ৪০ গৰাকী শিল্পীৰ নাম চূড়ান্ত কৰা  হয়।এই পদক্ষেপৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে সামাজিক, আৱেগিক আৰু আৰ্থিক সহায়-সহযোগিতা লাভ কৰাৰ  লগতে তেওঁলোকে স্বীকৃতিৰ বাবেও এখন মঞ্চ লাভ কৰে, যিয়ে অধিক সুযোগ আৰু উজ্জ্বল ভৱিষ্যতৰ দিশত বজাৰ সংযোগৰ বাবে স্প্ৰিংবৰ্ড হিচাপে কাম কৰে। এই প্ৰদৰ্শনীত পৰম্পৰাগত কলা আৰু শিল্পকৰ্ম, চিত্ৰকলা, শিল্প ইনষ্টলেশ্যন, ফটোগ্ৰাফ আৰু পৰিবেশ্য কলাকে  ধৰি ৩০ গৰাকী শিল্পীৰ অনুদানৰ সহায়ত সৃষ্টি আৰু প্ৰস্তুত কৰা শিল্পকৰ্ম প্ৰদৰ্শন কৰা হ’ব। এইচ এম আই এফৰ ‘এবিলিটি ফৰ ডিগনিটি’ কাৰ্যসূচীৰ ১০ জন বিশেষভাৱে সক্ষম শিল্পীৰ কৰ্মৰাজিও প্ৰদৰ্শন  কৰা হ’ব।৪ দিনীয়া এই অনুষ্ঠানত অন্যধৰণে সক্ষম দৰ্শকৰ বাবে ব্ৰেইল, স্পৰ্শ কলাকৰ্ম আৰু সাংকেতিক ভাষাৰ ব্যাখ্যাৰ ব্যৱহাৰ কৰি অন্তৰ্ভুক্তিকৰণৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হ’ব।অনুদান প্ৰদৰ্শনীৰ উপৰিও যুৱক-যুৱতীসকলৰ বাবে কেলিগ্ৰাফী, মাস্ক মেকিং মোবাইল ফটোগ্ৰাফী, পৰম্পৰাগত চিত্ৰকলা আদিৰ দৰে একাধিক কৰ্মশালা আৰু আলোচনাৰো আয়োজন কৰা হ’ব। বিশ্বায়নৰ  পৃথিৱীত সাংস্কৃতিক  বহনক্ষমতা; সামাজিক পৰিৱৰ্তনৰ অনুঘটক হিচাপে অন্তৰ্ভুক্ত কলা আৰু শিল্পৰ প্ৰয়োজনীয়তা বিষয়সমূহৰ  ওপৰতো সাংস্কৃতিক আৰু সামাজিক খণ্ডৰ বিশিষ্ট বক্তাসকলেও পেনেল বৈঠকত মিলিত  হ’ব।৪ দিনীয়া এই উৎসৱৰ সময়ছোৱাত এইচ এম আই এফৰ দ্বাৰা সমৰ্থিত অভাৱগ্ৰস্ত পটভূমিৰ ৫০ গৰাকী যুৱ পৰিৱৰ্তনকাৰীৰ বাবে শেহতীয়াকৈ সমাপ্ত হোৱা ‘MyMobileMovie’ কৰ্মশালাৰ সময়ত নিৰ্মিত ১০খন শ্ৰেষ্ঠ ছবিৰ বিশেষ প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here