W7s news,,,,গুৱাহাটী ২০ ফেব্ৰুৱাৰী: চাণক্য আইএছ একাডেমীয়ে এপিএছচি ২০২৩ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ্থীৰ বাবে বিনামূলীয়া ছেমিনাৰৰ আয়োজন কৰে। এই ছেমিনাৰত আগন্তুক পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কীয় আলোচনা কৰাৰ লগতে পৰীক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়োৱা হয়।এই ছেমিনাৰত উপস্থিত থাকে এপিএছচি চিচিই ২০২২ পৰীক্ষাত পঞ্চম স্থান দখল কৰা(এচিএছ) বিভূতি সন্দিকৈ, ৯২সংখ্যক(অসম বিত্তীয় সেৱা) স্থান দখল কৰা দীক্ষা সৰকাৰ আৰু ১৪৮সংখ্যক(অসম বিত্তীয় সেৱা) স্থান দখল কৰা মৌপ্ৰিয়া গায়ন আৰু চাণক্য আইএছ একাডেমীৰ সঞ্চালক ওৱেছিচ আলী ভাট। আজি ছেমিনাৰত ভাগ লোৱা চাণক্য আইএছ একাডেমীৰ ফাউণ্ডেচন বেটছৰ তিনিওগৰাকী সফল শিক্ষাৰ্থীয়ে এপিএছচি ২০২৩ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় বিভিন্ন কিটিপ আগবঢ়োৱাৰ লগতে পূৰ্বৰ পৰীক্ষাৰ সফলতা আৰু নিজৰ অভিজ্ঞতাৰ বিষয়ে সহজ ভাষাত ব্যাখ্যা কৰে। এই ছেমিনাৰত এপিএছচিৰ আগন্তুক পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা যথেষ্ট সংখ্যক পৰীক্ষাৰ্থী উপস্থিত থাকে আৰু এপিএছচি চিচিই ২০২২ৰ সফল প্ৰাৰ্থীসকলক সমুখৰ পৰা লগ পোৱাৰ আৰু অভিজ্ঞতা অনুভৱ কৰাৰ সুযোগ লাভ কৰে। এই অনুষ্ঠানতে ১৯ মাৰ্চত ইউপিএছচি/এপিএছচি ২০২৪ পৰীক্ষাৰ বাবে অসমভিত্তিত স্কলাৰশ্বিপ টেষ্টৰ আয়োজনৰ লগতে ১০০% নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীয়ে চাণক্য আইএছ একাডেমীত স্কলাৰশ্বিপ লাভৰ কথা ঘোষণা কৰে সঞ্চালক ওৱেছিচ আলী ভাটে। অধিক জানিবলৈ আগ্ৰহীসকলে ৭৩০৩৭৬৩৮৪৯ নম্বৰত যোগাযোগ কৰিব পাৰে।
Post Top Ad
Responsive Ads Here
Tuesday, 20 February 2024

Home
-গুৱাহাটী
এপিএছচি ২০২৩ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ্থীৰ বাবে চাণক্য আইএছ একাডেমীৰ ছেমিনাৰ আয়োজন, ১০০% বিনামূলীয়া জলপানিৰ ঘোষণা
এপিএছচি ২০২৩ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ্থীৰ বাবে চাণক্য আইএছ একাডেমীৰ ছেমিনাৰ আয়োজন, ১০০% বিনামূলীয়া জলপানিৰ ঘোষণা
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment