গুৱাহাটীৰ জিএছ ৰোডত নতুন শ্ব'ৰূম শেহনাই মুকলি কৰে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 17 March 2024

গুৱাহাটীৰ জিএছ ৰোডত নতুন শ্ব'ৰূম শেহনাই মুকলি কৰে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই


 

W7s news,,,গুৱাহাটী ১৭ মাৰ্চঃ গ্ৰাহকসকলৰ শেহতীয়া ফেশ্বন আৰু পৰম্পৰাগত সাজ-পোছাকৰ  প্ৰয়োজনীয়তা পূৰণ কৰাৰ লক্ষ্যৰে  শেহনাই আজি গুৱাহাটীৰ জি এছ ৰোডত দ্বিতীয়টো নতুন শ্ব'ৰূম মুকলি কৰে। সুৰেশ কুমাৰ হাৰলালকা, সুনীতা হাৰলালকা, ৰৌনক হাৰলালকা, খুশবু হাৰলালকা আৰু অন্যান্য গণ্যমান্য ব্যক্তিৰ উপস্থিতিত জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই এক্সক্লুছিভ শ্ব'ৰূমটো অনুষ্ঠানিক ভাবে উদ্বোধন কৰে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ডিম্পু বৰুৱাই এক্সক্লুছিভ শ্ব'ৰূমটোত উপলব্ধ হোৱা বিভিন্ন ডিজাইনৰ সাজ-পোছাকৰ  প্ৰশংসা কৰাৰ লগতে যিকোনো অনুষ্ঠানৰ বাবে চেহেনাইৰ সংগ্ৰহবোৰে পুৰুষৰ পোছাকৰ সম্পূৰ্ণ সমাধান প্ৰদান কৰিব।অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি শ্ব'ৰূমৰ স্বত্বাধিকাৰী ৰৌনক হৰলালকাই কয় যে গ্ৰাহকসকলৰ সোৱাদ আৰু পছন্দৰ প্ৰতি লক্ষ্য ৰাখি শেহনাই সাজ পোছাকত নতুনত্বৰ সংযোজন ঘটাইছে।গ্ৰাহক সকলৰ পৰা পোৱা সহাৰিৰ বাবে ব্যৱসায় সম্প্ৰসাৰণ ঘটোৱা হৈছে।এই নতুন শ্ব'ৰূম শেহনাই গ্ৰাহকক উচ্চ মানদণ্ডৰ পৰম্পৰাগত পোছাক নিম্নতম মূল্যত যোগান ধৰিব।ব্যতিক্ৰমী ডিজাইন, কাপোৰ আৰু ষ্টাইলৰ বাবে জনাজাত শেহনাই ইতিমধ্যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত পোছাকৰ গো-টু ব্ৰেণ্ড হৈ পৰিছে।পুৰুষৰ পৰম্পৰাগত পোছাকত এক বিশ্বস্ত আৰু প্ৰিমিয়াম ব্ৰেণ্ড হিচাপে শেহনাই গ্ৰাহকসকলক শেহতীয়া ফেশ্বন ট্ৰেণ্ড আৰু পৰম্পৰাগত পোছাক প্ৰদান কৰিবলৈ চেষ্টা কৰে। কাৰুশিল্পৰ প্ৰতি ব্ৰেণ্ডটো প্ৰতিশ্ৰুতি,দায়বদ্ধতা আৰু গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি কৰি উৎকৃষ্ট সেৱাই সমগ্ৰ অঞ্চলটোত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে বুলি হাৰলালকাই উল্লেখ কৰে।গুৱাহাটী জি এছ ৰোডৰ ডেভন কোৰ্টৰ চিটচোৰ ৰেষ্টুৰেণ্টৰ ওপৰত দ্বিতীয় মহলাত ২৫০০ বৰ্গ ফুটত গ্ৰাহকক আদৰিবলৈ  নতুন শ্ব'ৰূম  শেহনাই গঢ়ি তোলা হৈছে।নিম্নতম মূল্যত পুৰুষৰ শ্বেৰৱানিছ, কুৰ্তা ছেট, যোধপুৰী, ভাৰত-পশ্চিমীয়া পোছাক, জেকেট কুৰ্তা, চুইটছ, ব্লেজাৰ, ফেব্ৰিক, ষ্টিচিং আৰু আনুষঙ্গিক সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ পোছাক উপলব্ধ হৈছে আৰু গ্ৰাহকসকলে যিকোনো অনুষ্ঠানৰ বাবে উপযুক্ত পোছাক বিচাৰি পাব শ্ব'ৰূমটোত।  এটা চালৰ তলত পুৰুষৰ বাবে সকলো ধৰণৰ পোছাক উপলব্ধ কৰা হৈছে। হাৰলালকাই সকলো গ্ৰাহকক নতুন শ্ব'ৰূমলৈ যাবলৈ আৰু ব্যতিক্ৰমী সেৱাৰ বাবে জনাজাত  শেহনাই অভিজ্ঞতা ল'বলৈ আমন্ত্ৰণ জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here