গুৱাহাটীৰ লালগণেশত লেকমি চেলুনৰ ট্ৰেণ্ডছেটিং সেৱা মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 February 2024

গুৱাহাটীৰ লালগণেশত লেকমি চেলুনৰ ট্ৰেণ্ডছেটিং সেৱা মুকলি


 

W7s newsগুৱাহাটী, ১৭ ফেব্ৰুৱাৰীঃ ভাৰতৰ প্ৰথম আৰু আগশাৰীৰ সৌন্দৰ্য আৰু সুস্থতা চেলুন শৃংখলা লেকমি চেলুনে তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ এক অংশ হিচাপে গুৱাহাটীৰ লালগণেশত মুকলি কৰে নতুন ইউনিচেক্স চেলুন।১৭৫০ বৰ্গফুটত গঢ়ি তোলা এই ইউনিচেক্স চেলুনত সৌন্দৰ্য আৰু সাজ-সজ্জাৰ  চুলি যত্ন, মেকআপ, ছালৰ যত্ন, নখ আৰু হাত,  ভৰিৰ সকলো সেৱা প্ৰদান উপলব্ধ হৈছে। ৪০ বছৰতকৈও অধিক উদ্যোগৰ নেতৃত্ব আৰু সমগ্ৰ দেশৰ ১৬০ খন চহৰত স্থাপিত  আগশাৰীৰ আৰু সৰ্ববৃহৎ চেলুন শৃংখলাৰ পেছাদাৰী বিশেষজ্ঞসকলে আধুনিক ভাৰতীয় উপভোক্তাসকলৰ বাবে লেকমি ফেশ্বন সপ্তাহৰ ৰেম্পৰ পৰা বেকষ্টেজৰ জ্ঞান আৰু ৰানৱেৰ ৰহস্য সতেজ কৰি তোলে।ট্ৰেণ্ডছেটিং সেৱা বিছৰা লালগণেশৰ বাসিন্দা সকলক সেই সেৱা প্ৰদান কৰাৰ লক্ষ্য বান্ধি লৈছে চেলুন খনে।  ইয়াৰ উপৰিও ছাল, মেক-আপ আৰু চুলিৰ লগতে লেকমি চেলুনৰ বিশেষজ্ঞ দলে কইনা আৰু কইনাৰ বন্ধু-বান্ধৱৰ বাবে উপযুক্ত ব্ৰইডেল সেয়াও আগবঢ়াব। ভাৰতৰ ৰানৱে বিশেষজ্ঞসকলৰ দ্বাৰা ষ্টাইল কৰাৰ উপৰিও অত্যাধুনিক চেলুনে গ্ৰাহকসকলক সামগ্ৰিক সৌন্দৰ্য সেৱা প্ৰদান কৰিব। গ্ৰাহকসকলক উপযুক্ত সেৱা প্ৰদান কৰিবলৈ লেকমি চেলুনত উপলব্ধ হৈছে  ডাৰ্মালোজিকা, শ্বাৰ্জকোপফ প্ৰফেচনেল, কে৯ মিল্কশ্বেক, মৰোক্কান অইল আদিৰ দৰে আগশাৰীৰ আৰু শ্ৰেষ্ঠ-শ্ৰেণীৰ গোলকীয় ব্ৰেণ্ড।উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি লেকমি  লিভাৰৰ মুখ্য কাৰ্যবাহী বিষয়া  বিপুল চতুৰ্বেদীয়ে কয় যে লেকমি চেলুনে অসমৰ লালগণেশত মুকলি হোৱাৰ পিছতে দৈনন্দিন জীৱনক ৰানৱেৰ দৰে আকৰ্ষণীয় কৰি তোলাৰ ক্ষেত্ৰত মাইলৰ খুটি হৈ পৰিব। চাৰি দশক জুৰি এক উত্তৰাধিকাৰৰ সৈতে লেকমি ফেশ্বন সপ্তাহৰ বেকষ্টেজ দলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত আমাৰ বিশেষজ্ঞসকলে মানদণ্ডৰ সেৱা প্ৰদান কৰিবলৈ সাজু হৈছে। আমাৰ ফ্ৰেঞ্চাইজি অংশীদাৰ সৌৰভ মোৰৰ সৈতে  প্ৰতিশ্ৰুতিবদ্ধ আৰু সকলোকে তেওঁলোকৰ  অপ্ৰত্যাশিত আত্মাত আত্মবিশ্বাসী কৰি তুলিবলৈ সক্ষম হম।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here