W7s news,,,,গুৱাহাটীঃ জে ই ই মেইন ২০২৪ৰ ছেছন ৱানৰ ফলাফলত গুৱাহাটীৰ ফিজিক্সৱালাৰ অফলাইন বিদ্যাপীঠ চেণ্টাৰৰ পৰা তনুজ কাটেলে ৯৯.১৯ পাৰ্চেন্টাইল লাভ কৰিবলৈ সক্ষম হৈছে ।ভাৰতৰ আগশাৰীৰ এড-টেক প্লেটফৰ্ম ফিজিক্সৱালাই (পি ডব্লিউ) অলপতে ঘোষণা কৰে ইয়াৰ সামগ্ৰিক জে ই ই মেইন ২০২৪ৰ ফলাফল, য'ত ইয়াৰ ২,৯০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ৯৮ পাৰ্চেন্টাইলৰ ওপৰত নম্বৰ লাভ কৰাৰ বিপৰীতে ইয়াৰ ৫০৭ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে আকৰ্ষণীয় ৯৯.৫ পাৰ্চেন্টাইল লাভ কৰে, যিটো প্লেটফৰ্মৰ ইতিহাসত সৰ্বকালৰ সৰ্বোচ্চ। ১১৯৪ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে ৯৯ পাৰ্চেন্টাইল। এই ফলাফলসমূহ শিক্ষণৰ এক সংহত পদ্ধতিৰ জৰিয়তে সহজ কৰি তোলা হৈছে, য'ত ইয়াৰ অফলাইন আৰু অনলাইন প্লেটফৰ্মসমূহ একত্ৰিত কৰি এক বিস্তৃত শৈক্ষিক অভিজ্ঞতা প্ৰদান কৰা হয়।পি ডব্লিউৰ অফলাইন চি ই অ’ অংকিত গুপ্তাই কয়, "আমাৰ বিদ্যাপীঠ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে ইমান উচ্চ পাৰ্চেন্টাইল লাভ কৰা দেখি আমি গৌৰৱবোধ কৰিছো। শিক্ষাৰ্থীসকলৰ এনে ফলাফলে আমি যে সঠিক পথত আগবাঢ়িছো সেই কথা আশ্বস্ত কৰে। অক্লান্তভাৱে কঠোৰ পৰিশ্ৰম কৰি অপৰিসীম চেষ্টা কৰা সকলো শিক্ষককে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে, তেওঁলোকৰ লগত থাকি আমি অধিক কষ্ট কৰি যাম ।”সম্প্ৰতি দেশজুৰি ৪৯ খন চহৰত ফিজিক্সৱালাৰ (পি ডব্লিউ) ৭৫টা বিদ্যাপীঠ কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে, যিয়ে ১.৫ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীক সেৱা আগবঢ়াই আছে। এই কেন্দ্ৰসমূহ ২০২২ চনৰ পৰা আৰম্ভ কৰি এবছৰৰ ভিতৰত স্থাপন কৰা হৈছিল, য’ত জে ই ই/নীটৰ বাবে এক বিস্তৃত পাঠ্যক্ৰম আগবঢ়োৱা হয়।
No comments:
Post a Comment