গুৱাহাটীত 'অসম জুৱেলাৰী এস্ক্সপ' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 23 March 2024

গুৱাহাটীত 'অসম জুৱেলাৰী এস্ক্সপ'

 



W7s news গুৱাহাটী: শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছে অসম জুৱেলাৰী এক্স'প। এন চি ছাৰ্ভিছৰ উদ্যোগত আৰু নিখিল অসম স্বৰ্ণ শিল্পী সমিতি সন্থাৰ সহযোগত  গুৱাহাটীৰ আশী অপ্সৰাৰ বেনকুৱেট হ'লত আয়োজন কৰা এই  অসম জুৱেলাৰী এক্স'প অসম, দিল্লী , মুম্বাই , চেন্নাই, কলকাতাকে ধৰি দেশৰ বিভিন্ন  স্থানৰ পৰা অহা ৪০ খন বিপনীয়ে অংশ গ্ৰহণ কৰিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন থলুৱা গহণা এই এক্সপত   প্ৰদৰ্শন কৰা হৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলক থলুৱা গহণাখিনিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ‍্যলৈ অসমত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা

এই এক্স' পত   প্ৰতিখন ৰাজ্যৰ নিজৰ নিজৰ থলুৱা ডিজাইনবোৰ গহণা প্ৰদৰ্শন কৰিছে ।এই জুৱেলাৰী এক্স'পৰ জৰিয়তে ৰাজ্যখনৰ স্বৰ্ণ শিল্পী সকলে দেশৰ বিভিন্ন স্থানৰ স্বৰ্ণ শিল্পীৰ ডিজাইনবোৰৰ লগত পৰিচয় হব।  অত্যাধুনিক ডিজাইনৰ গহণা বনাবলৈ  যিবোৰ  অত্যাধুনিক মেচিনৰ অভাৱ সেই মেচিনবোৰৰ বিষয়ে জানিব পাৰিব। পৰৱৰ্তী সময়ত স্বৰ্ণ শিল্পী সকলে অত্যাধুনিক মেচিনবোৰ নিজৰ কামত ব্যৱহাৰ কৰিব পাৰিব। এই অনুষ্ঠানত এল গোপাল জুৱেলাৰীৰ স্বত্বাধিকাৰী ৰাম গোপালক স্বৰ্ণ খণ্ডত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়।উদ্বোধনী অনুষ্ঠানত কেইবাজনো স্বৰ্ণ ব্যৱসায়ৰ।সৈতে জড়িত সাজিদ আলম চৌধুৰীকে ধৰি

কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। জুৱেলাৰী খণ্ডত অভিজ্ঞতা সম্পন্ন জীৱন যোৰা সাধনা বঁটা প্ৰদান কৰা হয়।অসমৰ অলংকাৰৰ ব্যৱসায় যথেষ্ট ব্যাপক। নিখিল অসম স্বৰ্ণ শিল্পী সমিতিসাধাৰণ সম্পাদক


প্ৰশান্ত কুমাৰ ৰয়ে শলাগৰ শৰাই আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here