গুৱাহাটীত মহাসতী জয়মতী উৎসৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 27 March 2024

গুৱাহাটীত মহাসতী জয়মতী উৎসৱ

 



W7s news,,,গুৱাহাটী ,২৬ মাৰ্চ :  বৃহত্তৰ হেঙেৰাবাৰী সতী জয়মতী উৎসৱ উদ্যাপন সমিতিৰ উদ্যোগত অহা ৩১ মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে ভি আই পি ৰোডৰ ৰুদ্ৰসিংহ পথস্থিত ৰাজধানী টাই আহোম কলা - সংস্কৃতি বিকাশ কেন্দ্ৰত মহাসতী জয়মতী উৎসৱ উদযাপন কৰা হব । সিদিনা পূৱা ৯ বজাত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত ৯.৩০ বজাত মৈদাম তৰ্পণ, ১০.৩০ বজাৰ পৰা মাংগলিক অনুষ্ঠান অনুষ্ঠিত হব। তেনেদৰে দিনৰ ১১ বজাৰ পৰা ছাত্ৰ - ছাত্ৰীৰ মাজত দুটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হব। ইয়াৰে ক শাখাত প্ৰথমৰ পৰা চতুৰ্থলৈ আৰু খ শাখাত পঞ্চমৰ পৰা সপ্তম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ - ছাত্ৰীয়ে ভাগ লব পাৰিব। দূপৰীয়া অনুষ্ঠিত হবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়া উপস্থিত থাকিব ।  বিয়লি তিনি বজাৰ পৰা একক আৰু দলীয় শাখাত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। প্ৰতিযোগিতাত ১৫ বছৰ অনুৰ্ধ্ব সকলে ভাগ লব পাৰিব। তাৰ পাছত পাঁচ বজাৰ পৰা বৃহত্তৰ হেঙেৰাবাৰী মহিলা সকলে জগদীশ চন্দ্ৰ দাসৰ পৰিচালনাত মঞ্চস্থ কৰিব 'জেৰেঙাৰ সতী'  নামৰ নাটখন। সন্ধিয়া ৬ বজাত বঁটা বিতৰণী সভাৰ পাছত ৬.৩০ বজাত বন্তি প্ৰজ্বলনৰে এইবেলিৰ কাৰ্যসূচীৰ সামৰণি মৰা হব। আনহাতে উৎসৱৰ কাৰ্যসূচী সুচাৰুভাবে উদযাপন কৰিবলৈ সমাজসেৱিকা লনিমা মহনক সভানেত্ৰী, ৰেখা বৰগোহাঁইক কাৰ্যকৰী সভানেত্ৰী, ৰেণু বৰুৱাক সম্পাদিকা, হেমলতা চেতিয়া গগৈক সাংস্কৃতিক সম্পাদিকা, পুণ্য সন্দিকৈ বৰুৱাক ধন ভৰালী হিচাপে লৈ এখন কাৰ্যকৰী সমিতি গঠন কৰা হৈছে। সমিতিয়ে সিদিনাৰ মহাসতী জয়মতী উৎসৱৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here