ষ্টাৰ চিমেণ্ট চেৰিটেবল ট্ৰাষ্টে মুকলি কৰিছে "ষ্টাৰ উপবন" প্ৰকল্প - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 3 January 2024

ষ্টাৰ চিমেণ্ট চেৰিটেবল ট্ৰাষ্টে মুকলি কৰিছে "ষ্টাৰ উপবন" প্ৰকল্প

 


W7s news গুৱাহাটী::


"ষ্টাৰ উপবন" প্ৰকল্পৰ উদ্বোধনী কাৰ্যসূচী হিচাপে আজি নেডফি প্ৰেক্ষাগৃহত ষ্টাৰ চিমেণ্ট লিমিটেড, ডিমৰীয়া কলেজ আৰু ডাফোডিল কলেজ অৱ হৰ্টিকালচাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই প্ৰকল্পৰ অধীনত, নাৰ্চাৰী বা পুলিবাৰী খণ্ডটোত দক্ষতা বিকাশৰ জৰিয়তে উৎসাহী যুৱক-যুৱতীসকলে জীৱিকা অৰ্জন কৰাৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰাৰ অৰ্থে এক উদ্যমিতা বিকাশ কাৰ্যসূচী আৰম্ভ কৰা হ'ব।

এই কাৰ্যসূচীত অসম চৰকাৰৰ পৰিৱেশ আৰু বন, এক্ট ইষ্ট নীতি পৰিক্ৰমা, সংখ্যালঘু কল্যাণ দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত চন্দ্ৰ মোহন পাটোৱাৰী উপস্থিত থাকে। ষ্টাৰ চিমেণ্টৰ বিষয়ববীয়াসকল, লক্ষ্য কৰি লোৱা হিতাধিকাৰীসকল, কল্যাণ আৰু উন্নয়ন সমিতিৰ প্ৰতিনিধিবৰ্গ, সোনাপুৰ সাহিত্য সভা, নাগৰিক মঞ্চ, স্থানীয় ৰাইজ, যুৱ সংগঠনসমূহৰ প্ৰতিনিধিসকলে এই কাৰ্যসূচীত যোগদান কৰে। মাননীয় মন্ত্ৰীগৰাকীয়ে অসম বধিৰ সন্থাৰ ২৫ গৰাকী ছোৱালীৰ সৈতে দক্ষতা নিৰ্মাণ তথা জীৱিকা কাৰ্যসূচী ৰূপায়ণৰ এক প্ৰকল্প তেজস্বিনীও মুকলি কৰে যাৰ অধীনত তেওঁলোকে বিভিন্ন জনজাতি আৰু সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাকসমূহ প্ৰস্তুত কৰিব। ষ্টাৰ চিমেণ্টৰ সহযোগত ইণ্ডিয়ান ডীফ এছ'চিয়েচন - অসম খণ্ডৰ অধ্যক্ষ শ্ৰীযুত মুকুল দত্ত মহোদয়ে এই কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰিব। 

এই উপলক্ষ্যে বক্তব্য দাঙি ধৰি ষ্টাৰ চিমেণ্ট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত বিনীত কুমাৰ তিৱাৰীয়ে কয়, "যিকোনো অৰ্থনীতিৰ ক্ষেত্ৰত কৰ্মসংস্থান সৃষ্টি কৰিবৰ বাবে শিক্ষা আৰু প্ৰশিক্ষণ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। দক্ষতাৰ অভাৱসমূহ দূৰ কৰা আৰু উদ্যমিতাৰ মনোভাৱক সমৰ্থন কৰাটো কেৱল চহৰাঞ্চলৰ বাবেই নহয়, গ্ৰাম্য অঞ্চলসমূহৰ বাবেও অতি গুৰুত্বপূৰ্ণ। ষ্টাৰ চিমেণ্টত, আমি যিসকল ৰাইজৰ মাজত কাম কৰোঁ, তেখেতলোকৰ সামাজিক তথা অৰ্থনৈতিক বিকাশত সক্ৰিয়ভাৱে অৰিহণা যোগোৱাটো হৈছে আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। এই 'ষ্টাৰ উপবন' প্ৰকল্পৰ জৰিয়তে পৰ্যাপ্ত সাহায্য, সামগ্ৰী তথা সেৱাৰ পৰা বঞ্চিত লোকসকলৰ ওপৰত পৰা দৰিদ্ৰতাৰ বোজা পাতল কৰি আমি অন্তৰ্ভুক্তিমূলক বিকাশৰ পৃষ্ঠপোষকতাৰ প্ৰয়াস কৰিছোঁ। এই কাৰ্যৰ জৰিয়তে, সমাজৰ দুৰ্বল তথা উপান্ত শ্ৰেণীটোৰ বাবে এক উন্নত, বহনক্ষম জীৱনৰ পথ গঢ়ি তোলা হ'ব। এই দীৰ্ঘম্যাদী, পৰিৱৰ্তনশীল সমাধান ব্যৱস্থা আগবঢ়োৱাটো হৈছে আমাৰ চি.এছ.আৰ. উদ্দেশ্য যি পৰিৱৰ্তনশীল সময়ৰ মাজত এই লোকসকলক উন্নতি সাধন কৰিবলৈ ক্ষমতা প্ৰদান কৰে।" 

ষ্টাৰ চিমেণ্ট লিমিটেডৰ মুখ্য সঞ্চালন বিষয়া শ্ৰীযুত প্ৰদীপ পুৰোহিতে কয়, "ষ্টাৰ উপবন' প্ৰকল্পৰ জৰিয়তে আমি কৰ্মসংস্থান সৃষ্টি আৰু অৰ্থনৈতিক প্ৰগতি সক্ষমিত কৰি যুৱক-যুৱতীসকলক চাকৰি আৰু উদ্যোগমূলক সুযোগ দুয়োটাৰ বাবে অনুপ্ৰাণিত তথা সুসজ্জিত কৰাৰ লক্ষ্য ৰাখিছোঁ। এই কাৰ্যসূচীৰ অধীনত প্ৰায় ৫০ গৰাকী যুৱক-যুৱতীক সামৰি লোৱা হ'ব য'ত যুৱক-যুৱতীসকলক এমাহৰ বাবে ডাফোডিল কলেজ অৱ হৰ্টিকালচাৰ আৰু ডিমৰীয়া কলেজৰ জৰিয়তে নাৰ্চাৰী বা পুলিবাৰী বিকাশৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত, আগ্ৰহী যুৱক-যুৱতীসকলক বিনামূলীয়াকৈ নাৰ্চাৰী বিকাশৰ বাবে প্ৰয়োজনীয় সকলো সঁজুলিৰে সহায় কৰা হ'ব।"

এই অনুষ্ঠানটোত ষ্টাৰ চিমেণ্টৰ মুখ্য নিৰ্মাণ বিষয়া শ্ৰীসুন্দৰম শ্ৰীনিবাসনও উপস্থিত থাকে, তেওঁ লগতে কয়, "আমি যিসকল লোকৰ মাজত সেৱা আগবঢ়াইছো আৰু এই শক্তি-সামৰ্থৰ বিনিময় চলাই আছোঁ তেওঁলোকক সহায় কৰাটো আমাৰ বাবে এক আনন্দৰ বিষয়। জনসাধাৰণৰ বাবে আন্তঃগাঁথনি সমৰ্থনেই হওক বা কেতবোৰ দক্ষতা কেন্দ্ৰ প্ৰদান কৰাই হওক যি ৰূপতে নহওক কিয়, ষ্টাৰ চিমেণ্টে যিসকল লোকৰ মাজত কাম কৰে সেই সমাজ তথা গাওঁবোৰৰ উন্নতিৰ বাবে ই দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ।"

এই সাহায্য লক্ষ্য কৰি লোৱা হিতাধিকাৰীসকলক এক বছৰৰ বাবে প্ৰদান কৰা হ'ব, তাৰ ভিতৰত আছে ভূমি প্ৰস্তুতি, নাৰ্চাৰী বিকাশৰ ওপৰত এমাহৰ প্ৰশিক্ষণ, নাৰ্চাৰী বিকাশৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ বিনামূলীয়াকৈ প্ৰদান কৰা ইত্যাদি। এই খৰচ চি.এছ.আৰ. পদক্ষেপৰ অধীনত ষ্টাৰ চিমেণ্টে বহন কৰিব আৰু ডাফোডিল নাৰ্চাৰীৰ লগতে ডিমোৰিয়া কলেজৰ তৰফৰ পৰা কাৰিকৰী সাহায্য তথা নিৰ্দেশনা প্ৰদান কৰা হ'ব। এই প্ৰকল্পটোৰ নাম “ষ্টাৰ উপবন” ৰখা হৈছে।

ষ্টাৰ চিমেণ্ট লিমিটেড হৈছে উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ চিমেণ্ট কোম্পানী আৰু পশ্চিম বংগ তথা বিহাৰত অতি দ্ৰুতগতিত বিকশিত হোৱা চিমেণ্ট ব্ৰেণ্ডবোৰৰ ভিতৰত অন্যতম, যি ভাৰতীয় নিৰ্মাণ উদ্যোগত এক শক্তিশালী খোপনি সাব্যস্ত কৰিছে। ষ্টাৰ চিমেণ্ট লিমিটেডে উন্নত-মানদণ্ডৰ চিমেণ্ট আৰু সুলভ মূল্য প্ৰদান কৰাৰ বাবে অঞ্চলটোৰ আটাইতকৈ স্বীকৃত ব্ৰেণ্ড হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।

সামৰ্থতাৰ ফালৰ পৰা, ষ্টাৰ চিমেণ্টৰ বৰ্তমান বছৰি সৰ্বমুঠ 5.7 নিযুত টন পৰিমাণৰ ইনষ্টল ক্ষমতা আছে। গুৱাহাটী গ্ৰাইণ্ডিং গোটটোৰ সম্প্ৰসাৰণৰ লগে লগে, এই ক্ষমতা বছৰি 7.7 নিযুত টনলৈ বৃদ্ধি হ'ব আৰু বিত্তীয় বৰ্ষ 25-ত আমাৰ শিলচৰ প্ৰকল্পটোৰ যোগেদি এই সৰ্বমুঠ ক্ষমতা বছৰি 9.7 নিযুত টন হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here