সতেজ প্ৰতিভা সন্ধানৰ সুন্দৰ মঞ্চ খেলো ইণ্ডিয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 24 February 2024

সতেজ প্ৰতিভা সন্ধানৰ সুন্দৰ মঞ্চ খেলো ইণ্ডিয়া

 


গুৱাহাটীত প্ৰতিভা বিচাৰি আহিছে দক্ষিণ আফ্ৰিকাৰ ৰাগবী প্ৰশিক্ষক কিয়ানো ফৌৰী


গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী ঃ গুৱাহাটীত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছলৈ বিদেশী খেলুৱৈৰ লগতে বিদেশী প্ৰশিক্ষকো আহিছে৷ নতুন প্ৰতিভাৰ সন্ধানত গুৱাহাটীলৈ আহিছে দক্ষিণ আফ্ৰিকাৰ ৰাগবী প্ৰশিক্ষক কিয়ানো ফৌৰী৷ ২০২২ চনত প্ৰথমবাৰৰ বাবে বিহাৰৰ ৰাগবী দলৰ প্ৰশিক্ষক হিচাপে ভাৰতলৈ অহা ফৌৰী এতিয়া ভুৱনেশ্বৰস্থিত ৰাগবী ইণ্ডিয়াৰ হাই-পাৰফৰ্মেন্স চেণ্টাৰৰ প্ৰশিক্ষক হিচাপে যোগ দিছে৷


গুৱাহাটীত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ প্ৰতিখন খেল তীক্ষ্ণ দৃষ্টিৰে নিৰক্ষণ কৰা  দক্ষিণ আফ্ৰিকাৰ ৰাগবী প্ৰশিক্ষকজনে খেলুৱৈসকলৰ শক্তি আৰু দুৰ্বলতাৰ বিষয়ে ইতিমধ্যে প্ৰতিবেদনো প্ৰস্তুত কৰিছে৷ ফৌৰীৰ লক্ষ্য হ’ল এই গেমছৰ পৰা প্ৰতিভা চিনাক্ত কৰি পৰৱৰ্তী সময়ত জাতীয় দলৰ বাবে নতুন খেলুৱৈক সাজু কৰা৷


‘ভাৰতত ৰাগবীৰ প্ৰতিভা আছে যদিও এতিয়াও খেলবিধে প্ৰতিভাৰ মূল্যায়ন আৰু সম্ভাৱনা লাভ কৰিব পৰা নাই৷ আমাৰ লক্ষ্য হৈছে আশাব্যঞ্জক খেলুৱৈ চিনাক্ত কৰা আৰু প্ৰতিযোগিতাত ব্যতিক্ৰমী প্ৰদৰ্শন কৰা বিশ্ববিদ্যালয়সমূহৰ ওচৰলৈ যোৱা৷ বিশেষকৈ শিশুসকলৰ মাজত ৰাগবীৰ প্ৰতি সজাগতা আৰু খেলত অধিক অংশগ্ৰহণ প্ৰক্ৰিয়াটো বৃদ্ধি কৰিলে আত্মবিশ্বাস বাঢ়িব৷ আনহাতে, যুৱক-যুৱতীসকলৰ মাজতো এই খেলবিধৰ আনন্দ গভীৰ হ’ব৷ খেলো ইণ্ডিয়াৰ দৰে উচ্ছ পৰ্যায়ৰ মঞ্চই স্বাভাৱিকতে যুৱ খেলুৱৈসকলক গুৰুত্বপূৰ্ণ পৰিচয় প্ৰদান কৰিব৷ তদুপৰি এই খেলুৱৈসকলক প্ৰশিক্ষণ দিলে ৰাগবিৰ তৃণমুল স্তৰতোও শক্তিশালী হ’ব৷’ দক্ষিণ আফ্ৰিকাৰ প্ৰশিক্ষকগৰাকীয়ে কয়৷


ফৌৰীয়ে আঙুলিয়াই দিয়ে যে ভাৰত এক সুন্দৰ পক্ৰিয়াৰ মাজেৰে জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় স্তৰত প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ সেয়ে প্ৰতিভা লুকাই নাথাকে৷ ‘বৰ্তমান আমাৰ মনোযোগ বিশ্ববিদ্যালয় পৰ্যায়ত৷ বিশেষকৈ খেলো ইণ্ডিয়াত অংশ লোৱা প্ৰতিভা মূল্যায়নৰ ওপৰত আমি গুৰুত্ব দিছো৷ আমি পৰীক্ষা কৰিছো খেলাৰ শৈলী, দক্ষতাৰ স্তৰ আৰু সামগ্ৰিকভাবে খেলুৱৈজন আমাৰ উদ্দেশ্য অনুসৰি এটা স্তৰ লাভ কৰিছে নে নাই৷ এই প্ৰক্ৰিয়াত উপনীত হোৱাৰ ক্ষেত্ৰত আমি আমাৰ প্ৰচেষ্টাৰ ফলপ্ৰসূতাও মূল্যায়ন কৰি আছো৷ আমি বিশ্ববিদ্যালয় পৰ্যায়ৰ খেলুৱৈসকলক উৎকৃষ্ট হ’বলৈ আৰু এগৰাকী সফল ৰাগবী খেলুৱৈ হিচাপে গঢ়ি তুলিবলৈ অধিক উন্নত প্ৰশিক্ষণ দিয়াৰ দিশত কাম কৰিম৷’ ফৌৰীয়ে কয়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here